শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্ত অনুসৰি বৰ্তমান বছৰি ১০ দিনৰ পৰিৱৰ্তে বছৰি ১৫ দিনলৈ বৃদ্ধিৰ সিদ্ধান্ত আদৰণি জনাইছে সদৌ অসম কৰ্মচাৰী পৰিষদে। কেবিনেটৰ সিদ্ধান্ত সম্পৰ্কত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি দ্বীপেন শৰ্মা আৰু সম্পাদক প্ৰধান পংকজ বৰ্মনে কয় যে ৰাজ্যখনৰ শিক্ষক সমাজৰ বাবে সদৌ অসম কৰ্মচাৰী পৰিষদৰ দীৰ্ঘদিনীয়া দাবী আৰ্জিত ছুটি ৰাজ্য চৰকাৰৰ আন কৰ্মচাৰী সকলে উপভোগ কৰা বছৰি ৩০ দিনৰ লেখীয়াকৈ শিক্ষক সমাজক বৰ্তমান বছৰি ১০দিন প্ৰদান কৰি যি বৈষম্য সৃষ্টি কৰি আহিছে তাক কিছু পৰিমাণে লাঘৱ কৰি সদৌ অসম কৰ্মচাৰী পৰিষদৰ দাবী আংশিকভাৱে পূৰণ কৰি শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবীৰ ন্যায্যতা প্ৰদান কৰিছে। বিষয়টো সম্পৰ্কত চৰকাৰৰ ওচৰত বিভিন্ন সময়ত কৰ্মচাৰী পৰিষদে দাবী উত্থাপন কৰি আহিছিল।

এই সম্পৰ্কত যোৱা ২০২৫ চনৰ ১১জানুৱাৰীত সদৌ অসম কৰ্মচাৰী পৰিষদৰ সৈতে অসমৰ মুখ্যমন্ত্ৰীৰ আলোচনাকালত সিদ্ধান্ত অনুসৰি আৰু যোৱা বছৰৰ ১ জুনত মুখ্যমন্ত্ৰী, শিক্ষামন্ত্ৰী, মুখ্য সচিব, বিত্ত সচিব আৰু শিক্ষা বিভাগৰ উচ্চ পদস্থ বিষয়া সকলৰ উপস্থিতিত অনুষ্ঠিত হোৱা আলোচনা কালত পৰৱৰ্তী কেবিনেটত চুড়ান্ত সিদ্ধান্ত লোৱাৰ কথা পৰিষদৰ প্ৰতিনিধি আৰু শিক্ষক সংগঠনৰ প্ৰতিনিধি সকলক অৱগত কৰিছিল। ইয়াৰ পূৰ্বেও বিভিন্ন সময়ত ৰাজহুৱাভাৱে প্ৰতিশ্ৰুতি প্ৰদান কৰি আহিছিল। কৰ্মচাৰী পৰিষদৰ দুখনকৈ অধিৱেশনত মুখ্যমন্ত্ৰীয়ে এই সম্পৰ্কত ঘোষণা কৰিছিল। মুখ্যমন্ত্ৰী পৰ্যায়ত পৰিষদৰ লগত হোৱা একাধিক আলোচনাত বিষয়টো সম্পৰ্কত বছৰি ২৪ দিনলৈ বৃদ্ধিৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছিল যদিও কাৰ্যকৰী নহ’ল। উল্লেখ্য যে, যোৱা ২০১১ চনৰ পৰা সদৌ অসম কৰ্মচাৰী পৰিষদে বিষয়টৌ সম্পৰ্কত চৰকাৰৰ ওচৰত দাবী উত্থাপন কৰি আহিছিল। গুৰুত্বপূৰ্ণ বিষয় এই যে পৰিষদৰ দাবী আছিল ৰাজ্যখনৰ আন কৰ্মচাৰীয়ে বছৰি ৩০ দিন আৰ্জিত ছুটি ভোগ কৰাৰ দৰে শিক্ষককো সম সুবিধা দিব লাগে। তাৰ বিপৰীতে চৰকাৰে ১০ দিনৰ পৰা ১৫ দিনলৈ বৃদ্ধিৰ সিদ্ধান্তই শিক্ষক সমাজক কিছু পৰিমাণে সকাহ দিছে। আংশিকভাৱে হ’লেও চৰকাৰে পৰিষদৰ এই দীৰ্ঘদিনীয়া দাবীৰ ন্যায্যতা প্ৰদান কৰিছে। আমি আশাবাদী আগন্তুক দিনবোৰত শিক্ষকৰ আৰ্জিত ছুটিৰ ক্ষেত্ৰত থকা বৈষম্য আঁতৰ কৰিবলৈ চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব। পৰিষদৰ আহ্বান – আজিৰ কেবিনেট সিদ্ধান্তটো চৰকাৰে আগন্তুক বিধানসভা নিৰ্বাচনৰ দিন ঘোষণাৰ পূৰ্বে এই সম্পৰ্কীয় যাৱতীয় চৰকাৰী নিৰ্দেশনা প্ৰকাশ কৰি কাৰ্যকৰী কৰাৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...

USTMত ১০ ফেব্ৰুৱাৰীৰ পৰা AIU (পূব) আন্তঃবিশ্ববিদ্যালয় হেণ্ডবল প্ৰতিযোগিতা ২০২৫–২৬

আগন্তুক ১০ ফেব্ৰুৱাৰীৰ পৰা ১৪ ফেব্ৰুৱাৰীলৈকে USTMৰ ক্ৰীড়া কমপ্লেক্সত...