ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে

ভাৰতত ৫ বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE–য়ে। সৰবৰাহ আৰু পেট্ৰ’লিয়াম মজুতক লৈ গুৰুত্বপূৰ্ণ চুক্তি। পাঁচদেশীয় ভ্ৰমণসূচী লৈ দিল্লীৰ পৰা যাত্ৰা কৰা প্ৰধানমন্ত্ৰী মোদীয়ে শুকুৰবাৰে উপস্থিত হয় সংযুক্ত আৰব আমিৰশ্বাহীত। তলনামুলকভাৱে চমু ভ্ৰমণসুচীত প্ৰধানমন্ত্ৰী মোদীয়ে সাক্ষাৎ কৰে UAEৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েৰ আল নাইয়ানৰ সৈতে বৈঠকত মিলিত হয়। দুই ৰাষ্ট্ৰ নেতাৰ মাজত বিভিন্ন আলোচনা হোৱাৰ উপৰি বিশ্বজুৰি ইন্ধনৰ হাহাকাৰৰ মাজতে দুখন ডাঙৰ MoU স্বাক্ষৰ। MoUৰ মতে দীৰ্ঘম্যাদী LPG সৰবৰাহ নিশ্চত কৰিব UAE-য়ে। যুদ্ধকালীল সময়ত ভাৰতত LPGৰ নাটনি নোহোৱাটো নিশ্চিত হ’ব।

মধ্যপ্ৰাচ্যৰ যুদ্ধৰ বাবে ইন্ধনৰ নাটনিয়ে অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি কৰিছে। ভাৰত বিশ্বৰ দ্বিতীয় বৃহৎ LPG ক্ৰেতা। সেয়ে যুদ্ধই ভাৰতক অতি বেছি প্ৰভাবিত কৰিছে। এনে এক পৰিৱেশৰ মাজতে প্ৰধানমন্ত্ৰীয়ে দেশত LPGৰ নাটনি দুৰ কৰা আৰু পেট্ৰলিয়ামৰ ভাণ্ডাৰ বৃদ্ধিৰ বাবে UAE-ৰে বুজাবুজি চুক্তি কৰিছে।

প্ৰতিৰক্ষাৰ ক্ষেত্ৰতো দুই দেশৰ মাজত আলেচনা। বাণিজ্য, নিৰাপত্তা, বিনিয়োগক লৈ আলোচনা। দেশৰ আন্তঃগাঁঠনিৰ উন্নয়নত ৫বিলিয়ন ডলাৰ বিনিয়োগ কৰিব UAE-য়ে। গুজৰাটৰ ভাদিনাৰত জাহাজ মৰামতি কেন্দ্ৰ স্থাপনতো সহয়োগ কৰিব UAE-য়ে।

আলোচনাত প্ৰধানমন্ত্ৰী যুদ্ধত UAE লক্ষ্য হোৱাত লৈ উদ্বিগ্নতা প্ৰকাশ কৰে। শুকুৰবাৰে দিনৰ প্ৰায় দুই বজাত আবু ধাবি বিমানবন্দৰত অৱতৰণ কৰে প্ৰধানমন্ত্ৰীয়ে। বিমানবন্দৰতে গাৰ্ড অব অনাৰ দিয়া হয় প্ৰধানমন্ত্ৰীক। তাৰ পিছতে ৰাষ্ট্ৰপতি ভৱনত দুয়ো ৰাষ্ট্ৰনেতা বৈঠক অনুষ্ঠিত হয়। এই বৈঠকৰ পৰাই প্ৰধানমন্ত্ৰীয়ে মধ্যপ্ৰাচ্যত শান্তি স্থাপনৰ বাবে আহ্বান জনায়। হৰমুজ মুকলিৰো আশা প্ৰকাশ কৰে প্ৰধানমন্ত্ৰীয়ে। শুকুৰবাৰে পাঁচ দেশীয় ভ্ৰমণসচীৰে প্ৰধানমন্ত্ৰী যাত্ৰা আৰম্ভ কৰে। UAEৰ পৰা মোদী যাব নেদাৰলেণ্ড, ছুইডেন, নৰৱে আৰু ইটালীলৈ।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...