বান্দৰ ক্ৰয় কৰিবলৈ চীনত লাগিছে হেতা-ওপৰা

নৱবৰ্ষৰ বাবে চীনত বান্দৰৰ চাহিদা তীব্ৰভাৱে বৃদ্ধি পাইছে। আগতে কেইহাজাৰমান টকাত বিক্ৰী হোৱা বান্দৰবোৰ এতিয়া বেইজিঙৰ আশে-পাশে ২৫ লাখ টকাত বিক্ৰী হৈছে। আমোদজনক কথাটো হ’ল জিনপিং চৰকাৰৰ চৰকাৰী সংস্থাসমূহেও অধিক দামত বান্দৰ ক্ৰয় কৰি আছে। বান্দৰৰ প্ৰজনন বৃদ্ধিত সহায় কৰিবলৈ নাগৰিকক আহ্বান জনাইছে চৰকাৰে।

চীনত প্ৰাকৃতিক প্ৰজননৰ উপৰিও বান্দৰক জৈৱ ৰাসায়নিক পদ্ধতি ব্যৱহাৰ কৰিও প্ৰজনন কৰা হয়। চীন এছ’চিয়েশ্যন ফৰ এন এইচ পি ব্ৰীডিং এণ্ড ডেভেলপমেণ্টৰ তথ্য অনুসৰি, ২০১৮ চনত এই প্ৰথা আৰম্ভ কৰা হৈছিল। ২০২১ চনত চীনত সৰ্বাধিক ৩০ হাজাৰ বান্দৰ প্ৰজনন কৰা হৈছিল।

ফাইনেন্সিয়েল টাইমছৰ তথ্য অনুসৰি, চীনত বৰ্তমান ২৫ লাখ টকাত বিক্ৰী হৈছে এটা বান্দৰ। ২০২১ চনত চীনত বান্দৰ বিক্ৰী হৈছিল একেধৰণৰ দামত, আনকি ক’ভিড-১৯ৰ ভেকচিন প্ৰস্তুত কৰাৰ সময়তো। ইয়াৰ পিছত চীনত বান্দৰৰ চাহিদা হ্ৰাস পালে যদিও পাঁচ বছৰৰ পাছত পুনৰ বান্দৰৰ চাহিদা বাঢ়িছে।

বান্দৰ ক্ৰয় কৰিবলৈ হুলস্থুল লাগিছে চীনা লেবসমূহত। কিছু ঔষধ কোম্পানী বিদেশৰ পৰাও বান্দৰৰ উৎস বিচাৰিছে। কোৱা হৈছে যে, যদি পৰিস্থিতি অধিক বেয়া হয় তেন্তে পূৰ্বৰ সময়ৰ দৰেই চীনলৈ বান্দৰৰ সৰবৰাহ বৃদ্ধি হ’ব পাৰে। ২০২১ চনত যেতিয়া চীনে বান্দৰৰ নাটনিৰ সন্মুখীন হৈছিল, তেতিয়া যোগানৰ ব্যৱধান কম্বোডিয়াৰ পৰা চোৰাংভাৱে বান্দৰ সৰবৰাহ কৰি পূৰণ কৰা হৈছিল।

চীনত বান্দৰৰ চাহিদা কিয় বাঢ়িছে?

চিকিৎসা উদ্যোগত বিশ্বক চেৰ পেলাবলৈ উদ্ভাৱনী পৰীক্ষা-নিৰীক্ষাৰ আহ্বান জনাইছে চীন চৰকাৰে। এই পদক্ষেপৰ অংশ হিচাপে চীনৰ বহু কোম্পানীয়ে ঔষধ আৰু ভেকচিন পৰীক্ষা কৰি আছে। ২০২৫ চনত এম্পুল, ক’ৰ’না, কেন্সাৰৰ ভেকচিন পৰীক্ষা কৰা হৈছিল। একেদৰে চীনত আয়ুস বৃদ্ধিৰ ভেকচিনৰ পৰীক্ষা চলি আছে।

এই পৰীক্ষাসমূহৰ বাবে বান্দৰৰ প্ৰয়োজন হয়। এইবাৰ ট্ৰায়েলৰ সংখ্যা বৃদ্ধি পোৱাৰ বিপৰীতে চীনত বান্দৰৰ সংখ্যা হ্ৰাস পোৱাৰ ফলত বান্দৰৰ চাহিদা বৃদ্ধি পাইছে। ইয়াৰ ফলত মূল্যৰ ওপৰতো প্ৰভাৱ পৰিছে।

ছিক্সটনৰ এক প্ৰতিবেদন অনুসৰি, চীনত প্ৰতি বছৰে ২৫ হাজাৰ বান্দৰৰ ওপৰত ভেকচিন পৰীক্ষা কৰা হয়। এইবাৰ ট্ৰায়েলৰ সংখ্যা বাঢ়িছে, যাৰ ফলত চীনত বান্দৰৰ দাম বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পুনৰ এক আন্তঃৰাষ্ট্ৰীয় সন্মান

ভাৰতীয় চলচ্চিত্ৰ নিৰ্মাতা ৰীমা দাসলৈ পৰিচালক হিচাপে আন এক...

৮৯খন বিমান, ১৪খন জাহাজ আৰু ৪খন যুদ্ধজাহাজ… টাইৱানক ঘেৰি ধৰিবলৈ চীনৰ আটাইতকৈ ডাঙৰ সামৰিক অনুশীলন

টাইৱানৰ আশে-পাশে চীনে আৰম্ভ কৰিছে এতিয়ালৈকে সৰ্ববৃহৎ সামৰিক অনুশীলন।...

দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন, নিহত দুজন, আহত কুৰিজনৰো অধিক

জাপানৰ এক্সপ্ৰেছ ৱে’ত দুৰ্ঘটনাত পতিত ৫০খনকৈ বাহন। দুৰ্ঘটনাত ২জন...