অসম-অৰুণাচল প্ৰদেশ সদায়েই ভাতৃত্বৰ এনাজৰীৰে বান্ধ খাই আছে, আমি দুয়োখন ৰাজ্যক সমানে আগুৱাই নিব লাগিব: মন্ত্ৰী পীযুষ হাজৰীকা

অৰুণাচল প্ৰদেশৰ নামচাইত “পয় পী মাও টাই” উৎসৱত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ মন্ত্ৰী পীযুষ হাজৰীকাৰ

অসম চৰকাৰৰ তথ্য আৰু জনসংযোগ ইত্যাদি বিভাগৰ মন্ত্ৰী পীযুষ হাজৰীকাই আজিৰে পৰা অৰুণাচল প্ৰদেশৰ নামচাইত আৰম্ভ হোৱা টাই খামতিসকলৰ নৱবৰ্ষৰ উৎসৱ “পয় পী মাও টাই”ৰ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে উপস্থিত থাকে। অৰুণাচল প্ৰদেশৰ উপ-মুখ্যমন্ত্ৰী চৌনা মেইন সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী দাচাংলু পুলৰ উপস্থিতিত মন্ত্ৰী হাজৰীকাই উৎসৱৰ শুভাৰম্ভণি কৰি সকলোকে টাই খামতি নৱবৰ্ষৰ শুভকামনা জনায়।

ভাষণ প্ৰসংগত মন্ত্ৰীগৰাকীয়ে কয় যে নামচাই পৰ্যতনৰ সম্ভাৱনাৰে পৰিপূৰ্ণ এখন মনোমোহা ঠাই। মূলত: বৌদ্ধ ধৰ্মত বিশ্বাসী নামচাইৰ বাসিন্দাসকলে ভগৱান বুদ্ধৰ শান্তিৰ বাণীৰ প্ৰচাৰ কৰি আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই এই উৎসৱৰ বাবে নিমন্ত্ৰণ কৰা বাবে কৃতজ্ঞতা জনায়।

অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত থকা সম্প্ৰীতিৰ কথা উল্লেখেৰে মন্ত্ৰী হাজৰীকাই কয় যে- ভাতৃৰ মাজত কেতিয়াবা মাটি-বাৰীক লৈ মতান্তৰ হোৱাৰ দৰে অসম আৰু অৰুণাচল প্ৰদেশৰ মাজত সীমাক লৈ কিছু সমস্যা আছিল যদিও দুয়োখন ৰাজ্যৰ মুখ্যমন্ত্ৰী দুগৰাকী ক্ৰমে ড° হিমন্ত বিশ্ব শৰ্মা আৰু পেমা খাণ্ডুৰ আন্তৰিক সদিচ্ছাৰ বাবে সীমা সমস্যা প্ৰায় সমাধান হৈছে। আনহাতে অসম আৰু অৰুণাচল পৰস্পৰে উন্নয়ন হ’বৰ বাবে দুয়োখন ৰাজ্য সমিলমিলেৰে আগবাঢ়ি যাব লাগিব বুলি তেওঁ মন্তব্য কৰে। সাংস্কৃতিকভাৱে উত্তৰ-পূব ভাৰতৰ প্ৰায় সকলো জাতি জনগোষ্ঠীয়েই সম্প্ৰীতিৰ এনাজৰীৰে বান্ধ খাই আছে বুলি মন্তব্য কৰি মন্ত্ৰী হাজৰীকাই কয় যে- উত্তৰ পূৱ ভাৰতৰ সমৃদ্ধ আৰু বিচিত্ৰ সাংস্কৃতিক পৰম্পৰা আৰু সম্প্ৰীতি সমগ্ৰ দেশখনৰে বাবে গৌৰৱৰ কাৰণ। আনহাতে অসম অৰুণাচল প্ৰদেশৰ মাজত আগতেও ভাতৃত্বৰ মধূৰ সম্পৰ্ক আছিল, আজিও আছে আৰু অনাগত দিনতো থাকিব বুলি মন্ত্ৰী হাজৰীকাই ভাষণ প্ৰসংগত নিজৰ বিশ্বাস প্ৰকট কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰায় এবছৰ ধৰি ঘৰত বন্দী বোৱাৰী; স্বামীৰ পৰিয়ালৰ বিৰুদ্ধে নিৰ্যাতনৰ অভিযোগ

অসমত পুনৰ পোহৰলৈ আহিছে বোৱাৰী নিৰ্যাতনৰ এক গুৰুতৰ অভিযোগ।...

ভাৰতৰ ছেমিকণ্ডাক্টৰ উদ্যোগলৈ ভাবুকি; চাইবাৰ আক্ৰমণৰ পৰা সতৰ্ক হোৱাৰ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱৰ

তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে ছেমিকণ্ডাক্টৰ উদ্যোগক চাইবাৰ...

আজি বিশ্ব গঁড় দিৱস; ভাৰতৰ ক’ত, কিমান এশিঙীয়া গঁড় আছে?

আজি বিশ্ব গঁড় দিৱস। প্ৰতি বছৰে ২২ ছেপ্টেম্বৰত বিশ্বৰ...

সদৌ অসম ডায়েট বিষয়া সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীক সাক্ষাত্‍

মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আৰু স্মাৰক-পত্ৰ প্ৰদান গুৱাহাটীৰ লোক সেৱা...