এইবাৰ ভাৰতত নিৰ্মাণ হ’ব ৰাফেলৰ ‘হামাৰ’! ফ্ৰান্সৰ সৈতে যৌথ উদ্যোগত ক্ষেপণাস্ত্ৰ উৎপাদনৰ চুক্তি স্বাক্ষৰ

যুঁজাৰু বিমানৰ পিছত এতিয়া নতুন দিল্লী আৰু পেৰিছে একেলগে ক্ষেপণাস্ত্ৰ নিৰ্মাণৰ কাম আৰম্ভ কৰিছে। ভাৰত ইলেক্ট্ৰনিকছ লিমিটেড (বি ই এল) আৰু ফ্ৰান্সৰ কোম্পানী ছাফ্ৰান ইলেক্ট্ৰনিকছ এণ্ড ডিফেন্স (এছ এ ডি ই)ৰ যৌথভাৱে হামাৰ মিছাইল উৎপাদনৰ চুক্তি স্বাক্ষৰিত হৈছে।

প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ এক সূত্ৰই দাবী কৰিছে যে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ‘মেক ইন ইণ্ডিয়া’ আৰু ‘আত্মনিৰ্ভৰ ভাৰত’ শ্লোগান কাৰ্যকৰী কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ হ’ব। যিয়ে ঘৰুৱা প্ৰতিৰক্ষাৰ পদক্ষেপক আৰু অধিক শক্তিশালী কৰিব। ভাৰতীয় বায়ুসেনাৰ ৰাফেল যুদ্ধ বিমানে ব্যৱহাৰ কৰে এয়াৰ টু ছাৰ্ফেচ মিছাইল হামাৰ। এই ক্ষেপণাস্ত্ৰই জিপিএছ, ইনফ্ৰাৰেড বা লেজাৰ গাইডেন্স ব্যৱহাৰ কৰি স্থিৰ আৰু চলন্ত লক্ষ্যত আঘাত কৰিবলৈ সক্ষম।

৫০-৭০ কিলোমিটাৰ দূৰত্বৰ HAMMER (Highly Agile and Maneuverable Munition Extended Range) আধুনিক ট্ৰেকিং ব্যৱস্থাৰে সজ্জিত আৰু ইয়াত উচ্চ শক্তিৰ বিস্ফোৰক থাকে। এই ‘হাতুৰী’য়ে শত্ৰুৰ কঠিন কংক্ৰিটৰ বাংকাৰবোৰো ধ্বংস কৰিব পাৰে। ভাৰতীয় বায়ুসেনাৰ প্ৰয়োজনীয়তা পূৰণ কৰাৰ উপৰিও যৌথ উদ্যোগত নিৰ্মিত HAMMERক ভৱিষ্যতে ৰপ্তানি কৰিব পৰা যাব বুলি প্ৰতিৰক্ষা মন্ত্ৰালয়ৰ সূত্ৰটোৱে প্ৰকাশ কৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...