গুৱাহাটীৰ ক’ত, কেতিয়া অনুষ্ঠিত হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ?

কাইলৈ ইছলাম ধৰ্মালম্বী লোকৰ পবিত্ৰ ঈদ-উল-ফিটৰ। আকাশত জোন দেখাৰ পিছতে ঈদ উদযাপনৰ বাবে সাজু ইছলাম সম্প্ৰদায়ৰ লোকসকল। শুকুৰবাৰে ঈদ উপলক্ষে গুৱাহাটীৰ বজাৰতো দেখিবলৈ পোৱা গ’ল গ্ৰাহকৰ ব্যাপক ভিৰ। কলকাতা, বানাৰাসৰ ছেৱৈ আৰু ছৌদি আৰৱ, ইৰাকৰ খেজুৰেৰে ভৰি পৰিছে গুৱাহাটীৰ বজাৰ। মুঠৰ ওপৰত ঈদক লৈ এতিয়া প্ৰস্তুতি তুংগত। কিন্তু আপুনি বাৰু জানেনে গুৱাহাটীৰ মছজিদ আৰু ঈদগাহত কেতিযা হ’ব পবিত্ৰ ঈদ-উল-ফিটৰৰ নামাজ? তলত উল্লেখ কৰা হ’ল গুৱাহাটীৰ ভিন্ন স্থানত থকা মছজিদ আৰু ঈদগাহৰ ঈদ-উল-ফিটৰৰ নামাজৰ সময়।

গাড়ীগাঁও ঈদগাহ ময়দানঃ পুৱা ৯বজাত
জালুকবাৰী ঈদগাহ ময়দানঃ পুৱা ৯বজাত
মাছখোৱা ঈদগাহ ময়দানঃপুৱা ৯:৩০ বজাত
আমবাৰী বুঢ়া জামে মছজিদ:পুৱা ৮:৩০ আৰু ১০ বজাত
ইছলামপুৰঃ পুৱা ৯:৩০ বজাত
হাতীগাঁও-সিজুবাৰী ঈদগাহ ময়দান: পুৱা ৮:৩০ বজাত
পাঞ্জাবাৰী ঈদগাহ-মছজিদ : পুৱা ৮ বজাত
খানকাহ: পুৱা ৬ বজাত
দক্ষিণগাঁও শ্বাহী জামে মছজিদঃ পুৱা ৮বজাত
দক্ষিণগাঁও বুঢ়া জামে মছজিদঃ পুৱা ৮.৩০ বজাত

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত পুনৰ আন্দোলনৰ প্ৰস্তুতি, আজি বৈঠকত বহিব ইণ্ডিয়া মিত্ৰজোঁট

দুৰ্গাপূজা শেষ হোৱাৰ পিছতে পুনৰ আন্দোলনৰ বাবে সাজু হৈছে...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

সৰ্বত্ৰে ৰাৱণ দাহ; কিন্তু ভাৰতৰ এই ঠাইত আজিও পূজিত হয় ৰাৱণ, ক’ত আজিও শ্ৰদ্ধাৰে স্মৰণ কৰা হয় ৰাৱণক?

ভাৰতৰ বিভিন্ন প্ৰান্তত দশেৰা উৎসৱৰ সামৰণি ৰাৱণ, কুম্ভকৰ্ণ আৰু...

ছৌদি আৰৱৰ বিমানবন্দৰত ভয়ংকৰ মিছাইল আক্ৰমণ, নিহত ভাৰতীয়সহ ২ জন

য়েমেনৰ হুথি বিদ্ৰোহীৰ আক্ৰমণ তীব্ৰতৰ হোৱাৰ মাজতে ছৌদি আৰৱৰ...