মৃত্যুৰ সংখ্যাই ১১০০ অতিক্ৰম কৰিলে, প্ৰায় ৩০০০ লোক আহত! ভূমিকম্পত বিধ্বস্ত আফগানিস্তানলৈ ভাৰতে প্ৰেৰণ কৰিছে সাহায্য

আফগানিস্তানত দেওবাৰে গভীৰ নিশা অহা ভূমিকম্পত মৃতকৰ সংখ্যাই ১১০০ অতিক্ৰম কৰিছে। আহত হৈছে প্ৰায় তিনি হাজাৰ লোক। কিন্তু তালিবান শাসিত এই যুদ্ধবিধ্বস্ত দেশখনত জনসাধাৰণে প্ৰয়োজনীয় চিকিৎসা পাব নে নাই, তাক লৈ প্ৰশ্ন উঠিছে। এনে পৰিস্থিতিত ভাৰতে নিকটৱৰ্তী দেশখনলৈ সাহায্যৰ হাত আগবঢ়াইছে।

দেওবাৰে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ এক্স হেণ্ডলত প্ৰায় ১১০০ লোকৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰিছে। বিদেশ মন্ত্ৰী এছ জয়শংকৰে জনাইছে যে, ভাৰতে আফগানিস্তানক সৰ্বপ্ৰকাৰে মানৱীয় সাহায্য প্ৰদানৰ বাবে সাজু। সোমবাৰে নিশা ভাৰতৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা জনোৱা হৈছে যে, আফগানিস্তানলৈ সাহায্য পঠোৱাৰ কাম আৰম্ভ হৈছে। বিদেশ মন্ত্ৰণালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছোৱালে জনাইছে যে, চাউলৰ বস্তা, তম্বু আৰু অন্যান্য খাদ্যসামগ্ৰীৰে ভৰ্তি ট্ৰাক কাবুলৰ উদ্দেশ্যে ৰাওনা হৈছে।

ইফালে, জয়শংকৰে জনাইছে যে, তেওঁৰ আফগানিস্তানৰ বিদেশ মন্ত্ৰী মৌলবী আমীৰ খান মুত্তাকিৰ সৈতে কথা-বতৰা হৈছে। জয়শংকৰে কয়, “ভূমিকম্পত প্ৰাণহানি হোৱা দেশখনৰ জনসাধাৰণৰ বাবে মই তেওঁলৈ সমবেদনা জনাইছো। তেওঁক জনাইছো যে, ভাৰতে আজি কাবুললৈ ১০০০ পৰিয়ালৰ বাবে তম্বু পঠিয়াইছে। ইয়াৰ উপৰিও ১৫ টন খাদ্যসামগ্ৰী কুনাৰলৈ পঠোৱা হৈছে। কাইলৈৰ পৰা ভাৰতৰ পৰা আৰু অধিক সাহায্য পঠোৱা আৰম্ভ হ’ব। এই কঠিন সময়ত ভাৰত আফগানিস্তানৰ কাষত আছে। আহতসকলৰ সোনকালে সুস্থ হোৱাৰ কামনা কৰো।”

ৰাষ্ট্ৰসংঘৰ মানৱীয় বিষয়ৰ সমন্বয় কাৰ্যালয় (ইউএনঅ’চিএইচএ)-ৰ এটা প্ৰতিবেদন অনুসৰি, দেওবাৰৰ নিশাৰ ভূমিকম্প পাকিস্তান-আফগানিস্তান সীমান্তৰ ওচৰৰ নানগৰহৰ প্ৰদেশত সংঘটিত হৈছিল। ভূমিকম্পৰ কেন্দ্ৰস্থল আছিল মূলতঃ কামা জিলা। নানগৰহৰৰ লগতে কুনাৰ, লাঘমান আৰু নুৰিস্তান প্ৰদেশো ব্যাপকভাৱে ক্ষতিগ্ৰস্ত হৈছে। প্ৰাথমিক প্ৰতিবেদন অনুসৰি, প্ৰায় ১২,০০০ লোক প্ৰত্যক্ষভাৱে ক্ষতিগ্ৰস্ত হৈছে। এতিয়ালৈকে কমেও ৮০০ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। কিন্তু মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশংকা কৰা হৈছে। প্ৰশাসনৰ আশংকা, ধ্বংসস্তূপৰ তলত বহু লোক চাপ খাই আছে। সেয়েহে তৎপৰতাৰে উদ্ধাৰকাৰ্য চলি আছে।

দেওবাৰে গভীৰ নিশা (ভাৰতীয় সময় অনুসৰি ৰাতি প্ৰায় এটাত) প্ৰথমবাৰৰ বাবে আফগানিস্তানৰ উত্তৰ-পূবৰ কুনাৰ প্ৰদেশত ভূমিকম্প হৈছিল। ৰাষ্ট্ৰীয় ভূকম্পবিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৬.৩। কম্পনৰ উৎসস্থল আছিল ভূপৃষ্ঠৰ পৰা ৮ কিলোমিটাৰ গভীৰতাত। তাৰ পিছতো আফগানিস্তানত কেইবাটাও পৰৱৰ্তী কম্পন (আফটাৰশ্বক) অনুভূত হয়। তাৰ ভিতৰত কমেও দুটা কম্পনৰ তীব্ৰতা ৫ৰ ওপৰত আছিল। কম্পনৰ তীব্ৰতা ইমানেই প্ৰবল আছিল যে, ভাৰতৰ জম্মু-কাশ্মীৰ আৰু দিল্লীৰ আশে-পাশে থকা অঞ্চলসমূহতো কম্পন অনুভৱ কৰা হৈছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...

অস্ত্ৰৰ পৰা আৰম্ভ কৰি তেল আৰু সন্ত্ৰাসবাদ বিৰোধী অভিযান… পুটিনৰ ভাষণৰ পৰা ১০টা ডাঙৰ কথা

দিল্লীৰ হায়দৰাবাদ হাউছত হোৱা আলোচনাৰ অন্তত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী...

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...