হাৰিকেন মেলিছা : ঘণ্টাত ২৯৫ কিঃমিঃ বেগেৰে বতাহ বলিছে জামাইকাত!

দক্ষিণ-পশ্চিম জামাইকাত হাৰিকেন মেলিছাৰ তাণ্ডৱ। ঘণ্টাত ২৯৫ কিলোমিটাৰ বেগেৰে বলিছে বতাহ। এই কথা জনাইছে আমেৰিকাৰ নেচনেল হাৰিকেন চেণ্টাৰে। এই শক্তিশালী ঘূৰ্ণিবতাহক কেটেগৰি-৫ বুলি চিহ্নিত কৰা হৈছে। ১৭৪ বছৰত এনে ভয়ংকৰ ধুমুহা দেখা নাই জামাইকাই।

লেণ্ডফলৰ আগতেই হাৰিকেনৰ প্ৰভাৱত কেৰিবিয়ান দ্বীপপুঞ্জত মৃত্যু হৈছে সাত জনৰ। তেওঁলোকৰ মাজত তিনিজনেই জামাইকাৰ বাসিন্দা। হাইতিত মৃত্যু হৈছে তিনিজনৰ। ধুমুহাৰ বাবে বাসিন্দাসকলক বাৰে বাৰে সতৰ্ক কৰিছে প্ৰশাসনে। তেওঁলোকৰ আশংকা, এই ধুমুহাৰ ফলত বিপুল ক্ষয়ক্ষতি আৰু প্ৰাণহানি হ’ব পাৰে। জামাইকাৰ প্ৰধানমন্ত্ৰী এণ্ড্ৰিউ হ’লনেছে জনাইছে যে, মেলিছাৰ মোকাবিলা কৰিব পৰা ধৰণৰ পৰিকাঠামো দেশত নাই। সেয়েহে তেওঁ নাগৰিকসকলক সাৱধান হৈ থাকিবলৈ আহ্বান জনাইছে।

জামাইকাত ধুমুহাৰ প্ৰকোপত বিদ্যুৎ সংযোগ বিচ্ছিন্ন হৈছে অধিকাংশ এলেকাত। অন্ধকাৰত আছে দুই লক্ষাধিক মানুহ। অধিকাংশ চিকিত্সালয়ত বিদ্যুতৰ যোগান ব্যাহত হৈ পৰিছে। এই ঘূৰ্ণিধুমুহাজাক ইমান শক্তিশালী যে, সমুদ্ৰত বহু উচ্চতাৰ ঢৌৰ সৃষ্টি হৈছে। লেণ্ডফলৰ সময়ত হাৰিকেনৰ কেটেগৰি থাকিব পাঁচ। দ্বীপৰ ওপৰেৰে যোৱাৰ সময়ত ইয়াৰ শক্তি কমি কেটেগৰি-৪লৈ যাব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...