অসমীয়া চলচ্চিত্ৰৰ প্ৰথম ছবি ‘জয়মতী’ মুক্তিৰ ৯১ বছৰ পূৰ্ণ হোৱা উপলক্ষে তেজপুৰ বিশ্ববিদ্যালয়ৰ গণসংযোগ আৰু সাংবাদিকতা বিভাগে (MCJ) ৰূপালী জয়ন্তী বৰ্ষৰ কাৰ্যসূচীৰ আৰম্ভণি কৰে। এই বিশেষ উপলক্ষে বিভাগৰ উদ্যোগত চলচ্চিত্ৰ নিৰ্মাণক কেন্দ্ৰ কৰি অসম কৰ্মশালা আৰু আলোচনা অনুষ্ঠান আয়োজন কৰা হয়। অনুষ্ঠানত প্ৰখ্যাত চলচ্চিত্ৰ নিৰ্মাতা পাৰ্থজিত বৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে।
অনুষ্ঠানৰ আৰম্ভণিতে অসমীয়া চলচ্চিত্ৰৰ পিতামহ জ্যোতি প্ৰসাদ আগৰৱালাক স্মৰণ কৰি তেওঁলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে ‘জয়মতী’ আৰু ‘ইন্দ্ৰমালতী’ৰ দৰে অসমীয়া বোলছবিৰ আৰম্ভণি যুগৰ কিছুমান গুৰুত্বপূৰ্ণ দৃশ্য আৰু দুষ্প্ৰাপ্য আর্কাইভ ফুটেজ প্ৰদৰ্শন কৰা হয়। লগতে জ্যোতি প্ৰসাদ আগৰৱালাৰ জীৱনৰ সৈতে জড়িত এক দুষ্প্ৰাপ্য দৃশ্যও প্ৰদৰ্শিত হয়, য’ত তেওঁৰ জীৱনৰ শেষ দিনবোৰত শ্বিলঙৰ পৰা নিজৰ গৃহনগৰ তেজপুৰলৈ ঘূৰি অহাৰ মুহূৰ্ত দেখুওৱা হয়। এই উপস্থাপনৰ জৰিয়তে অসমীয়া চলচ্চিত্ৰৰ অৱদানক স্মৰণ কৰাৰ এক বিশেষ মুহূৰ্ত সৃষ্টি হয়।
কৰ্মশালাত পাৰ্থজিত বৰুৱাই উত্তৰ-পূৰ্ ভাৰতত ড তথ্যচিত্ৰ নিৰ্মাণৰ ইতিহাস আৰু তাৰ গুৰুত্বৰ বিষয়ে বিস্তৃত আলোচনা কৰে। তেওঁ কয় যে যিকোনো তথ্যচিত্ৰৰ ক্ষেত্ৰত আগতীয়া প্ৰস্তুতি আৰু গভীৰ গৱেষণা আটাইতকৈ গুৰুত্বপূৰ্ণ । নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি তেওঁ উল্লেখ কৰে যে স্পষ্ট দৃষ্টিভংগী আৰু শক্তিশালী বিষয়বস্তুৱে তথ্যচিত্ৰক অধিক প্ৰভাৱশালী কৰি তোলে। বৰুৱাই নিজৰ কিছুমান উল্লেখযোগ্য চলচ্চিত্ৰৰ কথা উল্লেখ কৰি কয় যে সামাজিক আৰু ৰাজনৈতিক বিষয়ক কেন্দ্ৰ কৰি নিৰ্মিত তথ্যচিত্ৰ সমূহে সমাজৰ বাস্তৱতা আৰু মানৱীয় অনুভূতিৰ গভীৰ দিশসমূহ উন্মোচন কৰে। তেওঁ লগতে উল্লেখ কৰে যে তথ্যচিত্ৰ সমূহক কেৱল সৃষ্টিশীল মাধ্যম হিচাপে নহয়, শিক্ষামূলক আৰু সংৰক্ষণমূলক গুৰুত্বৰ দৃষ্টিৰেও দেখা উচিত। তেওঁ পৰামৰ্শ আগবঢ়ায় যে গণসংযোগ আৰু সাংবাদিকতা বিভাগৰ ২৫ বছৰৰ যাত্ৰা আৰু সফলতাৰ ওপৰত এখন তথ্যচিত্ৰ নিৰ্মাণ কৰা উচিত, যাতে বিভাগৰ ইতিহাস আৰু অৱদান আগন্তুক প্ৰজন্মৰ বাবে সংৰক্ষিত হৈ থাকে।
