গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ পিছতে ঈদ উদযাপনৰ বাবে সাজু ইছলাম সম্প্ৰদায়ৰ লোকসকল। শুকুৰবাৰে ঈদ উপলক্ষে গুৱাহাটীৰ বজাৰতো দেখিবলৈ পোৱা গ’ল গ্ৰাহকৰ ব্যাপক ভিৰ। কলকাতা, বানাৰাসৰ ছেৱৈ আৰু ছৌদি আৰৱ, ইৰাকৰ খেজুৰেৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। মুঠৰ ওপৰত ঈদক লৈ এতিয়া প্ৰস্তুতি তুংগত। কিন্তু আপুনি বাৰু জানেনে গুৱাহাটীৰ মছজিদ আৰু ঈদগাহত কেতিযা হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ? তলত উল্লেখ কৰা হ’ল গুৱাহাটীৰ ভিন্ন স্থানত থকা মছজিদ আৰু ঈদগাহৰ ঈদ-উল-ফিটৰৰ নামাজৰ সময়।

গাড়ীগাঁও ঈদগাহ ময়দানঃ পুৱা ৯বজাত
জালুকবাৰী ঈদগাহ ময়দানঃ পুৱা ৯বজাত
মাছখোৱা ঈদগাহ ময়দানঃপুৱা ৯:৩০ বজাত
আমবাৰী বুঢ়া জামে মছজিদ:পুৱা ৮:৩০ আৰু ১০ বজাত
ইছলামপুৰঃ পুৱা ৯:৩০ বজাত
হাতীগাঁও-সিজুবাৰী ঈদগাহ ময়দান: পুৱা ৮:৩০ বজাত
পাঞ্জাবাৰী ঈদগাহ-মছজিদ : পুৱা ৮ বজাত
খানকাহ: পুৱা ৬ বজাত
দক্ষিণগাঁও শ্বাহী জামে মছজিদঃ পুৱা ৮বজাত
দক্ষিণগাঁও বুঢ়া জামে মছজিদঃ পুৱা ৮.৩০ বজাত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

৩০ মাৰ্চত গুৱাহাটীত ৰাজস্থান ৰয়েলছ-চেন্নাই ছুপাৰ কিংছৰ IPL মেচ

শিক্ষাৰ্থী-দৰ্শকৰ সুবিধাৰ বাবে উজান বজাৰৰ ব্ৰহ্মপুত্ৰৰ পাৰত টিকট কেন্দ্ৰ...

৭৯৯ টকাতে আই পি এলৰ টিকট…

গুৱাহাটীত আসন্ন আই পি এলৰ তিনিখন হাইভল্টেজ মেচ খেলিব...

পদ্মশ্ৰী হেলি ৱাৰ আৰু সমাজকৰ্মী প্ৰসাদ অগ্নিহোত্ৰীক USTMত সমাজসেৱা উৎকৃষ্টতা বঁটা প্ৰদান

USTMৰ ছ'চিয়েল ৱৰ্ক বিভাগে বিশ্ব সমাজকৰ্ম দিৱস ২০২৬ উপলক্ষে...

কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...