কেতিয়াৰ পৰা মুকলি হ’ব চেন্নাই ছুপাৰ কিংছ আৰু ৰাজস্থান ৰয়েলছৰ মেচৰ টিকট?

অহা ৩০ মাৰ্চত গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা ১৯ সংখ্যক ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ ৰাজস্থান ৰয়েলছ আৰু চেন্নাই ছুপাৰ কিংছৰ মাজৰ হাইভল্টেজ মেচখনৰ টিকট কাইলৈ অৰ্থাৎ ১৫ মাৰ্চৰ পৰা দৰ্শকে অনলাইনযোগে ক্ৰয় কৰিব পাৰিব৷ কাইলৈ দুপৰীয়া দুই বজাৰ পৰা ছয় বজালৈ প্ৰথম চাৰি ঘণ্টাত ইতিমধ্যে নিজৰ নাম পঞ্জিয়ন কৰি থোৱা দৰ্শকসকলে প্ৰথমে টিকট ক্ৰয় কৰাৰ সুযোগ লাভ কৰিব৷ আনহাতে, বিয়লি ছয় বজাৰ পৰা সকলো ক্ৰীড়াপ্ৰেমীৰ বাবে টিকট ক্ৰয়ৰ এপ মুকলি হ’ব৷

উল্লেখ্য যে এইবাৰ দৰ্শকৰ সুবিধাৰ বাবে ৰাজস্থান ৰয়েলছে প্ৰথমবাৰৰ বাবে ডিজিটেল মোবাইল টিকেটিং ব্যৱস্থা আৰম্ভ কৰিছে৷ এই সুবিধা ল’বৰ বাবে দৰ্শকে একমাত্ৰ ডিষ্টিক্ট-জ’মাটো এপৰ সহায় ল’ব লাগিব৷ এপ ষ্ট’ৰ বা গুগুল প্লে ষ্ট’ৰ পৰা ডিষ্টিক্ট-জ’মাটো এপটো ডাউনলট কৰি অতি সহজে নিজৰ পছন্দৰ টিকটতো ম’মাইল ফোনতে ক্ৰয় কৰিব পাৰিব৷

অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ আনহাতে, অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাচবাৰ চেম্পিয়ন মুম্বাই ইণ্ডিয়ানছ৷ ইফালে, বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷

অৱশ্যে এপ্ৰিলত হ’বলগা মেচ দুখনৰ টিকট কিন্তু কাইকৈ দৰ্শকে নাপাব৷ উভয় মেচৰ টিকট পৰবৰ্তী সময়ত নিৰ্ধাৰণ কৰা দিনতহে ক্ৰয় কৰিব পাৰিব৷ স্মৰ্তব্য যে যোৱাবছৰ আৰ আৰ-চি এছ কে মেচখন দৰ্শকৰ সংখ্যাৰে গুৱাহাটীত এতিয়ালৈকে হোৱা শ্ৰেষ্ঠ খেল আছিল৷ ৰাজস্থান ৰয়েলছৰ সমৰ্থকৰ লগতে ধোনীৰ অনুৰাগী এইবাৰো সাজু হৈ গুৱাহাটীৰ প্ৰথম আই পি এল মেচখনৰ বাবে৷ ইফালে, প্ৰথমবাৰৰ বাবে গুৱাহাটীলৈ খেলিব আহিব ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ আৰু বিৰাট কোহলিৰ দল আৰ চি বি৷ তিনিওখন মেচক লৈ দৰ্শকৰ উন্মাদনা ইতিমধ্যে তুংগত উঠিছে৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মেঘালয়ত অসমৰ এজন লোকৰ সৈতে ভয়ংকৰ ঘটনা

মেঘালয়ত সুৰক্ষিত নহয় নেকি অসমৰ যুৱক-যুৱতী? এটা ঘটনাৰ পিছতেই...

গুৱাহাটীত তিনিখন IPL মেচ খেলিব ৰাজস্থান ৰয়েলছে

ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ...

গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ...