বিশ্ব ক্ৰিকেটৰ মঞ্চত পুনৰ অপমানিত হ’ল পাকিস্তান; হৰমনপ্ৰীত কৌৰে কৰমৰ্দন কৰিবলৈ অস্বীকাৰ কৰিলে ফাতিমাক

সদ্যসমাপ্ত ২০২৫ চনৰ এছিয়া কাপত ভাৰতীয় পুৰুষ দলে পাকিস্তানক পৰাজিত কৰি খিতাপ জয় কৰিছিল। এতিয়া পাল ভাৰতীয় মহিলা দলৰ। কলম্বোৰ আৰ. প্ৰেমদাসা ষ্টেডিয়ামত মহিলা ODI বিশ্বকাপৰ মেচত ভাৰতীয় মহিলা দলে পাকিস্তান মহিলা দলক পৰাজিত কৰাৰ বাবে যুঁজি আছে। ইয়াৰ পূৰ্বে টছৰ সময়ত পাকিস্তান পুনৰ এবাৰ অপমানৰ সন্মুখীন হ’বলগীয়া হৈছে। ভাৰতীয় মহিলা দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে পাকিস্তানৰ অধিনায়ক ফাতিমা ছানাৰ সৈতে কৰমৰ্দন কৰা নাছিল, যাৰ ফলত পাক অধিনায়ক গৰাকী হতবাক হৈ ৰৈছিল।

শ্ৰীলংকাৰ বিৰুদ্ধে দুৰ্দান্ত জয়ৰ সৈতে এই টুৰ্ণামেণ্টৰ শুভাৰম্ভণি কৰা ভাৰতীয় মহিলা দলে পাকিস্তানৰ বিৰুদ্ধেও জয়ৰ ধাৰা অব্যাহত ৰাখিবলৈ আগ্ৰহী। এই সময়ত দলৰ অধিনায়ক হৰমনপ্ৰীত কৌৰে টছৰ সময়ত পাকিস্তান মহিলা দলৰ অধিনায়ক ফাতিমা ছানাৰ সৈতে হাত মিলোৱা নাছিল। এই ঘটনাই পাকিস্তানৰ দলক তীব্ৰ আঘাত দিছে। পেহেলগামত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণৰ প্ৰতিবাদত মহিলা দলে এই পদক্ষেপ গ্ৰহণ কৰিছে। এই সময়ত পাকিস্তানে টছ জিকি প্ৰথমে ফিল্ডিং কৰাৰ সিদ্ধান্ত লৈছে।

ইয়াৰ আগতে ২০২৫ চনৰ এছিয়া কাপত সূৰ্যকুমাৰ যাদৱে পাকিস্তানৰ অধিনায়ক ছলমান আগাৰ সৈতে হাত নিমিলোৱাৰ ঘটনাই ব্যাপক বিতৰ্কৰ সৃষ্টি কৰিছিল। সেই সময়ত ভাৰতীয় দলে পাকিস্তান ক্ৰিকেট ব’ৰ্ড (PCB) আৰু এছিয়ান ক্ৰিকেট কাউন্সিলৰ (ACC) সভাপতি মোহচিন নকৱীৰ পৰা ট্ৰফী গ্ৰহণ কৰাৰ পৰাও অস্বীকাৰ কৰিছিল। ইয়াৰ পিছত মোহচিন নকৱীয়ে ট্ৰফী লৈ উভতি গৈছিল। এই বিতৰ্ক এতিয়াও সমাধান হোৱা নাই।

ভাৰতীয় মহিলা দলে এতিয়ালৈকে পাকিস্তান মহিলা দলৰ বিৰুদ্ধে ODI ফৰ্মেটত এখনো খেলত পৰাজয়ৰ সন্মুখীন হোৱা নাই। এতিয়ালৈকে দুয়োটা দলৰ মাজত ১১খন ODI মেচ অনুষ্ঠিত হৈছে। এই সকলো মেচতে ভাৰতীয় মহিলা দলে জয়লাভ কৰিছে। ODI বিশ্বকাপত দুয়োটা দলৰ মাজত এতিয়ালৈকে ৪খন মেচ খেলা হৈছে, আৰু সকলো মেচতে ভাৰতীয় দলে জয়ৰ হাঁহি মাৰিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ডিব্ৰুগড় ডায়েটত ৩ দিনীয়া সমাজ সেৱা কাৰ্যসূচী

ভৱিষ্যতৰ শিক্ষকসকলৰ মাজত সামাজিক দায়িত্ববোধ, পৰিৱেশ সচেতনতা আৰু নেতৃত্বৰ...

IIM গুৱাহাটীৰ প্ৰথম শিক্ষাবৰ্ষৰ MBA পাঠ্যক্ৰমৰ শুভাৰম্ভ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ

অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ উচ্চ শিক্ষা খণ্ডত এক নতুন দিগন্তৰ...

শিৱসাগৰত বানাক্ৰান্তৰ কাষত RSS: বেতবাৰী আৰু আমগুৰিত সাহায্য সামগ্ৰী বিতৰণ

'জনসেৱাই প্ৰভু সেৱা'—এই মহান আদৰ্শক শিৰোগত কৰি সাম্প্ৰতিক ভয়াৱহ...

অনশন বন্ধ কৰিবলৈ সন্মত সোনম ৱাংচুক; চৰ্ত ৰাখিলে ৩টা

বিখ্যাত শিক্ষাবিদ তথা সক্ৰিয় সমাজকৰ্মী সোনম ৱাংচুকে (Sonam Wangchuk)...