কোনে চলায় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিমান?

প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদী এখন ব’য়িং 777 মডেলৰ বিমানত যাত্ৰা কৰে, যিটো সৰ্বাধুনিক প্ৰযুক্তিৰে সজ্জিত। ৰাষ্ট্ৰপতি, উপ-ৰাষ্ট্ৰপতি আৰু প্রধানমন্ত্ৰীৰ দৰে ভিভিআইপি ব্যক্তিসকলক বহন কৰা এই বিমানখনৰ মূল্য প্ৰায় ৮,০০০ কোটি টকা বুলি জনা যায়।

ভাৰতে এনে দুখন টুইন-ইঞ্জিন বিমান ক্ৰয় কৰিছে, এখন প্রধানমন্ত্ৰীৰ বাবে আৰু এখন ৰাষ্ট্ৰপতিৰ বাবে।

বিমানখনত এটা সভা কক্ষ, ভিভিআইপি যাত্ৰীৰ বাবে এটা ডাঙৰ কেবিন আৰু এটা মিনি চিকিৎসা কেন্দ্ৰ আছে।

বিমানৰ যোগাযোগ ব্যৱস্থাটো হেক বা টেপ কৰিব নোৱাৰি।

ভাৰতীয় বায়ুসেনাই প্রধানমন্ত্ৰী মোদীৰ বিমানৰ ৰক্ষণাবেক্ষণৰ দায়িত্ব পালন কৰে। ইয়াক ভাৰতীয় বায়ুসেনাৰ বিশেষ পাইলটসকলে উৰুৱায়, যিসকলে আমেৰিকা যুক্তৰাষ্ট্ৰত বিশেষ প্ৰশিক্ষণ লাভ কৰিছে।

বিমানখনত অশোক প্ৰতীকৰ সৈতে “ভাৰত” আৰু “India” লিখা থাকে।

বিমানখনত নিজৰ মিছাইল প্ৰতিৰক্ষা ব্যৱস্থা, শত্ৰুৰ ৰাডাৰ ফ্ৰিকুৱেন্সি জাম কৰিব পৰা ছেল্ফ-প্ৰটেকচন ছুইট (SPS) আৰু অত্যাধুনিক যোগাযোগ ব্যৱস্থা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

BRICSত ভাৰতৰ অৱস্থান: সম্ভাৱনা, প্ৰত্যাহ্বান আৰু বাস্তৱতা

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS শীৰ্ষ সন্মিলনে ভাৰতৰ বৈদেশিক...

প্ৰধানমন্ত্ৰীৰ য’তেই গুৰুত্বপূৰ্ণ বৈঠক, ত’তেই তেওঁ, কোন এইজন বিষয়া?

নতুন দিল্লীত অনুষ্ঠিত ১৮সংখ্যক BRICS সন্মিলনৰ বিভিন্ন মুহূৰ্তত প্ৰধানমন্ত্ৰী...

তেজপুৰৰ চাৰিমাইলত ভয়ংকৰ পথ দুৰ্ঘটনা, নিহত দুজন

তেজপুৰৰ চাৰিমাইলত সংঘটিত এক ভয়ংকৰ পথ দুৰ্ঘটনাত দুজন লোক...

কিয় BRICSৰ নৈশভোজত অংশ ন’ললে চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে ?

চীনৰ ৰাষ্ট্ৰপতি শ্বি জিনপিঙে শনিবাৰে নিশা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে...