চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা

চলিত মাহতে বিবাহ পাশত আবদ্ধ হ’ব ক্ৰিকেট তাৰকা স্মৃতি মন্ধনা। ক্ৰীড়াজগতৰ ব্যক্তি নহয়, স্মৃতিয়ে বাছি লৈছে বিনোদন জগতৰ এগৰাকী ব্যক্তিক। স্মৃতিৰ হ’বলগীয়া স্বামী পলাশ মুচ্ছল। শাস্ত্ৰীয় সংগীতত বিশেষ নাম আছে পলাশৰ। বৰ্তমান হিন্দী চিনেমাত সুৰকাৰ আৰু পৰিচালক হিচাপে কাম কৰে তেওঁ।

স্মৃতি এতিয়া ভাৰতৰ অন্যতম ধনী ক্ৰিকেট তাৰকা। BCCIৰ সৈতে স্মৃতিৰ চুক্তি আছে, ইয়াৰ জৰিয়তে বাৰ্ষিক ৫০ লাখ টকা লাভ কৰে। টেষ্ট ক্ৰিকেটৰ প্ৰতি মেচত ১৫ লাখ টকা, এদিনীয়া মেচত ৬ লাখ লাভ কৰে। ‘উইমেন্স প্ৰিমিয়াৰ লীগ’ত বেংগালুৰুৰ হৈ খেলে স্মৃতিয়ে আৰু তাত তেওঁৰ মূল্য ৩.৪ কোটি টকা। বিভিন্ন বিজ্ঞাপনৰ পাৰিশ্ৰমিক ৫০ৰ পৰা ৭০ লাখ টকাৰ মাজত। সকলো মিলি বাৰ্ষিক আয় প্ৰায় ৩৫ কোটি টকাৰ ওচৰা-ওচৰি। মুঠ সম্পত্তিৰ হিচাপত সেই পৰিমাণ আৰু বেছি।

আনফালে পলাশে ‘তেৰে বিন লাডেন’, ‘ছুইটি ওৱেডছ এনআৰআই’ ছবিত সুৰ দিছে। অৰিজিত সিং আৰু তেওঁৰ ভনী পলকে গোৱা ‘তু হ্যায় আশিকি’ গানৰ সুৰকাৰো তেওঁ। সুৰকাৰ হোৱাৰ পূৰ্বে অভিনেতা হ’বলৈ চেষ্টা কৰিছিল যদিও সফলতা লাভ নকৰিলে পলাশে। তথাপি ‘কাম চালু হ্যায়’ নামৰ এখন ছবি পৰিচালনা কৰিছে তেওঁ। পলাশৰ মুঠ সম্পত্তি প্ৰায় ৪০ কোটি টকা।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

প্ৰসংগঃ টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টা; পোহৰলৈ আহিল গুলীচালনাত জড়িত ২ দুৰ্বৃত্তৰ প্ৰথমখন ছবি

মুম্বাইত বলীউডৰ অভিনেতা টাইগাৰ শ্ৰফক হত্যাৰ চেষ্টাৰ ঘটনাই চাঞ্চল্যৰ...

ৰায়পুৰত ভাৰতীয় মহিলা ক্ৰিকেট দলৰ জয়; দ্বিতীয়খন T20ত জিম্বাবুৱেক ৯ উইকেটত পৰাস্ত ভাৰতৰ

মহিলা ক্ৰিকেটত ৰায়পুৰৰ শ্বহীদ বীৰ নাৰায়ণ সিং আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট...

পৰম্পৰা, প্ৰাৰ্থনা আৰু কঙালীৰ বিষাদেৰে ৰাজ্যজুৰি কাতি বিহু উদযাপন

অসমৰ চহৰ-নগৰ, গাঁও-ভূঁইৰ লগতে সত্ৰ-নামঘৰসমূহত পৰম্পৰাগত ৰীতি-নীতিৰে উদযাপন কৰা...

৭ দিনৰ ভিতৰত হৰমুজ প্ৰণালী মুকলি কৰাৰ বাবে আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত

আমেৰিকাৰ সন্মুখত ইৰানৰ ৭টা চৰ্ত; নিষেধাজ্ঞা প্ৰত্যাহাৰ আৰু আঞ্চলিক...