কোনে চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন ব’য়িং 777 মডেলৰ বিমানত যাত্ৰা কৰে, যিটো সৰ্বাধুনিক প্ৰযুক্তিৰে সজ্জিত। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীৰ দৰে ভিভিআইপি ব্যক্তিসকলক বহন কৰা এই বিমানখনৰ মূল্য প্ৰায় ৮,০০০ কোটি টকা বুলি জনা যায়।

ভাৰতে এনে দুখন টুইন-ইঞ্জিন বিমান ক্ৰয় কৰিছে, এখন প্রধানমন্ত্ৰীৰ বাবে আৰু এখন ৰাষ্ট্ৰপতিৰ বাবে।

বিমানখনত এটা সভা কক্ষ, ভিভিআইপি যাত্ৰীৰ বাবে এটা ডাঙৰ কেবিন আৰু এটা মিনি চিকিৎসা কেন্দ্ৰ আছে।

বিমানৰ যোগাযোগ ব্যৱস্থাটো হেক বা টেপ কৰিব নোৱাৰি।

ভাৰতীয় বায়ুসেনাই প্রধানমন্ত্ৰী মোদীৰ বিমানৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰে। ইয়াক ভাৰতীয় বায়ুসেনাৰ বিশেষ পাইলটসকলে উৰুৱায়, যিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষ প্ৰশিক্ষণ লাভ কৰিছে।

বিমানখনত অশোক প্ৰতীকৰ সৈতে “ভাৰত” আৰু “India” লিখা থাকে।

বিমানখনত নিজৰ মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা, শত্ৰুৰ ৰাডাৰ ফ্ৰিকুৱেন্সি জাম কৰিব পৰা ছেল্ফ-প্ৰটেকচন ছুইট (SPS) আৰু অত্যাধুনিক যোগাযোগ ব্যৱস্থা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...