আফগানিস্তানত হোৱা ভূমিকম্পত মৃতকৰ সংখ্যা ৬১০জনলৈ বৃদ্ধি | উদ্ধাৰ কাৰ্য অব্যাহত

আফগানিস্তানত ভূমিকম্পৰ ফলত মৃতকৰ সংখ্যা ৬১০গৰাকীলৈ বৃদ্ধি পাইছে। আহত হৈছে আৰু বহু লোক। ৰয়টাৰ্ছ বাতৰি সংস্থাৰ প্ৰতিবেদন অনুসৰি, গভীৰ নিশা আফগানিস্তানৰ উত্তৰ-পূৰ্বাঞ্চলৰ কুনাৰ প্ৰদেশত ৬ মাত্ৰাৰ কম্পন অনুভূত হৈছিল। কিছু ঠাইত ঘৰ-বাৰী সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছে। প্ৰশাসনৰ আশংকা – ধ্বংসস্তূপৰ তলত বহু লোক আৱদ্ধ হৈ আছে। উদ্ধাৰ কাৰ্য তৎপৰতাৰে আৰম্ভ হৈছে।

দেশখনৰ স্বাস্থ্য মন্ত্ৰণালয়ৰ সূত্ৰ অনুসৰি, জালালাবাদৰ ওচৰৰ এখন গাঁৱত ৩০ জনৰ মৃত্যু হৈছে। নানগাৰহাৰত এতিয়ালৈকে ৯ জনৰ মৃত্যু হৈছে। আহতৰ সংখ্যা কমেও ২৫ জন। তেওঁলোকক স্থানীয় চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু ওচৰ-পাজৰৰ গাঁওসমূহৰ হিচাপত মৃতকৰ সংখ্যা শতাধিক অতিক্ৰম কৰিব পাৰে বুলি আশংকা কৰা হৈছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ মুখপাত্ৰ শ্বাৰাফাত জামানে কৈছে, “যি দেখা গৈছে, হতাহতৰ সংখ্যা যথেষ্ট বেছি। কিন্তু তুলনামূলকভাৱে দুৰ্গম অঞ্চলসমূহত উদ্ধাৰকাৰী দল গৈ পোৱাটো কঠিন হৈ পৰিছে। তাৰ বাবে সঠিক সংখ্যা এতিয়াও নিৰ্ণয় কৰিব পৰা হোৱা নাই। উদ্ধাৰ কাৰ্য চলি আছে।”

পাকিস্তানৰ খাইবাৰ পাখতুনখোৱাৰ সীমান্তৱৰ্তী পাহাৰীয়া অঞ্চলসমূহত ইতিমধ্যে উদ্ধাৰ কাৰ্য আৰম্ভ হৈছে। প্ৰাদেশিক তথ্য প্ৰধান নাজিবুল্লাহ হানিফৰ মতে, “এতিয়ালৈকে শ শ আহতক চিকিৎসালয়ত ভৰ্তি কৰা হৈছে। কিন্তু হতাহতৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে।” ৰয়টাৰ্ছৰ দাবী, ভূমিকম্পত মৃতকৰ সংখ্যা ইতিমধ্যে ৬১০ অতিক্ৰম কৰিছে। আহতৰ সংখ্যাও কমেও কেইবা হাজাৰ বুলি আশংকা কৰা হৈছে।

দেওবাৰে মাজ নিশা (ভাৰতীয় সময় অনুসৰি ৰাতি প্ৰায় এটাত) প্ৰথমবাৰৰ বাবে আফগানিস্তানত কম্পন অনুভূত হৈছিল। নেশ্যনেল চেণ্টাৰ ফৰ চিসম’লজিৰ তথ্য অনুসৰি, ৰিখটাৰ স্কেলত ভূমিকম্পৰ মাত্ৰা আছিল ৬.৩। কম্পনৰ উৎসস্থল আছিল ভূপৃষ্ঠৰ পৰা ১০ কিলোমিটাৰ গভীৰতাত। তাৰ পিছতো আফগানিস্তানত কেইবাবাৰো ভূমিকম্পৰ পৰৱৰ্তী কম্পন (আফটাৰশ্বক) অনুভূত হৈছে। তাৰে ভিতৰত দুটা কম্পনৰ মাত্ৰা ৫তকৈ অধিক আছিল। ভাৰতৰ জম্মু আৰু কাশ্মীৰ তথা দিল্লীৰ আশে-পাশে অঞ্চলতো কম্পন অনুভূত হৈছে।

আফগানিস্তানৰ বিস্তীৰ্ণ অঞ্চল, বিশেষকৈ হিন্দুকুশ পৰ্বতমালাৰ সংলগ্ন অঞ্চল অতিশয় ভূমিকম্পপ্ৰৱণ। কাৰণ, এই অঞ্চল ভাৰতীয় আৰু ইউৰেছীয় প্লেটৰ সংযোগস্থলত অৱস্থিত। ইয়াৰ পূৰ্বে ২০২৩ চনৰ ৭ অক্টোবৰত ৬.৩ মাত্ৰাৰ আন এটা ভূমিকম্প আফগানিস্তানত সংঘটিত হৈছিল। দেশখনৰ এটা অংশ সম্পূৰ্ণৰূপে ধ্বংস হৈ পৰিছিল। চৰকাৰৰ ফালৰ পৰা জনোৱা হৈছিল যে, মৃতকৰ সংখ্যা চাৰি হাজাৰ অতিক্ৰম কৰিছিল। যদিও পিছত ৰাষ্ট্ৰসংঘৰ তৰফৰ পৰা জনোৱা হৈছিল যে, মৃতকৰ সংখ্যা প্ৰায় ডেৰ হাজাৰৰ কিছু বেছি আছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

এচচিইআৰটি সঞ্চালিকাৰ ডায়েট বিৰোধী মইমতালি

ৰাজ্যিক শিক্ষা গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদ (এচচিইআৰটি), অসমৰ সঞ্চালিকা...

নিয়মীয়াকৰণ হোৱা শিক্ষকৰ দৰমহাৰ নতুন ব্যৱস্থা

অসম চৰকাৰৰ বিদ্যালয় শিক্ষা বিভাগৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা।SRD ২০২৪-২০২৫ৰ অধীনত...

কাজিৰঙাত নিষিদ্ধ হ’ব মোবাইল ফোন

অচিৰেই বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্ৰ...

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! জব্দ হ’ল ২৮ কোটি টকা আৰু ১৯ কেজি সোণ।

শিল-বালি ছিণ্ডিকেটৰে জড়িত বাছ চালক! পইচা গণি গণি বিকল...