অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু বাৰ্ষিক ভাওনা সমাৰোহৰ আয়োজন

ডিব্ৰুগড় জিলাৰ ইটাখুলি শিঙৰী মায়ামৰা বৈষ্ণৱ বৰনামঘৰৰ উদ্যোগত আৰু ইটাখুলি শিঙৰী অৰুণোদয় যুৱক সংঘৰ বিশেষ সহযোগত অহা ২৬, ২৭ আৰু ২৮ জানুৱাৰীত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অবিৰত শ্ৰীমদ্ভাগৱত পাঠ আৰু বাৰ্ষিক ভাওনা সমাৰোহৰ আয়োজন কৰা হৈছে। অঞ্চলটোৰ ভক্তপ্ৰাণ ৰাইজৰ আতিথ্যত আয়োজিত এই ধৰ্মীয় অনুষ্ঠানে এতিয়া সমগ্ৰ অঞ্চলটোতে এক আধ্যাত্মিক পৰিৱেশৰ সূচনা কৰিছে।

কাৰ্যসূচী অনুসৰি ২৬ জানুৱাৰীত অবিৰত শ্ৰীমদ্ভাগৱত পাঠ অনুষ্ঠানৰ শুভাৰম্ভ কৰা হ’ব। উক্ত অনুষ্ঠানত উদ্বোধনী ভাষণ প্ৰদান কৰিব অসমৰ প্ৰখ্যাত ভাগৱত ব্যাখ্যাকাৰ তথা নাৰায়ণপুৰৰ (লক্ষীমপুৰ) জগত বণিয়া বাপজনাই।

উৎসৱৰ অন্তিম দিনা অৰ্থাৎ ২৮ জানুৱাৰীৰ সন্ধিয়া এক সাংস্কৃতিক সন্ধিয়াৰ আয়োজন কৰা হৈছে। নিশা ৭ বজাৰ পৰা প্ৰদৰ্শিত হ’ব ধৰ্মীয় নাট “ৰাম পৰাজয়, সীতাৰ পাতাল গমন আৰু লৱণ দৈত্য বধ”। ভাওনা উদ্বোধন কৰিব অসম ভাওনা সমাৰোহ সমিতিৰ সভাপতি প্ৰদীপ গগৈয়ে। ভাওনা আৰম্ভ হোৱাৰ পূৰ্বে ইটাখুলি শিঙৰী গাঁৱৰ আইমাতৃসকলৰ দ্বাৰা দিহানাম পৰিৱেশন কৰা হ’ব। এই দিহানাম দলটোৰ নেতৃত্ব দিব ডিব্ৰুগড়ৰ অনাতাঁৰ শিল্পী তথা ৰাজ্যিক পৰ্যায়ৰ ‘শ্ৰেষ্ঠ নামতী’ বঁটাপ্ৰাপ্ত ৰেখা দাসে।

উদযাপন সমিতিয়ে এই ধৰ্মীয় তথা সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ সমূহ ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতি আৰু সক্ৰিয় সহযোগিতা আন্তৰিকতাৰে কামনা কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

নতুন প্ৰতিভাক সুযোগ দিয়াটো ৰাজস্থান ৰয়েলছৰ এক দৰ্শন : ছাংগাকাৰা

কেৱল ভাৰতৰে নহয় বিশ্ব ক্ৰিকেটৰ নৱাগতক আই পি এলৰ...

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ

দলীয় অনুশাসন ভংগৰ অভিযোগত কংগ্ৰেছৰ ১৫ নেতাক বহিষ্কাৰ। ৬...

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

গোলাঘাটত ভয়ংকৰ পথ দুৰ্ঘটনা। শালমৰা বাইপাছত দুখন বাইকৰ মুখামুখি...

হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা কৰিছিল : প্ৰখ্যাত সমালোচক আনন্দ বৰমূদৈ

‘হৰিনাৰায়ণ দত্তবৰুৱাই অসমীয়া সাহিত্য জগতত এটি নিৰৱ বিপ্লৱৰ সূচনা...