স্বামীৰ জীৱন ৰক্ষাৰ বাবে যকৃতৰ এটা অংশ দান কৰিলে পত্নীয়ে; ট্ৰান্সপ্লাণ্টৰ পিছত দুয়োৰে চিকিৎসালয়ত মৃত্যু

পুনেত সংঘটিত এক শোকাৱহ ঘটনাত স্বামীক যকৃতৰ কিছু অংশ দান কৰা স্ত্রী আৰু স্বামী দুয়োৰে মৃত্যু হৈছে। এই ঘটনাৰ পিছত মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগে এখন বে-চৰকাৰী চিকিৎসালয়ৰ কৰ্তৃপক্ষক জাননী জাৰি কৰিছে। চিকিৎসালয়খনক সোমবাৰৰ ভিতৰত উত্তৰ দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। চিকিৎসালয়ৰ পক্ষৰ পৰা জনোৱা হৈছে যে, তেওঁলোক সকলো তথ্য প্ৰদানৰ বাবে প্ৰস্তুত। যকৃত প্ৰতিস্থাপন কৰা ৰোগীৰ নানা শাৰীৰিক জটিলতা আছিল আৰু নিয়ম মানি প্ৰতিস্থাপন কৰা হৈছিল।

কামিনী কোমকাৰে তেওঁৰ স্বামী বাপু কোমকাৰক যকৃতৰ অংশ দান কৰিছিল। ১৫ আগষ্টত বাপুৰ যকৃত প্ৰতিস্থাপন কৰা হয়। চিকিৎসালয়ৰ পক্ষৰ পৰা জনোৱা হৈছে যে, অস্ত্ৰোপচাৰৰ পিছত বাপুৰ শাৰীৰিক অৱস্থাৰ অৱনতি ঘটিবলৈ ধৰে আৰু ১৭ আগষ্টত তেওঁৰ মৃত্যু হয়। ইয়াৰ পিছত ২১ আগষ্টত কামিনীৰ শৰীৰত সংক্ৰমণ ধৰা পৰে আৰু চিকিৎসাৰ সময়ত তেওঁৰো মৃত্যু হয়।

পৰিয়ালৰ পৰা অভিযোগ পোৱাৰ পিছত মহাৰাষ্ট্ৰৰ স্বাস্থ্য বিভাগ তৎপৰ হৈ উঠে। বিভাগৰ উপ-পৰিচালক নাগনাথ ইয়েমপাল্লে জানিবলৈ দিছে যে, চিকিৎসালয়ৰ কৰ্তৃপক্ষক সোমবাৰৰ ভিতৰত দুই ৰোগীৰ চিকিৎসা সম্পৰ্কীয় সকলো তথ্য জমা দিবলৈ কোৱা হৈছে। লগতে ৰোগীৰ উত্তৰৰ ভিডিঅ’ও দাখিল কৰিবলৈ নিৰ্দেশ দিয়া হৈছে।

চিকিৎসালয়ৰ কৰ্তৃপক্ষই এক বিবৃতিত জনাইছে যে, তেওঁলোকে তদন্তত সহায় কৰিবলৈ সকলো তথ্য প্ৰদানৰ বাবে প্ৰস্তুত। তেওঁলোকে কোমকাৰ পৰিয়ালকো সমবেদনা জ্ঞাপন কৰিছে। লগতে জনাইছে যে, বাপুৰ নানা শাৰীৰিক জটিলতা আছিল আৰু প্ৰতিস্থাপনৰ প্ৰক্ৰিয়াৰ ৰিস্কৰ বিষয়ে পৰিয়াল আৰু অংগদাতাক জনোৱা হৈছিল। চিকিৎসালয়ৰ মতে, অংগদানৰ পিছত দাতা প্ৰাথমিকভাৱে সুস্থ আছিল, কিন্তু হঠাৎ ছেপটিক শ্বকৰ ফলত তেওঁৰ বিভিন্ন অংগ বিকল হৈ মৃত্যু হয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

আজিৰে পৰা আৰম্ভ ৰাজস্থান ৰয়েলছ-আৰ চি বি খেলৰ টিকট বিক্ৰী

অহা ১০ এপ্ৰিলত বৰ্ষাপাৰাৰ এ চি এ ষ্টেডিয়ামত অনুষ্ঠিত...

নিশাই গুৱাহাটীত উপস্থিত হ’ব মুম্বাই ইণ্ডিয়ানছ, দেওবাৰে পাব ৰাজস্থান ৰয়েলছ

গুৱাহাটীৰ এ চি এ ষ্টেডিয়ামত অহা সাত এপ্ৰিলত চলিত...

জিএনআৰচি হাস্পতালৰ বসন্তকালীন চিএমই ২০২৬

ক্লিনিকেল নিউৰ 'ফিজিঅ'লজি আপডেটৰ গুৰুত্বপূৰ্ণ একাডেমিক অধিৱেশনত নতুন দিল্লীৰ...

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি

দেশত পুনৰ ভূমিকম্পৰ জোকাৰণি। শুকুৰবাৰে নিশা ৯:৫০ বজাত অনুভূত...