আমেৰিকাৰ ফেডাৰেল ৰিজাৰ্ভৰ পৰা কৃষ্ণাংগ মহিলাক অপসাৰণ; ট্ৰাম্পৰ বিৰুদ্ধে বৰ্ণবাদৰ অভিযোগ

আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সম্প্ৰতি লিজা কুক নামৰ এগৰাকী কৃষ্ণাঙ্গ মহিলাক ফেডাৰেল ৰিজাৰ্ভৰ ব’ৰ্ড অৱ গভৰ্নৰৰ পদৰ পৰা অপসাৰণ কৰিছে। উল্লেখ্য যে, লিজা কুক আছিল এই ব’ৰ্ডৰ প্ৰথম কৃষ্ণাঙ্গ মহিলা সদস্য। এই ঘটনাৰ পিছৰ দিনাই হোৱাইট হাউছে এখন ফটো প্ৰকাশ কৰে, য’ত দেখা গৈছে যে ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্প আৰু তেওঁৰ মন্ত্ৰীসভাৰ সকলো সদস্যই বৃদ্ধাঙ্গুলি (থাম্বছ আপ) তুলি হাঁহিছে। কিন্তু ২৪ জনীয়া এই দলটোত মাত্ৰ এজন কৃষ্ণাঙ্গ ব্যক্তি আছিল। এই ঘটনাৰ পিছতেই বৰ্ণবিদ্বেষৰ অভিযোগ উত্থাপিত হৈছে। যদিও ট্ৰাম্পে এই অভিযোগ অস্বীকাৰ কৰিছে।

‘ব্লেক ভ’টাৰ্ছ মেটাৰ’ সংস্থাৰ সহ-প্ৰতিষ্ঠাতা লাটোছা ব্ৰাউনে এই ঘটনাক “পৰমাণৱিক বোমাৰ দৰে মাৰাত্মক” বুলি বৰ্ণনা কৰি ট্ৰাম্পৰ বিৰুদ্ধে দাবী কৰিছে যে, “মাৰ্কিন ৰাষ্ট্ৰপতিয়ে ফেডাৰেল ৰিজাৰ্ভক নিজৰ নিয়ন্ত্ৰণলৈ আনিব খোজে। যদি তেনে হয়, তেন্তে এই সংস্থা আৰু স্বশাসিত হৈ নাথাকিব।”

ট্ৰাম্পৰ দাবী অনুসৰি, লিজা কুকক বন্ধকী ঋণৰ নথিপত্ৰত জালিয়াতি কৰাৰ বাবে অপসাৰণ কৰা হৈছে। কিন্তু কুকে ট্ৰাম্পৰ বিৰুদ্ধে ওলোটা গোচৰ ৰুজু কৰিছে। তেওঁ এই পদৰ পৰা ইস্তেফা দিবলৈ অস্বীকাৰ কৰিছে আৰু দাবী কৰিছে যে, ট্ৰাম্পৰ হাতত তেওঁক অপসাৰণৰ ক্ষমতা নাই।

নিউ ইয়ৰ্ক টাইমছৰ প্ৰতিবেদন অনুসৰি, আমেৰিকাৰ চৰকাৰী কৰ্মক্ষেত্ৰত মুঠ কৰ্মীৰ ১২ শতাংশ কৃষ্ণাঙ্গ মহিলা। প্ৰজন্মৰ পিছত প্ৰজন্ম ধৰি আমেৰিকাৰ কৃষ্ণাঙ্গ নাগৰিকসকলে ব্যাপক বৈষম্যৰ সন্মুখীন হৈ আহিছে। ১৯৬৪ চনৰ নাগৰিক অধিকাৰ আইন অনুসৰি, সকলোৱে সমান অধিকাৰ পাব, কৰ্মক্ষেত্ৰত জাতি, ধৰ্ম, বৰ্ণ বা লিংগৰ ভিত্তিত কোনো বৈষম্য হ’ব নোৱাৰে, আৰু সকলোৱে সমান আৰু ন্যায্য বেতনৰ লগতে পদোন্নতিৰ সুযোগ পাব। তথাপিও, ২০২৫ চনত এই আইন ভংগ হৈছে বুলি অভিযোগ উত্থাপিত হৈছে।

গৱেষক কেটিকা ৰয়ৰ দাবী অনুসৰি, চলিত বছৰৰ ফেব্ৰুৱাৰী মাহৰ পৰা জুলাইমাহলৈকে চৰকাৰী আৰু বেচৰকাৰী কৰ্মক্ষেত্ৰৰ পৰা ৩ লাখ ১৯ হাজাৰ কৃষ্ণাঙ্গ মহিলাই চাকৰি হেৰুৱাইছে। আনহাতে, একে সময়ত ১ লাখ ৪২ হাজাৰ শ্বেতাঙ্গ মহিলা আৰু ১ লাখ ৭৬ হাজাৰ হিস্পেনিক (স্পেনীয় বংশোদ্ভূত) মহিলাই চাকৰি লাভ কৰিছে। ইয়াৰ সমান্তৰালকৈ কৰ্মক্ষেত্ৰত শ্বেতাঙ্গ পুৰুষৰ সংখ্যা ৩ লাখ ৬৫ হাজাৰলৈ বৃদ্ধি পাইছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...