পূব ইউৰোপত যুদ্ধ অন্ত পৰাৰ কোনো লক্ষণেই দেখা পোৱা নাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে যিমানেই চেষ্টা নকৰক, ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিন আৰু ইউক্ৰেনৰ ৰাষ্ট্ৰপতি ভলোদিমিৰ জেলেনস্কিয়ে বৈঠক যিমানেই নকৰক, যুদ্ধ অব্যাহত আছে একে গতিতে।
সম্প্ৰতি, ইউক্ৰেইনে ৰাছিয়াৰ বিৰুদ্ধে নতুন যুদ্ধ কৌশল অৱলম্বন কৰিছে। এতিয়া তেওঁলোকৰ প্ৰধান লক্ষ্য ৰাছিয়াৰ তৈল পৰিশোধন কেন্দ্ৰসমূহ। এই কেন্দ্ৰসমূহত একেৰাহে আক্ৰমণ চলি আছে, যাৰ ফলত ৰাছিয়াৰ প্ৰশাসন বিপাঙত পৰিছে। দেশৰ ভিতৰত ইন্ধনৰ মূল্য আকাশলংঘী হৈ পৰিছে।
আমেৰিকাৰ সংবাদমাধ্যম চিএনএনৰ প্ৰতিবেদন অনুসৰি, ইউক্ৰেইনে বাছি বাছি ৰাছিয়াৰ তৈল পৰিশোধনাগাৰ, পাম্পিং ষ্টেচন আৰু ইন্ধনবাহী ৰেলগাড়ীসমূহত আক্ৰমণ চলাইছে। ইয়াৰ ফলত এফালে ৰাছিয়াৰ সেনাবাহিনী সমস্যাত পৰিছে, আনফালে সাধাৰণ জনতাৰো দুৰ্ভোগ বাঢ়িছে। বিগত কেইসপ্তাহত ৰাছিয়াত ইন্ধনৰ দাম বাঢ়িছে। প্ৰশাসনে পেট্ৰ’ল ৰপ্তানি নিষিদ্ধ কৰিও ঘাটি পূৰণ কৰিব পৰা নাই। ধাৰণা কৰা হৈছে, ইয়াৰ অন্যতম কাৰণ ইউক্ৰেইনৰ আক্ৰমণ। যদিও মস্কোৱে এই কথা স্বীকাৰ কৰা নাই।
প্ৰতিবেদন অনুসৰি, কেৱল চলিত মাহতেই ইউক্ৰেইনে ৰাছিয়াৰ কমেও ১০টা প্ৰধান ইন্ধন কেন্দ্ৰত ড্ৰ’ন আক্ৰমণ চলাইছে। তেওঁলোকৰ চোৰাংচোৱা সূত্ৰই দাবী কৰিছে যে, যিবোৰ কেন্দ্ৰত আক্ৰমণ হৈছে, তাৰ পৰা বছৰি ৪.৪ কোটি টনতকৈ অধিক তেল উৎপাদন হয়, যি ৰাছিয়াৰ মুঠ উৎপাদনৰ ১০ শতাংশতকৈ বেছি। আক্ৰমণ হৈছে ভলগোগ্ৰাডৰ লুকোইল কেন্দ্ৰত, যি দক্ষিণ ৰাছিয়াৰ সবাতোকৈ ডাঙৰ ইন্ধন উৎপাদন কেন্দ্ৰ। বিগত ১৪ আৰু ১৯ আগষ্টত এই কেন্দ্ৰত ইউক্ৰেইনে দুবাৰকৈ বোমা আক্ৰমণ কৰিছে। ইয়াৰ উপৰিও দক্ষিণ ৰাছিয়াৰ চাৰাটভ, ৰোষ্টভ প্ৰদেশৰ তৈল পৰিশোধন কেন্দ্ৰসমূহতো একেৰাহে আক্ৰমণ হৈছে। ক্ৰাইমিয়াকে ধৰি ৰাছিয়াৰ বহু অঞ্চলত পেট্ৰ’লৰ ঘাটিৰ খবৰ পোৱা গৈছে। চলিত মাহত ৰাছিয়াত পেট্ৰ’লৰ মূল্য ১০ শতাংশ বাঢ়িছে। প্ৰশাসনে ইয়াক ‘যুদ্ধৰ ৰচদ’ সম্পৰ্কীয় সমস্যা বুলি উল্লেখ কৰিছে। গৱৰ্ণৰ চাৰ্গেই আক্সিওনোভে জনাইছে যে, ইন্ধনৰ মূল্য নিয়ন্ত্ৰণত ৰাখিবলৈ চৰকাৰে সকলো পদক্ষেপ গ্ৰহণ কৰিছে।
উল্লেখ্য যে, ৰাছিয়াৰ তেলৰ অন্যতম প্ৰধান ক্ৰেতা হৈছে ভাৰত। ইউক্ৰেইনৰ সৈতে যুদ্ধ আৰম্ভ হোৱাৰ পিছত মস্কোৱে বিদেশী বজাৰত তেলৰ মূল্য হ্ৰাস কৰিছিল। সেই কাৰণে ভাৰতে ৰাছিয়াৰ পৰা তেল আমদানিৰ পৰিমাণ বৃদ্ধি কৰিছিল। এই বিষয়ে আমেৰিকাই বাৰে বাৰে অসন্তোষ প্ৰকাশ কৰিছে। ইউক্ৰেইনৰ এই কৌশলৰ ফলত ৰাছিয়াৰ আভ্যন্তৰীণ তেলৰ ঘাটিসমূহ সংকটত পৰিছে। ইয়াৰ প্ৰভাৱ বিদেশলৈ ৰপ্তানিতো পৰিব পাৰে নেকি, সেয়া স্পষ্ট নহয়। ভাৰত বিশ্বৰ তৃতীয় বৃহত্তম তেল আমদানিকাৰক দেশ। এই মুহূৰ্তত নতুন দিল্লীয়ে ৰাছিয়াৰ পৰাই সৰ্বাধিক তেল ক্ৰয় কৰে। সেইবাবে আমেৰিকাই ‘জৰিমনা’ হিচাপে ভাৰতৰ পণ্যৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছে। যদি ৰাছিয়াত তেলৰ সংকট প্ৰকট হয়, তেন্তে ভাৰতো সমস্যাত পৰিব পাৰে। সেই ক্ষেত্ৰত নতুন দিল্লীয়ে অধিক মূল্য দি অন্য দেশৰ পৰা তেল কিনিবলগীয়া হ’ব। দেশত ইন্ধনৰ মূল্যও বাঢ়ি যাব।
