গুৱাহাটীত RRৰ বিৰুদ্ধে ধোনী, কোহলি, ৰোহিতৰ মেচ!

একেৰাহে দ্বিতীয়বাৰৰ বাবে T20 বিশ্বকাপ জয়ৰ পিছত দেশত ক্ৰিকেটৰ উন্মাদনা আৰু এটা স্তৰলৈ উঠি গৈছে। আহমেদাবাদত ইতিহাস সৃষ্টি কৰাৰ পিছত এতিয়া ক্ৰিকেট অনুৰাগীসকলে IPLৰ বাবে গভীৰ উৎসুকতাৰে অপেক্ষা কৰি আছে। ভাৰতত ক্ৰিকেট হৈছে ধৰ্মৰ দৰে, আৰু ক্ৰিকেটাৰসকল ভগৱান স্বৰূপ। T20 বিশ্বকাপৰ দমনীয় জয়ৰ পিছত ফ্ৰেঞ্চাইজি ক্ৰিকেটৰ প্ৰতি অনুৰাগীসকলৰ উন্মাদনা আৰু বাঢ়িছে।

বিশ্বৰ আটাইতকৈ জনপ্ৰিয় টি২০ লীগ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (IPL) ২৮ মাৰ্চৰ পৰা আৰম্ভ হ’ব বুলি আশা কৰা হৈছে। কিন্তু এতিয়াও BCCIয়ে আনুষ্ঠানিকভাৱে IPLৰ সম্পূৰ্ণ সূচী ঘোষণা কৰা নাই। এইবাৰ অসম, পশ্চিমবঙ্গ, তামিলনাডু আদি ৰাজ্যত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’বলগীয়া হোৱাৰ বাবে নিৰ্বাচন আয়োগে ভোটৰ দিন ঘোষণা কৰাৰ পিছতহে IPLৰ সূচী চূড়ান্ত কৰা হ’ব বুলি জানিব পৰা গৈছে।

সোমবাৰে গুৱাহাটীৰ বৰ্ষাপাৰা ষ্টেডিয়ামত আয়োজিত এক অনুষ্ঠানত BCCIৰ সচিব দেৱজিৎ শইকীয়াই ভাষণত জনাইছিল যে ৩০ মাৰ্চত গুৱাহাটীত এইবাৰৰ প্ৰথমখন IPL মেচ অনুষ্ঠিত হোৱাৰ সম্ভাৱনা অতি প্ৰবল। এইবাৰ গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত ৩খন মেচ অনুষ্ঠিত হ’ব।

বিশেষ সূত্ৰৰ পৰা জানিব পৰা মতে, এইবাৰ গুৱাহাটীত ৰাজস্থান ৰয়েলছ (RR)ৰ হোম গ্ৰাউণ্ড হিচাপে মেচ অনুষ্ঠিত হ’ব, আৰু তেওঁলোকৰ বিৰুদ্ধে খেলিব ৫ বাৰৰ চেম্পিয়ন চেন্নাই ছুপাৰ কিংছ (CSK), মুম্বাই ইণ্ডিয়ানছ (MI) আৰু ডিফেণ্ডিং চেম্পিয়ন ৰয়েল চেলেঞ্জাৰ্ছ বেংগালুৰু (RCB)ৰ দৰে হেভীৱেট দলসমূহ।

পূৰ্বৰ ছিজনসমূহত গুৱাহাটীত RRৰ ২খনকৈ মেচ অনুষ্ঠিত হৈছিল আৰু অনুৰাগীসকলৰ পৰা উত্তম সঁহাৰি লাভ কৰাৰ বাবে এইবাৰ ৩খন মেচ দিয়া হৈছে। সূত্ৰ অনুসৰি এই তিনিওখন মেচ ১৫ এপ্ৰিলৰ আগতে অনুষ্ঠিত হ’ব, কাৰণ ব’হাগ বিহুৰ পিছত অসমত বৰষুণৰ প্ৰভাৱ বাঢ়ে।

আনহাতে, এইবাৰ প্ৰথমবাৰৰ বাবে RRৰ পূৰ্ণকালীন অধিনায়কত্ব লাভ কৰা ৰিয়ানৰ ওপৰত সকলোৰে দৃষ্টি থাকিব।

ক্ৰিকেট অনুৰাগীসকলৰ বাবে গুৱাহাটীত এইবাৰৰ IPL এক ঐতিহাসিক অভিজ্ঞতা হ’ব! সাজু হওক – ধোনী, কোহলি, ৰোহিত আৰু ৰিয়ানৰ যুঁজ চাবলৈ!

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ৰাজ্যসভাৰ সদস্য নিৰ্বাচনৰ সূত্ৰ কি, আৰু কোনে ভোট দিয়ে? ১৬ মাৰ্চত ভোটগ্ৰহণ…

ভাৰতৰ সংবিধানৰ অনুচ্ছেদ ৮০ অনুসৰি ৰাজ্যসভা (Council of States)...

আপুনি জানেনে? জাপানত ফল-মূল আৰু শাক-পাচলিৰ বাকচত সেই খেতিসমূহ কৰা কৃষকসকলৰ ফটো লগোৱা থাকে…

জাপানৰ বহু অঞ্চলত ফল-মূল আৰু শাক-পাচলিৰ বাকচত প্ৰায়েই সেই...

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী ঘোষণা

এ চি এৰ কৰ্পৰেট টি-২০ ক্ৰিকেট প্ৰতিযোগিতা ২০২৬ৰ সূচী...