ৰাজ্যৰ চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধ ১০০ শতাংশ উপলব্ধ হ’ব : স্বাস্থ্যমন্ত্ৰী

অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল আদি বিভাগৰ মন্ত্ৰী অশোক সিংহলে আজি দিছপুৰস্থিত লোক সেৱা ভৱনৰ সভাগৃহত চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ উপলব্ধতা সন্দৰ্ভত এক সংবাদমেল সম্বোধন কৰে।

মন্ত্ৰী গৰাকীয়ে সংবাদ মাধ্যমক জানিবলৈ দিয়ে যে ৰাজ্যৰ স্বাস্থ্য বিভাগে চৰকাৰী চিকিৎসালয়ত অত্যাৱশ্যকীয় ঔষধৰ এশ শতাংশ উপলব্ধ কৰি ৰাইজক সকাহ দিয়াৰ বাবে নিৰন্তৰ প্ৰয়াস কৰি আহিছে। অসমৰ ৰাইজে যাতে চিকিৎসালয় সমূহত ঔষধ পাব পাৰে তাৰ প্ৰতি লক্ষ্য ৰাখি প্ৰযুক্তিৰ জৰিয়তে চিকিৎসালয় সমূহত ঔষধৰ যোগান ব্যৱস্থাটোৰ পৰিবৰ্তন সাধন কৰাৰ ব্যৱস্থা কৰা হৈছে।বৰ্তমান চিকিৎসা মহাবিদ্যালয়ত সমূহত ৩৫২ বিধ ঔষধ, জিলা চিকিৎসালয়ত ২৬১ বিধ,মহকুমা চিকিৎসালয়ত ২৬১ বিধ,সমূহীয়া স্বাস্থ্য কেন্দ্ৰত ২৬১ বিধ ,প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত ১২৫ বিধ আৰু উপ স্বাস্থ্য কেন্দ্ৰত ৩০ বিধ ঔষধ উপলব্ধ হয় বুলি তেওঁ মন্তব্য কৰে।তেওঁ চৰকাৰী চিকিৎসালয়ত ঔষধ উপলব্ধ নাথাকিলে ৱাটছআপ যোগে বিভাগক অৱগত কৰিবলৈ ৯৮৬৪৫৪১৪৩০ নম্বৰটো জাৰি কৰা হৈছে বুলি তেওঁ উল্লেখ কৰে।

তেওঁ লগতে কয় যে যোৱা দুমাহৰ ভিতৰত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত ৯টা প্ৰসূতি অস্ত্ৰোপচাৰ আৰম্ভ কৰাৰ কথা উল্লেখ কৰি তেওঁ কয় যে, অতি সোনকালে ইয়াৰ সংখ্যা বৃদ্ধি কৰা হব বুলি তেওঁ মন্তব্য কৰে। তদুপৰি চলিত বৰ্ষৰ ভিতৰত ৰাজ্যখনত এফ আৰ ইউৰ সংখ্যা ১০০খনলৈ বৃদ্ধি কৰাৰ লক্ষ্য ৰাখি বিভাগে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি তেওঁ জানিবলৈ দিয়ে।

নতুনকৈ নিযুক্তি লাভ কৰা চিকিৎসক সকলক ‘দুৰ্গমৰ পৰা সুগম’ আঁচনিৰ অধীনত ৰাজ্যখনৰ অতি ভিতৰুৱা অঞ্চলত এবছৰ বাধ্যতামূলক চিকিৎসা সেৱা প্ৰদানৰ ব্যৱস্থা কৰাৰ ফলত সেই অঞ্চলসমূহৰ ৰাইজ যথেষ্ট উপকৃত হৈছে বুলি তেওঁ কয়। ৰাজ্যৰ বিভিন্ন জিলাত এইচ আই ভি ৰোগীৰ সংখ্যা বৃদ্ধি পাইছে বুলি সাংবাদিকে কৰা প্ৰশ্নৰ উত্তৰত মন্ত্ৰী গৰাকীয়ে কয় যে, বিভাগে এই দিশত গুৰুত্ব আৰোপ কৰি ইতিমধ্যে বিভিন্ন সজাগতা সভাকে ধৰি প্ৰয়োজনীয় পদক্ষেপ গ্ৰহণ কৰিছে। তেওঁ কয় যে, একমাত্ৰ চৰকাৰী প্ৰচেষ্টাত এই ৰোগ প্ৰতিৰোধ কৰিব পৰা নাযায় এই ক্ষেত্ৰত সমাজৰো যথেষ্ট কৰণীয় আছে বুলি মন্তব্য কৰে।

আজিৰ এই সংবাদমেলখনত ৰাজ্য চৰকাৰৰ স্বাস্থ্য বিভাগৰ আয়ুক্ত সচিব ডাঃ পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ মিছন সঞ্চালক ডাঃ লক্ষ্মনন এছ, আৰু কাৰ্য্যবাহী সঞ্চালক ডাঃ মনোজ কুমাৰ চৌধুৰী উপস্থিত থাকে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

অহা ২-৩ দিনত গুৱাহাটী আৰু উপকণ্ঠ অঞ্চলত প্ৰবল বৰষুণৰ সম্ভাৱনা

ৰাজ্যৰ বৰ্তমানৰ বতৰ বিজ্ঞান সম্পৰ্কীয় পৰিস্থিতি আৰু মৌচুমী প্ৰবাহৰ...

ৰাজহ সংগ্ৰহ বৃদ্ধি আৰু GST ফাঁকি ৰোধৰ বাবে বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ গুৰুত্বপূৰ্ণ বৈঠক

বিত্তমন্ত্ৰী জয়ন্ত মল্লবৰুৱাই আজি গুৱাহাটীৰ কৰ ভৱনত ৰাজ্যখনৰ কৰ...

আমিনগাঁৱত আন্তঃৰাষ্ট্ৰীয় মানৰ ক্ৰীড়া আন্তঃগাঁথনি: নিৰ্মাণকাৰ্যৰ অগ্ৰগতিৰ বুজ ল’লে মুখ্যমন্ত্রীয়ে

মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আজি আমিনগাঁৱত নিৰ্মীয়মান ২০...

আগতে ইংৰাজী পঢ়ুৱাইছিল, এতিয়া ঘণ্টাত ২৫০ কিঃমিঃ বেগত গাড়ী চলায়! ভাৰতৰ প্ৰথম ‘ফেৰাৰী গাৰ্ল’

যেনে ৰূপ, তেনে গুণ। ফেৰাৰী চলাই ৰেচিং প্ৰতিযোগিতাত অংশগ্ৰহণ...