ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে [বি চি চি আই] চলিত বৰ্ষৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ [আই পি এল-২০২৬] ৰ প্ৰথমখন সূচী আজি ঘোষণা কৰিছে৷ অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীৰ বাবে সুখৰ খবৰ এয়ে যে অহা ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’বলগা আই পি এল-২০২৬ ৰ অন্যতম শ্ৰেষ্ঠ তিনিখন মেচ এইবাৰ গুৱাহাটীত অনুষ্ঠিত হ’ব৷ অসমক নিজৰ দ্বিতীয় ঘৰ হিচাপে লোৱা আই পি এলৰ উদ্বোধনী বৰ্ষৰ চেম্পিয়ন ৰাজস্থান ৰয়েলছে উত্তৰপূৱৰ ক্ৰিকেটপ্ৰেমীৰ মৰম আৰু সমৰ্থনৰ প্ৰতিদান হিচাপে এইবাৰ সাতখন ঘৰুৱা মেচৰ হাইভল্টেজ তিনিখন খেল গুৱাহাটীত খেলাৰ সিদ্ধান্ত লৈছে৷ ইয়াৰপূৰ্বে যোৱা তিনিটা ছিজনত ৰাজস্থান ৰয়েলছে দুখনকৈ মেচ গুৱাহাটীৰ বৰ্ষাপাৰাস্থিত এ চি এ ক্ৰিকেট ষ্টেডিয়ামত খেলিছিল৷
আজি ঘোষিত সূচী অনুসৰি অসম সন্তান ৰিয়ান পৰাগ নেতৃত্বনাধিন ৰাজস্থান ৰয়েলছে আসন্ন আই পি এলৰ দলটোৰ উদ্বোধনী মেচসহ ছিজনৰ প্ৰথম তিনিখন ঘৰুৱা মেচে গুৱাহাটীত খেলিব৷ সেই অনুসৰি অহা ৩০ মাৰ্চত গুৱাহাটীত হ’বলগা প্ৰথমখন মেচত ৰাজস্থান ৰয়েলছ পাঁচবাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছৰ মুখামুখি হ’ব৷ উল্লেখ্য যে মহেন্দ্ৰ সিং ধোনীৰ দল চি এছ কে যোৱা বছৰো গুৱাহাটীলৈ খেলিব আহিছিল আৰু অভিলেখ সংখ্যক দৰ্শকে এ চি এ ষ্টেডিয়ামত আৰ আৰ-চি এছ কেৰ মেচখন উপভোগ কৰিছিল৷ এইবাৰ চি এছ কেত যোগ দিছে আৰ আৰ দলৰ পূৰ্ব অধিনায়ক তথা টি-২০ বিশ্বকাপৰ নায়য়ক সঞ্জু ছেমছনে৷ বিপৰীতে চি এছ কেৰ পৰা আহি আৰ আৰত পুনৰ যোগ দিছে ৰবীন্দ্ৰ জাডেজাই৷
গুৱাহাটীত প্ৰথম মেচ খেলিয়েই আৰ আৰ দলে ছিজনৰ দ্বিতীয়খন খেল খেলিবলৈ আহমেদাবাদলৈ যাব৷ অহা চাৰি এপ্ৰিলত নৰেন্দ্ৰ মোডী ষ্টেডিয়ামত আৰ আৰৰ প্ৰতিদ্বন্দ্বী গুজৰাট টাইটানছ৷ আনহাতে, গুৱাহাটীলৈ প্ৰত্যাৱৰ্তন কৰি অহা সাত এপ্ৰিলত এ চি এ ষ্টেডিয়ামৰ দ্বিতীয়খন মেচত ৰাজস্থান ৰয়েলছৰ প্ৰতিদ্বন্দ্বী হ’ব পাচবাৰ চেম্পিয়ন ৰোহিত শৰ্মাৰ দল মুম্বাই ইণ্ডিয়ানছ৷ প্ৰথমবাৰৰ বাবে গুৱাহাটীত আই পি এল মেচ খেলিব এম আই দলে৷ ইফালে, মুম্বাই ইণ্ডিয়ানছৰ দৰেই এইবাৰ পোন প্ৰথমবাৰৰ বাবে এ চি এ ষ্টেডিয়ামলৈ মেচ খেলিব আহিব বিৰাট কোহলিৰ দল আৰ চি বি৷ বিগত আই পি এলৰ চেম্পিয়ন আৰ চি বিয়ে অহা ১০ এপ্ৰিলত গুৱাহাটীত হ’বলগা তৃতীয় মেচখনত ৰাজস্থান ৰয়েলছৰ মুখামুখি হ’ব৷ ৰঙালী বিহুৰ পূৰ্বেই গুৱাহাটীত হ’বলগা তিনিখন হাইভল্টেজ আই পি এল মেচে স্বাভাৱিকতে অসম তথা উত্তৰ-পূৱত আনন্দ মুখৰ পৰিৱেশৰ সুচনা কৰিব৷
ইফালে, ১৯ সংখ্যক আই পি এলৰ সূচী ঘোষণা হোৱাৰ পাছতে ৰাজস্থান ৰয়েলছৰ অধ্যক্ষ ৰঞ্জিত বৰঠাকুৰে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘বিগত তিনিটা ছিজনত অসম তথা উত্তৰ-পূৱৰ ক্ৰিকেটপ্ৰেমীয়ে আমাৰ দলক যি মৰম আৰু সমৰ্থন দিছে তাৰ বাবেই আমি এইবাৰ তিনিখন শ্ৰেষ্ঠ মেচ গুৱাহাটীত খেলাৰ সিদ্ধান্ত লৈছো৷ গুৱাহাটী ৰাজস্থান ৰয়েলছৰ দ্বিতীয়খন ঘৰ আৰু আমি অতিশয় সুখী যে ঘৰুৱা সমৰ্থকক ক্ৰিকেটৰ শ্ৰেষ্ঠতম আনন্দখিনি উপহাৰৰূপে আগবঢ়াবলৈ সুযোগ পাইছো৷’ বি চি চি আই, অসম চৰকাৰ তথা এ চি এৰ সহযোগিতাৰ বাবে কৃতজ্ঞতা প্ৰকাশ কৰি অসম গৌৰৱ বৰঠাকুৰে লগতে কয়, ‘ গুৱাহাটীত আমি আই পি এল আয়োজন কৰাৰ মুল লক্ষ্য হ’ল খেলৰ জড়িয়তে অসম তথা উত্তৰ-পূৱক প্ৰচুৰ সম্ভাৱনা থকা ক্ৰীড়া উদ্যোগটোৰ লগত জড়িত কৰোৱা৷ এই অঞ্চলৰ যুৱ প্ৰজন্মই ক্ৰীড়া উদ্যোগৰ জড়িয়তে এক নতুন কেৰিয়াৰ লাভ কৰি পেছাদাৰী দিশত উত্তৰণ কৰিব পাৰিব লগতে সমগ্ৰ বিশ্বত প্ৰচুৰ সম্ভাৱনা থকা এখন নতুন জগতত প্ৰৱেশ কৰাৰ মুকলি দুৱাৰ ঘৰতে পাব৷ আই পি এল কেবল খেল নহয়, অসমৰ বাবে এয়া বৃহৎ বিনিয়োগ৷ তিনিখন শ্ৰেষ্ঠ খেল আয়োজনে ৰাজ্যৰ পৰ্যটন উদ্যোগকটোক আৰ্থিক দিশত শক্তিশালী কৰাত ইন্ধন যোগাব তথা সৰু-বৰ হেজাৰজন পেছাদাৰী লোকক উপকৃত কৰিব৷’
