মাৰ্চ মাহতে ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন ‘গোপন’ পত্ৰ লিখিছিল চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে

মাৰ্চ মাহত চীনৰ ৰাষ্ট্ৰপতি জিনপিঙে ভাৰতৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুলৈ এখন পত্ৰ লিখিছিল। আমেৰিকাৰ সংবাদমাধ্যম ‘ব্লুমবাৰ্গ’ৰ এক প্ৰতিবেদনত এনে দাবী কৰা হৈছে। ভাৰতৰ এগৰাকী বিষয়াৰ উদ্ধৃতিৰে প্ৰতিবেদনত কোৱা হৈছে যে, এই পত্ৰৰ জৰিয়তে চীন চৰকাৰ আৰু কমিউনিষ্ট পাৰ্টিৰ মুৰব্বী জিনপিঙে ভাৰতৰ সৈতে সম্পৰ্ক কিমান উন্নত কৰিব পাৰি, তাক পৰীক্ষা চাব বিচাৰিছিল।

‘ব্লুমবাৰ্গ’ৰ প্ৰতিবেদনত কোৱা হৈছে যে, পিছত এই পত্ৰখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ওচৰলৈ পঠিওৱা হয়। ঘটনাক্ৰমে, তাৰ তিনি মাহৰ পিছত জুন মাহত ভাৰতৰ ফালৰ পৰা অতীতৰ সংঘাতপূৰ্ণ ঘটনা পাহৰি বেইজিঙৰ সৈতে সম্পৰ্ক স্বাভাৱিক কৰাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। দুয়োপক্ষৰ পৰা সীমান্ত সংঘাত নিষ্পত্তিৰ চেষ্টা কৰা হয়। এই সকলোবোৰৰ আঁৰত ট্ৰাম্পৰ শুল্ক নীতিৰ প্ৰভাৱ আছে বুলি ধাৰণা কৰা হৈছে। ট্ৰাম্প প্ৰশাসনৰ শুল্ক নীতিৰ বিৰুদ্ধে প্ৰতিৰোধ গঢ়ি তুলিবলৈ দুই প্ৰতিবেশী দেশ ওচৰ চপাৰ প্ৰয়োজনীয়তাৰ বাৰ্তা জিনপিঙে এই পত্ৰত দিব বিচাৰিছিল বুলি বিশ্বাস কৰা হৈছে। এই ক্ষেত্ৰত বেইজিঙৰ বাৰ্তা স্পষ্ট—ভাৰত আৰু চীনৰ মাজত সম্পৰ্ক দ্ৰুতভাৱে উন্নত কৰাৰ প্ৰয়োজন। কাৰণ, দুয়োখন দেশৰ সন্মুখত একে প্ৰত্যাহ্বান—ট্ৰাম্প প্ৰশাসন।

ঘটনাক্ৰমে, এই পত্ৰৰ কথা প্ৰকাশ পোৱাৰ কেইদিনমানৰ পিছতে প্ৰধানমন্ত্ৰী মোদী এছচিঅ’ সন্মিলনত অংশগ্ৰহণ কৰিবলৈ চীনলৈ যাব। প্ৰশাসনিক সূত্ৰৰ খবৰ অনুসৰি, এই সন্মিলনৰ সমান্তৰালভাৱে চীনৰ ৰাষ্ট্ৰপতিৰ সৈতে মোদীৰ এখন দ্বি-পাক্ষিক বৈঠকৰো ব্যৱস্থা কৰা হৈছে। এই বৈঠক ৰবিবাৰে অনুষ্ঠিত হ’ব পাৰে। দুদিনীয়া ভ্ৰমণসূচীৰে শুকুৰবাৰে মোদী জাপানলৈ গৈছে আৰু তাৰ পৰা তেওঁ পোনপটীয়াকৈ চীনত উপস্থিত হ’ব।

মাৰ্চৰ পৰা আগষ্টলৈ ভূ-ৰাজনৈতিক পৰিস্থিতি বহু সলনি হৈছে। ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ভাৰতৰ প্ৰায় সকলো পণ্যৰ ওপৰত আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। কিন্তু তাৰ তুলনাত চীনে ৰাছিয়াৰ পৰা বহু বেছি পৰিমাণৰ তেল কিনিলেও তেওঁলোকৰ ওপৰত এতিয়ালৈ শাস্তিমূলক শুল্ক আৰোপ কৰা হোৱা নাই। ট্ৰাম্প প্ৰশাসনৰ এই সিদ্ধান্তৰ বিৰুদ্ধে আমেৰিকাৰ বিৰোধী দল ডেমোক্ৰেটিক পাৰ্টিয়ে প্ৰশ্ন উত্থাপন কৰিছে। কাৰণ, দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াত চীনৰ ‘আগ্ৰাসন’ ৰোধ কৰিবলৈ বিগত দুটা দশকত আমেৰিকাই ভাৰতৰ সৈতে কৌশলগত সম্পৰ্ক মজবুত কৰিছে। এতিয়া চীনক ৰেহাই দি কৌশলগত মিত্ৰ ভাৰতক কিয় একাষৰীয়া কৰা হৈছে, তাৰ ওপৰত প্ৰশ্ন উঠিছে।

চীনে নিজৰ প্ৰধান অৰ্থনৈতিক প্ৰতিদ্বন্দ্বী আমেৰিকাৰ ‘দাদাগিৰি’ৰ বিৰুদ্ধে বাৰম্বাৰ সৰৱ হৈছে। শেহতীয়াকৈ ভাৰত আৰু চীনৰ মাজত প্ৰত্যক্ষ বিমান সেৱা আৰম্ভ কৰা বা কৈলাশ মানস সৰোবৰ যাত্ৰা পুনৰ আৰম্ভ কৰাৰ দৰে বিষয়ৰ লগতে স্পৰ্শকাতৰ সীমান্ত সমস্যা সমাধানৰ ক্ষেত্ৰতো দুয়োখন দেশৰ মাজত ঐক্যমত হৈছে। কেইদিনমানৰ আগতে চীনৰ বিদেশ মন্ত্ৰী ৱাং ই ভাৰতলৈ আহি প্ৰধানমন্ত্ৰী মোদী আৰু বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে বৈঠক কৰিছে। চীনে দ্বি-পাক্ষিক সম্পৰ্কক নতুনকৈ উজ্জীৱিত কৰিব বিচৰাৰ পিছত তেওঁলোকৰ নিৰ্দিষ্ট আৰু স্পষ্ট স্বাৰ্থ জড়িত আছে বুলি কূটনৈতিক সূত্ৰই জনাইছে।

আনহাতে, চীনে দুৰ্লভ খনিজ আৰু চুম্বকৰ দৰে অত্যাৱশ্যকীয় পণ্য আমেৰিকালৈ ৰপ্তানিৰ ক্ষেত্ৰত নিষেধাজ্ঞা জাৰি কৰি ট্ৰাম্পক চাপত ৰাখিবলৈ সক্ষম হৈছে। ভাৰতৰ হাতত এনে চাপ সৃষ্টিৰ কোনো অস্ত্ৰ নাই। তথাপি, চীনে ভাৰতৰ দিশত এইদৰে সহযোগিতাৰ হাত আগবঢ়োৱাৰ কৌশলক তাৎপৰ্যপূৰ্ণ বুলি ধৰা হৈছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...