পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে কেইবাটাও গুৰুত্বপূৰ্ণ বিষয়ত আলোচনা কৰিব। ভাৰত আৰু ৰাছিয়াৰ মাজতো কেইবাখনো চুক্তি স্বাক্ষৰিত হ’ব। ৰাছিয়াৰ ৰাষ্ট্ৰপতিৰ সহায়ক ইউৰি উছাকোভে কয় যে, এই ভ্ৰমণৰ সময়ত ১০খন চৰকাৰী চুক্তি আৰু ১৫খনতকৈও অধিক বাণিজ্যিক আৰু অন্যান্য চুক্তি স্বাক্ষৰিত হ’ব।

বাণিজ্য আৰু অৰ্থনৈতিক সহযোগিতাৰ বিষয়ে গভীৰভাৱে আলোচনা কৰিব দুই ৰাষ্ট্ৰনেতাই। এই ভ্ৰমণত তেওঁলোকৰ সম্পৰ্ক আৰু অধিক শক্তিশালী কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব আৰু তলত উল্লেখ কৰা ৮টা ক্ষেত্ৰত গুৰুত্ব দিয়া হ’ব।

১/ সংস্কৃতি
ভাৰত আৰু ৰাছিয়াই ২০৩০ চনলৈকে সাংস্কৃতিক কাৰ্যসূচীত অনুমোদন দিব। ইয়াৰ ফলত দুয়োখন দেশৰ মাজত সাংস্কৃতিক আদান-প্ৰদান বৃদ্ধি পাব।

২/ বিগ কেট এলায়েন্স
ভাৰতে বিশ্বৰ ভিতৰতে প্ৰথমটো আন্তঃৰাষ্ট্ৰীয় বিগ কেট এলায়েন্স প্ৰতিষ্ঠা কৰিছে। ইয়াৰ উদ্দেশ্য হৈছে বাঘ, সিংহ, নাহৰফুটুকী, চিতা, পুমা, জাগুয়াৰ আদি বৃহৎ প্ৰাণী সংৰক্ষণ কৰা। এই মিত্ৰতাত ৰাছিয়াই অংশগ্ৰহণ কৰাৰ কথা ঘোষণা কৰিব।

৩/ চাকৰি আৰু প্ৰব্ৰজন
দুয়োখন দেশৰ নাগৰিকক অস্থায়ী কৰ্মসংস্থাপন গ্ৰহণ কৰিবলৈ অনুমতি দিব। অবৈধ প্ৰব্ৰজন ৰোধৰ বাবে সহযোগিতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হ’ব।

৪/ ড্ৰাগছ সৰবৰাহ বিৰোধী পৰিকল্পনা
ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্য সৰবৰাহৰ বিৰুদ্ধে যুঁজিবলৈ দুয়োখন দেশে যৌথ কাৰ্য্য পৰিকল্পনাত স্বাক্ষৰ কৰিব।

৫/ স্বাস্থ্য খণ্ডত চুক্তি
চিকিৎসা শিক্ষা আৰু চিকিৎসা গৱেষণাৰ ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ বাবে ভাৰত আৰু ৰাছিয়াৰ স্বাস্থ্য মন্ত্ৰালয়ে চুক্তি স্বাক্ষৰ কৰিব।

৬/ পৰিবহণ সহযোগিতা
ৰাছিয়াৰ পৰিবহণ মন্ত্ৰী আন্দ্ৰে নিকিটিনে ভাৰতৰ বন্দৰ আৰু জাহাজ পৰিবহণ মন্ত্ৰালয়ৰ সৈতে চুক্তি স্বাক্ষৰ কৰিব। ইয়াৰ ভিতৰত বৰফ আৰু মেৰু সাগৰীয় পথত চলা জাহাজৰ বাবে বিশেষজ্ঞক প্ৰশিক্ষণ দিয়া হ’ব।

৭/ খাদ্য সুৰক্ষা
ৰাছিয়াৰ স্বাস্থ্য আৰু সুৰক্ষা সংস্থা আৰু ভাৰতৰ FSSAIয়ে খাদ্য সুৰক্ষাৰ ক্ষেত্ৰত চুক্তি স্বাক্ষৰ কৰিব, যাৰ ফলত দুয়োখন দেশৰ খাদ্য সামগ্ৰীৰ মান উন্নত হ’ব।

৮/ মহাকাশ সহযোগিতা
ৰাছিয়াৰ মহাকাশ সংস্থা ৰস্কোচমছে ভাৰতৰ মহাকাশ প্ৰতিষ্ঠানৰ সৈতে লিকুইড ৰকেট ইঞ্জিন নিৰ্মাণৰ বাবে বিশেষ চুক্তি স্বাক্ষৰ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহাকালিৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি ৩ দিনীয়া বেংক ধৰ্মঘট

২৮ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ দেশজুৰি বেংক ইউনিয়নৰ ৩ দিনীয়া...

আজি বিশ্ব পৰ্যটন দিৱস ২০২৬: AI আৰু ডিজিটেল প্ৰযুক্তিৰে নতুন ৰূপ পাব পৰ্যটনে

প্ৰতি বছৰে ২৭ ছেপ্টেম্বৰত সমগ্ৰ বিশ্বতে পালন কৰা হয়...

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক ৰাছিয়াৰ সমৰ্থন

ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদত ভাৰতৰ স্থায়ী সদস্যপদৰ দাবীক মুকলিকৈ সমৰ্থন...

ব্ৰহ্মপুত্ৰৰ ওপৰত নিৰ্মাণ হ’ব দ্বিতীয়খন শৰাইঘাট দলং। গুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ ব্যৱস্থা অধিক শক্তিশালী কৰাৰ লক্ষ্য

আগিয়াঠুৰি–কামাখ্যা ৰে’লপথ দ্বৈতীকৰণত নতুন সংযোগী দলংগুৱাহাটী মহানগৰীৰ ৰে’ল যোগাযোগ...