‘প্ৰদূষণকাৰী’ গেছৰ তালিকাৰ পৰা কাৰ্বন-ডাই-অক্সাইডক আঁতৰালে আমেৰিকাই

আমেৰিকাৰ ‘নেশ্যনেল ওচেনিক এণ্ড এটম’চ্ফেৰিক এডমিনিষ্ট্ৰেশ্যন’ (এন ও এ এ)-ৰ তালিকাত দীৰ্ঘদিন ধৰি কাৰ্বন ডাই অক্সাইডক ‘ক্ষতিকাৰক’ হিচাপে চিহ্নিত হৈ আছে। সেইকাৰণে ইয়াক স্বাস্থ্যৰ বাবে বিপজ্জনক ‘গ্ৰীনহাউচ গেছ’ৰ তালিকাতো স্থান দিয়া হৈছিল। কিন্তু সম্প্ৰতি মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ চৰকাৰৰ পৰিৱেশ সুৰক্ষা সংস্থা (ইনভাইৰনমেণ্টেল প্ৰটেকশ্যন এজেন্সি বা EPA)-য়ে ঘোষণা কৰিছে যে, কাৰ্বন ডাই অক্সাইড আগৰ দৰে ‘দূষণকাৰী’ নহয়। সেয়েহে ইয়াক গ্ৰীনহাউচ গেছৰ তালিকাৰ পৰা বাদ দিয়াৰ পৰামৰ্শ দিয়া হৈছে।

২০০৭ চনত আমেৰিকাৰ উচ্চতম ন্যায়ালয়ৰ ৰায় অনুসৰি, ‘ক্লিন এয়াৰ এক্ট’ৰ অধীনত কাৰ্বন ডাই অক্সাইডক গ্ৰীনহাউচ গেছ হিচাপে চিহ্নিত কৰা হৈছিল, যাৰ ফলত ইয়াক ‘বায়ুৰ বিষ’ বুলি গণ্য কৰা হৈছিল। কিন্তু কেইমাহমান পূৰ্বে EPA-ই ঘোষণা কৰিছে যে, তেওঁলোকে কয়লা আৰু গেছচালিত বিদ্যুৎ কেন্দ্ৰৰ পৰা নিৰ্গত গ্ৰীনহাউচ গেছৰ বৰ্তমানৰ সীমাৰেখা সলনি কৰাৰ প্ৰয়াস কৰিব, কাৰণ কাৰ্বন ডাই অক্সাইড এই সীমাৰেখাৰ এটা প্ৰধান অংশ। এই সিদ্ধান্ত কাৰ্যকৰী হ’লে জলবায়ু পৰিৱৰ্তনৰ মোকাবিলাৰ বাবে সংস্থাটোৰ ক্ষমতা সীমিত হ’ব। এই বিষয়ে পৰিৱেশপ্ৰেমীৰ এটা অংশই ইতিমধ্যে উদ্বেগ প্ৰকাশ কৰিছে। তেওঁলোকৰ অভিযোগ, বণিকগোষ্ঠীৰ চাপত ট্ৰাম্প চৰকাৰে এনে পদক্ষেপ গ্ৰহণ কৰিছে।

আনহাতে, কিছু বিজ্ঞানী আৰু পৰিৱেশবিদে EPA-ৰ সিদ্ধান্তক যুক্তিসংগত বুলি মানি লৈছে। তেওঁলোকৰ মতে, স্বাভাৱিক ঘনত্বত কাৰ্বন ডাই অক্সাইড বিষাক্ত নহয়, বৰং জীৱনৰ অস্তিত্বৰ বাবে ই অপৰিহাৰ্য। মানুহৰ লগতে প্ৰাণীৰ শ্বাস-প্ৰশ্বাস প্ৰক্ৰিয়াৰ বাবে ই প্ৰয়োজনীয়, আৰু উদ্ভিদৰ সালোকসংশ্লেষণৰ বাবেও কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন। তথাপিও, উচ্চ ঘনত্বত ই বিষাক্ত হ’ব পাৰে, কাৰণ ই বায়ুৰ অক্সিজেনৰ স্থান লৈ শ্বাসৰোধৰ কাৰণ হ’ব পাৰে আৰু হাইপাৰকেপনিয়াৰ সৃষ্টি কৰিব পাৰে, যিটো নিঃসন্দেহে প্ৰাণঘাতী। EPA-ৰ প্ৰশাসক লি জেলডিনে প্ৰকাশ্যে অভিযোগ কৰিছিল যে, জ’ বাইডেনৰ শাসনকালত বিদ্যুৎ কেন্দ্ৰৰ বাবে নিৰ্ধাৰিত কাৰ্বন দূষণৰ মানদণ্ডই আমেৰিকাৰ অৰ্থনীতিক ক্ষতিগ্ৰস্ত কৰিছিল। এই পৰিস্থিতিত গ্ৰীনহাউচ গেছ নিৰ্গমনৰ বৰ্তমানৰ নিয়ন্ত্ৰণ পদ্ধতি অব্যাহত ৰখাৰ বিষয়ত চলিত মাহৰ পৰা নতুন গণশুনানি আৰম্ভ হ’বলৈ গৈ আছে। উল্লেখ্য যে, ২০০৭ চনৰ উচ্চতম ন্যায়ালয়ৰ ৰায়ে এই সিদ্ধান্ত গ্ৰহণৰ ক্ষমতা EPA-ক প্ৰদান কৰিছিল।

