ভাৰতে শ্বেখ হাছিনাক ঘূৰাই পঠিয়াবনে? বাংলাদেশৰ প্ৰত্যৰ্পণৰ দাবী সন্দৰ্ভত কি ক’লে MEAয়ে?

বাংলাদেশে দোষী সাব্যস্ত কৰা প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে কৰা নতুন অনুৰোধৰ প্ৰতি ভাৰতৰ পৰা সঁহাৰি পোৱাৰ আশা কৰিছে, অন্তৱৰ্তীকালীন চৰকাৰৰ বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে বুধবাৰে এই কথা প্ৰকাশ কৰে। অৱশ্যে এসপ্তাহৰ ভিতৰত সঁহাৰি পোৱাৰ সম্ভাৱনা নাই। ইফালে ভাৰতে প্ৰাক্তন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাক প্ৰত্যৰ্পণৰ বাবে বাংলাদেশৰ পৰা অনুৰোধ লাভ কৰা বুলি স্বীকাৰ কৰিছে।

ভাৰতে নিশ্চিত কৰিছে যে, বাংলাদেশৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী হাছিনাৰ পৰা প্ৰত্যৰ্পণৰ অনুৰোধ লাভ কৰিছে। ভাৰতৰ MEAৰ মুখপাত্ৰই কয় যে, “যথা সময়ত ইয়াৰ প্ৰক্ৰিয়াকৰণ কৰা হ’ব।”

ইফালে, বাংলাদেশৰ বৈদেশিক মন্ত্ৰালয়ত সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাৎকাৰত বৈদেশিক পৰিক্ৰমা উপদেষ্টা মহম্মদ তৌহিদ হোছেইনে কয় যে, ঢাকাৰ অনুৰোধৰ এসপ্তাহৰ ভিতৰত তেওঁলোকে সঁহাৰি দিব বুলি মই আশা কৰা নাই, কিন্তু আমি আশা কৰিছোঁ যে আমি ইয়াৰ সঁহাৰি পাম।

উপদেষ্টাগৰাকীয়ে কয় যে, শেহতীয়াকৈ আন্তঃৰাষ্ট্ৰীয় অপৰাধ ন্যায়াধিকৰণ-১ (আইচিটি-১)ৰ ৰায়দানৰ পিছত ঢাকাই বাংলাদেশ উচ্চায়ুক্তৰ জৰিয়তে নতুন দিল্লীলৈ আনুষ্ঠানিকভাৱে পত্ৰ লিখিছিল। হোছেইনে স্পষ্ট কৰি দিয়ে যে, বাংলাদেশে ভাৰতৰ পৰা কোনো সঁহাৰি অস্বীকাৰ কৰা নাই, কিন্তু ৭ দিনৰ ভিতৰত এই সঁহাৰিৰ আশা কৰা নাই।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰথমে ভ্ৰমণ, তাৰ পিছত যুদ্ধ… গণৰাজ্য দিৱসৰ মুখ্য অতিথি হোৱা পাকিস্তানী নেতা দুজন কোন আছিল?

ভাৰতত গণৰাজ্য দিৱস উদযাপন কৰিবলৈ বিদেশী অতিথিক নিমন্ত্ৰণ কৰাৰ...

পদ্ম সন্মান লাভ কৰা ব্যক্তিয়ে কি কি লাভ কৰে? তিনিটা সন্মানৰ মাজত কি পাৰ্থক্য আছে?

ভাৰত চৰকাৰে প্ৰতি বছৰে গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত পদ্ম সন্মান...

গুৱাহাটী বিশ্ববিদ্যালয়ত ‘উল্লাস’ৰ এদিনীয়া কৰ্মশালা

গুৱাহাটী বিশ্ববিদ্যালয়ত 'উল্লাস'ৰ এদিনীয়া কৰ্মশালাঅনাখৰীজনো শিক্ষিত, সাক্ষৰ কৰিবলৈ লাগিব...

বৃহস্পতিবাৰে লাভ কৰিছিল চাকৰিৰ এপইণ্টমেণ্ট লেটাৰ, চাকৰিত যোগদান কৰা নহ’ল…তীব্ৰবেগী এম্বুলেঞ্চৰ খুন্দাত শেষ হৈ গ’ল সকলো

সৰস্বতী পূজাৰ দিনটোতেই গুৱাহাটীৰ কাহিলীপাৰাত ভয়ংকৰ পথ দুৰ্ঘটনা। এম্বুলেঞ্চৰ...