অনুষ্ঠানৰ লগত সংগতি ৰাখি প্ৰখ্যাত চলচ্চিত্ৰ পৰিচালিকা ৰীমা দাসৰ সৈতে এক ছাত্ৰ ছাত্ৰীৰ অন্তৰংগ আলাপ অনুষ্ঠিত হয়। উল্লেখযোগ্য যে ৰীমা দাসে শেহতীয়াকৈ নিজৰ চলচ্চিত্ৰ “Not a Hero”ৰ বাবে Berlin International Film Festival 2026ত Crystal Bear Special Mention for Best Film বঁটা লাভ কৰিছে। এই উপলক্ষে বিভাগৰ পক্ষৰ পৰা তেওঁক সম্বৰ্ধনা জনোৱা হয়। অনুষ্ঠানত ছাত্ৰ-ছাত্ৰীসকলে তেওঁৰ জীৱনৰ যাত্ৰা, স্বতন্ত্ৰ চলচ্চিত্ৰ নিৰ্মাণ আৰু আঞ্চলিক চলচ্চিত্ৰৰ সম্ভাৱনাৰ বিষয়ে বিভিন্ন প্ৰশ্ন কৰে। ইয়াৰ উত্তৰত ৰীমা দাসে কয় যে গল্প আৰু সামাজিক বাৰ্তাৰ মাজত সমতা ৰক্ষা কৰা বিষয়টো চলচ্চিত্ৰ নিৰ্মাতাৰ উদ্দেশ্য আৰু দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰে। অসমীয়া চলচ্চিত্ৰৰ সম্ভাৱনাৰ বিষয়ে তেওঁ কয় যে আঞ্চলিক চলচ্চিত্ৰসমূহ আন্তঃৰাষ্ট্ৰীয় মঞ্চলৈ আগবঢ়াৰ যথেষ্ট সম্ভাৱনা আছে। তেওঁ কয়, “যদি কাহিনী শক্তিশালী হয়, তেন্তে মোবাইল ফোনেৰে নিৰ্মিত চলচ্চিত্ৰও অস্কাৰলৈ যাব পাৰে। ইয়াৰ বাবে অনুশাসন, শিল্পৰ প্ৰতি নিষ্ঠা আৰু অবিৰত শিকাৰ মানসিকতাৰ অত্যন্ত প্ৰয়োজন।” নিজকে আকস্মিকভাৱে হোৱা পৰিচালক বুলি উল্লেখ কৰি তেওঁ কয় যে চলচ্চিত্ৰ নিৰ্মাণ কৰাৰ সময়ত বঁটা বা বক্স অফিচৰ কথা চিন্তা কৰা উচিত নহয়। তেওঁৰ মতে, চলচ্চিত্ৰ হৈছে সততা আৰু সত্যতাৰে গঢ়া শিল্পৰ প্ৰকাশ।
এই অনুষ্ঠানত বিভাগৰ মুৰব্বী ড০ মনোজ দেউৰীয়ে কয়, “অসমীয়া চলচ্চিত্ৰৰ ইতিহাসৰ সৈতে জড়িত এই বিশেষ দিনটোত বিভাগৰ ৰূপালী জয়ন্তী বৰ্ষ আৰম্ভণি কৰা আমাৰ বাবে এক গৌৰৱৰ বিষয়। বিগত ২৫ বছৰত বিভাগটোৱে সংবাদ মাধ্যমৰ লগত জড়িত শিক্ষা, গৱেষণা আৰু সৃষ্টিশীল কৰ্মক্ষেত্ৰত উল্লেখযোগ্য অৱদান আগবঢ়াইছে। আগন্তুক সময়তো আমি ছাত্ৰ-ছাত্ৰীসকলক দায়িত্বশীল আৰু সৃজনশীল পেছাদাৰী হিচাপে গঢ়ি তুলিবলৈ প্ৰতিশ্ৰুতিবদ্ধ।”
অনুষ্ঠানত তেজপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী, গৱেষক আৰু শিক্ষকসকলৰ ব্যাপক অংশগ্ৰহণ দেখা যায়। ২০০১ চনত স্থাপিত গণসংযোগ আৰু সাংবাদিকতা বিভাগটোৱে আজি উত্তৰ-পূব ভাৰতত সংবাদ মাধ্যম শিক্ষা আৰু গৱেষণাৰ এক গুৰুত্বপূৰ্ণ কেন্দ্ৰ হিচাপে আত্মপ্ৰকাশ কৰিছে। ৰূপালী জয়ন্তী বৰ্ষ উপলক্ষে বিভাগে দেশৰ বিভিন্ন প্ৰান্তৰ সংবাদ মাধ্যম বিশেষজ্ঞ, চলচ্চিত্ৰ নিৰ্মাতা আৰু গৱেষকসকলৰ সৈতে আগন্তুক সময়ত বক্তৃতা, কৰ্মশালা আৰু চলচ্চিত্ৰ প্ৰদৰ্শনীৰ আয়োজন কৰিব।
