সংসদৰ দুয়োখন সদনৰ মঞ্জুৰিৰ পিছত ৰাষ্ট্ৰপতিৰ অনুমোদনৰ জৰিয়তে দেশত ৱাকফ বোৰ্ড (সংশোধন) অধিনিয়ম-২০২৫ কাৰ্যকৰী হৈছে। কিন্তু এই আইনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰা হৈছিল। এই আবেদনসমূহৰ শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ বি আৰ গাভাইৰ নেতৃত্বত দুজনীয়া ন্যায়াধীশৰ খণ্ডপীঠে ৱাকফ আইনৰ কিছুমান নিৰ্দিষ্ট বিধানৰ ওপৰত সাময়িকভাৱে নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা চূড়ান্ত সিদ্ধান্ত নোলোৱালৈকে কাৰ্যকৰী হৈ থাকিব।
ন্যায়ালয়ৰ এই সিদ্ধান্তৰ ফলত ৱাকফ আইনত কি কি পৰিৱৰ্তন হ’ল, আগতে কি আছিল আৰু এতিয়া কি হ’ল?
ধাৰা ৩(r)ৰ ওপৰত নিষেধাজ্ঞা
ৱাকফ আইনত এটা বিধান আছিল যে কোনো ব্যক্তিয়ে কমেও পাঁচ বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰিলেহে তেওঁ কোনো সম্পত্তি ৱাকফ (দান) কৰিব পাৰিব। এই বিধান আইনৰ ধাৰা ৩(r)ত অন্তৰ্ভুক্ত আছিল। উচ্চতম ন্যায়ালয়ে এই বিধানৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে। এই নিষেধাজ্ঞা তেতিয়ালৈকে কাৰ্যকৰী হৈ থাকিব, যেতিয়ালৈকে ৰাজ্য চৰকাৰে কোনো ব্যক্তি মুছলমান হয় নে নহয়, তাৰ পৰীক্ষণৰ বাবে সুনিৰ্দিষ্ট নিয়ম প্ৰণয়ন নকৰে।
উচ্চতম ন্যায়ালয়ৰ মতে, এনে নিয়ম বা ব্যৱস্থা অবিহনে এই বিধানৰ জৰিয়তে ক্ষমতাৰ অপব্যৱহাৰৰ আশংকা থাকিব। মিডিয়াৰ প্ৰতিবেদন অনুসৰি, ৱাকফ (সংশোধন) অধিনিয়ম-২০২৫ত এটা বিধান আছে যে কমেও পাঁচ বছৰ ধৰি ইছলাম ধৰ্ম পালন কৰা ব্যক্তিয়েহে ৱাকফ বোৰ্ডৰ সদস্য হ’ব পাৰিব। উচ্চতম ন্যায়ালয়ে এই বিধানৰ ওপৰতো নিষেধাজ্ঞা জাৰি কৰিছে। ৰাজ্য চৰকাৰে এই বিষয়ে উপযুক্ত নিয়ম প্ৰণয়ন নকৰালৈকে এই চৰ্ত কাৰ্যকৰী নহ’ব।
কালেক্টৰৰ প্ৰতিবেদনৰ বাধ্যতামূলকতাৰ ওপৰত নিষেধাজ্ঞা
ৱাকফ (সংশোধন) অধিনিয়ম-২০২৫ৰ ধাৰা ৩চি (Section 3C)ত এটা বিধান আছিল যে কোনো সম্পত্তি তেতিয়ালৈকে ৱাকফ হিচাপে গণ্য নহ’ব, যেতিয়ালৈকে সংশ্লিষ্ট কৰ্তৃপক্ষৰ পৰা (কালেক্টৰ) প্ৰতিবেদন পোৱা নাযায় যে ৱাকফ ঘোষণাত কোনো ধৰণৰ চৰকাৰী সম্পত্তি জড়িত নাই। ন্যায়ালয়ে এই বিধানৰ ওপৰত নিষেধাজ্ঞা জাৰি কৰিছে, কাৰণ কোনো ব্যক্তিৰ ব্যক্তিগত অধিকাৰৰ ওপৰত কালেক্টৰক সিদ্ধান্ত লোৱাৰ ক্ষমতা দিয়াটো ক্ষমতাৰ পৃথকীকৰণৰ নীতিৰ উলংঘন হ’ব।
অমুছলমান সদস্যৰ সংখ্যা তিনিজনতকৈ বেছি নহয়
ৱাকফ (সংশোধন) অধিনিয়ম-২০২৫ত উল্লেখ আছে যে ৱাকফ বোৰ্ডৰ ১১ জন সদস্যৰ ভিতৰত অমুছলমান সদস্যও থাকিব পাৰে। উচ্চতম ন্যায়ালয়ে সিদ্ধান্ত লৈছে যে ৱাকফ বোৰ্ডত তিনিজনতকৈ বেছি অমুছলমান সদস্য থাকিব নোৱাৰে। ইয়াৰ উপৰিও কেন্দ্ৰীয় ৱাকফ পৰিষদৰ ২২ জন সদস্যৰ ভিতৰত চাৰিজনতকৈ বেছি অমুছলমান সদস্য থাকিব নোৱাৰে।
উচ্চতম ন্যায়ালয়ে ৱাকফ আইনৰ ধাৰা ২৩ৰ ওপৰত কোনো নিষেধাজ্ঞা জাৰি কৰা নাই। এই ধাৰাত ৱাকফ বোৰ্ডৰ পদাধিকাৰী সদস্য (চিইঅ’)ৰ নিযুক্তিৰ বিধান আছে। উচ্চতম ন্যায়ালয়ে কৈছে যে যিমানদূৰ সম্ভৱ, এই পদত মুছলমান ব্যক্তিকহে নিযুক্তি দিয়া উচিত।
ৱাকফ সম্পত্তিৰ পঞ্জীয়নৰ ওপৰত কোনো নিষেধাজ্ঞা নাই
উচ্চতম ন্যায়ালয়ে ৱাকফ সম্পত্তিৰ পঞ্জীয়নৰ বিধানৰ ওপৰত কোনো নিষেধাজ্ঞা জাৰি কৰা নাই। উচ্চতম ন্যায়ালয়ে মানি লৈছে যে এনে ব্যৱস্থা পূৰ্বৰ পৰাই আছিল। পঞ্জীয়নৰ বাবে নিৰ্ধাৰিত সময়সীমা সংশোধনৰ প্ৰয়োজনীয়তাৰ উদ্বেগৰ প্ৰতি উচ্চতম ন্যায়ালয়ে কৈছে যে তেওঁলোকৰ আদেশত এই বিষয়টোৰ প্ৰতি লক্ষ্য ৰখা হৈছে। উচ্চতম ন্যায়ালয়ৰ মতে, ১৯৯৫ৰ পৰা ২০১৩লৈকে পঞ্জীয়নৰ ব্যৱস্থা আছিল, আৰু এতিয়াও আছে। গতিকে পঞ্জীয়ন নতুন কিবা নহয়।
ইয়াৰ উপৰিও, উচ্চতম ন্যায়ালয়ে চৰকাৰে নিৰ্ধাৰিত বিধান অনুসৰি ৱাকফৰ সংজ্ঞাৰ পৰা ‘ৱাকফ বাই ইউজাৰ’ (Waqf by User) বিলোপ কৰাৰ ওপৰতো কোনো নিষেধাজ্ঞা জাৰি কৰা নাই। পূৰ্বৰ আইনত ‘ৱাকফ বাই ইউজাৰ’ৰ বিধান আছিল, অৰ্থাৎ যদি কোনো সম্পত্তিৰ ওপৰত ৱাকফৰ দীৰ্ঘদিনীয়া দখল থাকে, তেন্তে সেই সম্পত্তি ৱাকফৰ সম্পত্তি হিচাপে গণ্য হ’ব, যদিও বোৰ্ডৰ হাতত তাৰ কাগজপত্ৰ নাথাকে। নতুন আইনত এই বিধান আঁতৰাই পেলোৱা হৈছে।
উচ্চতম ন্যায়ালয়ত দাখিল হৈছিল আবেদন
লোকসভাই ৱাকফ (সংশোধন) অধিনিয়ম-২০২৫ এই বছৰৰ ৩ এপ্ৰিলত গৃহীত কৰিছিল। পৰৱৰ্তী দিনা ৪ এপ্ৰিলত ৰাজ্যসভাইও ইয়াক গৃহীত কৰে। তাৰ পিছত ৫ এপ্ৰিলত ৰাষ্ট্ৰপতিয়ে এই আইনৰ অনুমোদন জনায়। ১৯৯৫ৰ ৱাকফ আইনত সংশোধনৰ পিছত নতুন আইনৰ জৰিয়তে ৱাকফ সম্পত্তিৰ ব্যৱস্থাপনা কৰা হ’ব। নতুন আইনৰ সংশোধনৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ত কেইবাখনো আবেদন দাখিল কৰি ইয়াৰ আইনী বৈধতাক প্ৰত্যাহ্বান জনোৱা হৈছিল। লগতে নতুন আইন বাতিলৰ দাবী উত্থাপন কৰা হৈছিল। উচ্চতম ন্যায়ালয়ে সম্পূৰ্ণ আইন বাতিলৰ দাবী নাকচ কৰি কিছুমান নিৰ্দিষ্ট বিধানৰ ওপৰত সাময়িক নিষেধাজ্ঞা জাৰি কৰিছে।