এই বিষয়ক লৈ আমেৰিকাত ইতিমধ্যে আইনী যুঁজ আৰম্ভ হৈছে। পৰিৱেশ পৰিৱৰ্তনৰ বিৰুদ্ধে গোচৰ দিয়া সংস্থা আৰ্থজাষ্টিচৰ জলবায়ু আৰু শক্তি বিষয়ক উপ-সভাপতি জিল টাউবাৰে কয়, “চৰকাৰী বিজ্ঞানীৰ মতামতৰ সৈতে আমাৰ অভিজ্ঞতা মিল নাখায়। আমেৰিকাত গ্ৰীনহাউচ গেছৰ দূষণৰ বাবে দায়ী কোম্পানীসমূহৰ বাবে আইনী নিয়ন্ত্ৰণৰ প্ৰয়োজনীয়তা আছে।” তেওঁ জনাইছে যে, প্ৰাক-শিল্প যুগত বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইডৰ যি ঘনত্ব আছিল, বৰ্তমান তাৰ পৰিমাণ ৫০ শতাংশতকৈও অধিক, যিটো অত্যন্ত উদ্বেগজনক। তেওঁ তাপবিদ্যুৎ, অন্যান্য শিল্প আৰু যানবাহনক এই বৃদ্ধিৰ বাবে দায়ী কৰিছে। পৰিৱেশবিদৰ এটা অংশৰ অভিযোগ, ট্ৰাম্প চৰকাৰে EPA-ৰ জৰিয়তে নতুন প্ৰস্তাৱ দাখিল কৰি ‘নেশ্যনেল ওচেনিক এণ্ড এটম’চ্ফেৰিক এডমিনিষ্ট্ৰেশ্যন’, ইন্ধন বিভাগ, ‘নেশ্যনেল ৱেদাৰ ছাৰ্ভিচ’ৰ দৰে ফেডাৰেল সংস্থাৰ জলবায়ু পৰিৱৰ্তন নিয়ন্ত্ৰণৰ ক্ষমতাক সীমিত কৰিবলৈ চেষ্টা কৰিছে।

কৰ্নেল বিশ্ববিদ্যালয়ৰ পৃথিৱী আৰু বায়ুমণ্ডলীয় বিজ্ঞানৰ অধ্যাপক ডেনিয়েল ভিছনিৰ মতে, বায়ুমণ্ডলত কাৰ্বন ডাই অক্সাইড দুটা উৎসৰ পৰা আহে: প্ৰথম, আগ্নেয়গিৰি, পচনশীল উদ্ভিদ উপাদান আৰু দাবানলৰ দৰে প্ৰাকৃতিক উৎস; আৰু দ্বিতীয়, মানুহৰ তৈয়াৰী শিল্প আৰু যানবাহন। মানৱসৃষ্ট কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ প্ৰাকৃতিক উৎসৰ পৰা অহা কাৰ্বন ডাই অক্সাইডৰ প্ৰায় ১০ গুণ। এইটো নিয়ন্ত্ৰণ কৰাৰ প্ৰয়োজনীয়তা তেওঁ স্বীকাৰ কৰিছে। তথাপিও তেওঁ এইটোও কৈছে যে, প্ৰাণৰ স্পন্দনৰ বাবে বায়ুমণ্ডলত নিৰ্দিষ্ট পৰিমাণৰ কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োজন। প্ৰাকৃতিক উৎসৰ পৰা উৎপন্ন কাৰ্বন ডাই অক্সাইডক ‘দূষণকাৰী গেছ’ বুলি চিহ্নিত কৰাটো যুক্তিসংগত নহয়। তাৎপৰ্যপূৰ্ণভাৱে, ১৯৭০ চনত মাৰ্কিন কংগ্ৰেছত গৃহীত হোৱা ‘ক্লিন এয়াৰ এক্ট’ আৰু ১৯৯০ চনত গৃহীত হোৱা সংশোধনীতো কাৰ্বন ডাই অক্সাইডক ‘দূষণকাৰী’ হিচাপে চিহ্নিত কৰা হোৱা নাছিল। ট্ৰাম্প চৰকাৰৰ শক্তি বিভাগে যোৱা মাহত জলবায়ু পৰিৱৰ্তনৰ পৰ্যালোচনা সম্পৰ্কীয় এখন ১৪১ পৃষ্ঠাৰ প্ৰতিবেদন প্ৰকাশ কৰিছিল। পাঁচজন বিশিষ্ট পৰিৱেশবিজ্ঞানীৰ দ্বাৰা প্ৰস্তত কৰা এই প্ৰতিবেদনত কোৱা হৈছে যে, EPA-ই গেছ নিৰ্গমনৰ বৰ্তমানৰ আইন বাতিল কৰাৰ বাবে যি প্ৰচেষ্টা আৰম্ভ কৰিছে, তাৰ বৈজ্ঞানিক ভিত্তি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...