পুনৰ পৰিচালকৰ আসনত কংগনা ৰাণাৱট

গুৱাহাটী, ২৫ জুন, NKTV: বুধবাৰে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কংগনা ৰাণাৱটে সামাজিক মাধ্যম KOOত বলীউডৰ আহিবলগীয়া Emergencyশীৰ্ষক ছবি খনৰ পৰিচালনা কৰাৰ কথা প্ৰকাশ কৰে। এই ছবিখন ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধীৰ জীৱনৰ আধাৰত নিৰ্মাণ কৰা হ’ব।

অভিনেত্ৰীগৰাকীয়ে পৰিচালনা কৰা ছবিখনৰ কাহিনী লিখিব জনপ্ৰিয় স্ক্ৰিপ্ট ৰাইটাৰ ৰিতেশ ছাহে। ইয়াৰ পূৰ্বে ৰিতেশ ছাহে পিংক, কাহানী, কাহানী-২, ডি-ডে, ৰকি হেণ্ডচম আদিৰ দৰে বলীউডৰ কেইবাখনো ছবিৰ কাহিনী লিখিছিল।

Emergencyৰ কথা উল্লেখ কৰোতে তেওঁ কয় যে, “পুনৰবাৰ পৰিচালকৰ টুপি পিন্ধিবলৈ অনুপ্ৰেৰিত হৈছো, Emergency ছবিখনৰ বাবে ১ বছৰতৈ অধিক সময় কাম কৰি মই জানিব পাৰিছো যে মোতকৈ আন কোনেও এই ছবিখনৰ পৰিচালনা কৰিব নোৱাৰে। বিশিষ্ট লিখক ৰিতেশ ছাহৰ লগত কাম কৰিবৰ বাবে যদি মই বেলেগ ছবিৰ কাম এৰিব লাগে তাৰ বাবেও সাজু আছো। এক বিশেষ যুদ্ধৰ বাবে মই এতিয়া সাজু , #Emergency #INDIRA”। ইয়াৰ সমান্তৰালভাৱে অভিনেত্ৰীগৰাকীয়ে Emergency ছবিখন এখন পলিটিকেল ড্ৰামা বুলি উল্লেখ কৰি ইণ্ডিৰা গান্ধীৰ বায়’পিক নহয় বুলি জানিবলৈ দিয়ে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...