পাটাছাৰকুছিত সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাৰ সুবিশাল ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ সম্পূৰ্ণ

পাটাছাৰকুছিৰ প্ৰাগজ্যোতি ক্লাবৰ উদ্যোগত আৰু ৰাইজৰ সহযোগত সুধাকণ্ঠ ড° ভূপেন হাজৰিকাৰ এটি বিশাল ব্ৰঞ্জৰ আবক্ষ মূৰ্তিৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হৈছে। পাটাছাৰকুছি পৰিদৰ্শন বঙলাৰ চৌহদত স্থাপিত এই মূৰ্তিটোৰ উচ্চতা ১৫ ফুট আৰু সৰ্বোচ্চ পৰিধি ২৭ ফুট। ৩৫০৮ কিলোগ্ৰাম ব্ৰঞ্জৰে নিৰ্মিত এই মূৰ্তিটো উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত আটাইতকৈ বৃহৎ ব্ৰঞ্জৰ আবক্ষ মূৰ্তি বুলি চৰ্চিত হৈছে।

এই মূৰ্তিটো বিশ্ববৰেণ্য শিল্পী ড° ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ সৈতে সংগতি ৰাখি নৱেম্বৰ মাহৰ প্ৰথম ভাগত মুকলি কৰাৰ পৰিকল্পনা কৰা হৈছে। ক্লাবৰ সভাপতি তথা আবক্ষ মূৰ্তি নিৰ্মাণ সমিতিৰ সম্পাদক ৰফিকুল হকে জানিবলৈ দিয়া অনুসৰি, এই ব্যয়বহুল প্ৰকল্পটোৱে অসমৰ সাংস্কৃতিক ইতিহাসত এক স্মৰণীয় অধ্যায় ৰচনা কৰিব।

মূৰ্তিটোৰ নিৰ্মাণত তেজপুৰৰ বিশিষ্ট ভাস্কৰ্য শিল্পী অলকেশ পৰাশৰে প্ৰায় এবছৰ ধৰি প্লাষ্টাৰ অৱ পেৰিছ (পি ও পি)ৰে মডেলিং কৰি প্ৰাৰম্ভিক মূৰ্তি তৈয়াৰ কৰিছিল। তাৰ পিছত পশ্চিমবংগৰ শান্তি নিকেতনৰ বিশিষ্ট ব্ৰঞ্জ কাষ্টিং শিল্পী মুক্তাৰ মল্লিকৰ নেতৃত্বত এটি ৭-৮ জনীয়া দলে প্ৰায় ১৮ মাহ ধৰি নিৰ্মাণ কাৰ্য চলাই মূৰ্তিটো ব্ৰঞ্জত ৰূপান্তৰিত কৰিছে। মূৰ্তিটো স্থাপনৰ বাবে বেদীটোও অলকেশ পৰাশৰৰ মডেলিং মৰ্মে আকৰ্ষণীয়ভাৱে নিৰ্মাণ কৰা হৈছে।

এই মূৰ্তিটোয়ে ইতিমধ্যে বিভিন্ন বিশিষ্ট ব্যক্তিৰ দৃষ্টি আকৰ্ষণ কৰিছে। সুধাকণ্ঠৰ সহযোগী বাদ্যযন্ত্রী কমল কটকী, সংগীত শিল্পী সদানন্দ গগৈ, মণীষা হাজৰিকা, সংগীতা কাকতি, মৌচুমী চহৰীয়া, বিশিষ্ট সাহিত্যিক ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ লগতে স্থানীয় বিধায়ক তথা অসম চৰকাৰৰ জ্যেষ্ঠ কেবিনেট মন্ত্রী ৰনজিৎ কুমাৰ দাসে মূৰ্তিটো পৰিদৰ্শন কৰি ইয়াৰ কাৰুকাৰ্যৰ প্ৰশংসা কৰিছে। ফণীন্দ্ৰ কুমাৰ দেৱ চৌধুৰীৰ প্ৰস্তাৱমৰ্মে মূৰ্তিস্থলীৰ চৌহদটিক “সুধাতীৰ্থ” নামেৰে নামকৰণ কৰা হৈছে।

ইফালে, ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা “সুধাতীৰ্থ”লৈ যোৱা পথটো বজালী জিলাৰ জিলা আয়ুক্ত মৃদুল কুমাৰ দাসৰ তৎপৰতাত লোকনিৰ্মাণ বিভাগে বহলকৈ নিৰ্মাণ কৰাৰ লগতে ক্লাবৰ উদ্যোগত পথৰ সৌন্দৰ্য্যবৰ্ধন আৰু পোহৰৰ ব্যৱস্থা কৰা হৈছে। এই সকলো প্ৰচেষ্টাই আকৰ্ষণ আৰু গৌৰৱ বৃদ্ধি কৰিছে।

এই বৃহৎ ব্ৰঞ্জৰ আবক্ষ মূৰ্তিটোৱে অসমৰ সাংস্কৃতিক ঐতিহ্যৰ এক স্থায়ী নিদৰ্শন হিচাপে পাটাছাৰকুছিৰ ইতিহাসত স্থান দখল কৰাৰ লগতে পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হ’ব বুলি আশা কৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...