৬ জনগোষ্ঠী জনজাতিকৰণৰ সম্পৰ্কত ইতিবাচক সংকেত; ডিব্ৰুগড়ত মটক ছাত্ৰ সন্থাৰ সৈতে সাক্ষাৎ মন্ত্ৰী পীযুষ হাজৰিকাৰ

হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰখনক ধন্যবাদ মটক ছাত্ৰ সন্থাৰ

আজি ডিব্ৰুগড়ত উপস্থিত হয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী তথা ৬ জনগোষ্ঠী জনজাতিকৰণ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰা মন্ত্ৰী গোটৰ অন্যতম সদস্য পীযুষ হাজৰিকা। মটক ছাত্ৰ সন্থাৰ প্রতিনিধি দলৰ সৈতে এক বিশেষ সাক্ষাৎকাৰৰ লগতে জনজাতিকৰণ সম্পৰ্কতো বিস্তৃত আলোচনা কৰে মন্ত্ৰীজনে। মটক ছাত্ৰ সন্থাৰ দলটোক মন্ত্ৰী হাজৰিকাই জনজাতিকৰণৰ সম্পৰ্কত এটা ইতিবাচক দিশ অৱগত কৰে বুলি উল্লেখ কৰে। সাক্ষাৎকাৰত মটক ছাত্ৰ সন্থাই বৰ্তমানৰ চৰকাৰখনক ধন্যবাদ জ্ঞাপন কৰে। আৰু কয় – “জনজাতিকৰণ প্ৰক্ৰিয়াই অসমৰ কোনো জনজাতিক অসুবিধাত পেলাব নালাগে। সকলো খিলঞ্জীয়া আৰু থলুৱা লোকসকলৰ ভূমি-অধিকাৰ সুৰক্ষা নিশ্চিত কৰি ৬ জনগোষ্ঠীক জনজাতিৰ মৰ্যদা প্ৰদান কৰা উচিত।” মন্ত্ৰী পীযুষ হাজৰিকাই মটক ছাত্ৰ সন্থাৰ দাবীক অত্যন্ত ইতিবাচকভাৱে গ্ৰহণ কৰে। তেওঁলোকে কয় – ভাৰত চৰকাৰ আৰু অসম চৰকাৰ মিলি দীর্ঘদিনীয়া সমস্যাটোৰ সমাধানৰ দিশে আগবাঢ়িছে। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰৰ নীতি একেবাৰে স্পষ্ট: অধিকাৰ দিয়া হ’ব, কিন্তু কোনো থলুৱা জনজাতিৰ সুৰক্ষা হানি নহ’ব।

এই সিদ্ধান্তৰ পিছতে ৬ জনগোষ্ঠীৰ লোকসকলৰ মাজত আশাৰ নতুন দিশ সৃষ্টি হৈছে। তেওঁলোকৰ বিশ্বাস যে, অনাগত দিনত জনজাতিকৰণ প্ৰক্ৰিয়া এক দ্ৰুত আগবঢ়োৱা পদক্ষেপ হ’ব। লগতে, মটক ছাত্ৰ সন্থাই চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি কয় -বিধানসভাই বিষয়টো গৌৰৱৰ সৈতে গৃহীত কৰাটোৱেই এক বৃহৎ সফলতা। আনহাতে, মটক ছাত্ৰ সন্থাই আশা প্ৰকাশ কৰে যে বৰ্তমান চৰকাৰৰ দিনতেই ৬ জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো কেন্দ্ৰীয় চৰকাৰে চূড়ান্ত অনুমোদন আগবঢ়াব। জনজাতি-অধিকাৰ, থলুৱা সুৰক্ষা আৰু ৰাজ্যিক পৰিচয় ৰক্ষাৰ দিশে আজিৰ এই আলোচনা ইতিবাচক ইতিহাস হিচাপে থাকিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...