ভাৰতৰ অনুৰোধত পুনৰ ৩বিধ সামগ্ৰী ৰপ্তানি কৰিবলৈ আৰম্ভ কৰিছে চীনে

চীনৰ বিদেশ মন্ত্ৰী ৱাং ইয়ে ভাৰতৰ বিদেশ মন্ত্ৰী এছ জয়শংকৰৰ সৈতে সাক্ষাৎ কৰি ৩বিধ গুৰুত্বপূৰ্ণ সামগ্ৰীৰ ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ আশ্বাস দিছে। সোমবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰতলৈ অহা ৱাং ইয়ে জয়শংকৰৰ সৈতে বৈঠকত কৃষিক্ষেত্ৰত ব্যৱহৃত সাৰ, দুষ্প্ৰাপ্য খনিজ পদাৰ্থ আৰু সুৰঙ্গ খননৰ যন্ত্ৰ (টানেল ব’ৰিং মেচিন বা টিবিএম) ভাৰতলৈ ৰপ্তানি পুনৰ আৰম্ভ কৰাৰ কথা ঘোষণা কৰিছে। সংবাদ সংস্থা এএনআই আৰু একাধিক সংবাদ মাধ্যমৰ প্ৰতিবেদন অনুসৰি, এই বৈঠকত এই প্ৰতিশ্ৰুতি দিয়া হৈছে।

চীনে পূৰ্বতে এই সামগ্ৰীৰ ওপৰত ভাৰতলৈ ৰপ্তানিৰ নিষেধাজ্ঞা জাৰি কৰিছিল। কিন্তু এতিয়া সেই নিষেধাজ্ঞা প্ৰত্যাহাৰ কৰাৰ সিদ্ধান্ত লৈছে চীনৰ প্ৰশাসনে। ‘দ্য ইকনমিক টাইমছ’ৰ প্ৰতিবেদন অনুসৰি, চীনৰ প্ৰশাসনৰ নেতৃত্বত জিনপিঙে ইতিমধ্যে এই তিনি সামগ্ৰীৰ ৰপ্তানি প্ৰক্ৰিয়া আৰম্ভ কৰিছে।

ভাৰতৰ কৃষিক্ষেত্ৰত ইউৰিয়া আৰু ডাই-এমোনিয়াম ফছফেট (ডিএপি)ৰ দৰে সাৰ অতি গুৰুত্বপূৰ্ণ। চীনৰ ৰপ্তানি নিষেধাজ্ঞাৰ ফলত এই সাৰৰ যোগানত অসুবিধাৰ সন্মুখীন হ’ব লগা হৈছিল আৰু দাম বৃদ্ধি পাইছিল। আনহাতে, টানেল ব’ৰিং মেচিনৰ অপৰ্যাপ্ত যোগানৰ বাবে নিৰ্মাণৰ কামো বাধাগ্ৰস্ত হৈছিল। ইলেক্ট্ৰনিক গাড়ী নিৰ্মাণত অতি প্ৰয়োজনীয় দুষ্প্ৰাপ্য খনিজ পদাৰ্থৰ যোগানৰ ক্ষেত্ৰতো ভাৰত চীনৰ ওপৰত নিৰ্ভৰশীল। চীনে নিৰাপত্তাৰ কাৰণ দেখুৱাই এই খনিজ পদাৰ্থৰ ৰপ্তানিতো নিষেধাজ্ঞা জাৰি কৰিছিল, যাৰ ফলত গাড়ী নিৰ্মাতাসকলৰ অসুবিধা হৈছিল। কেন্দ্ৰীয় সূত্ৰৰ মতে, যোৱা মাহত চীন ভ্ৰমণৰ সময়ত জয়শংকৰে এই সমস্যাৰ কথা চীনৰ বিদেশ মন্ত্ৰীৰ সৈতে উত্থাপন কৰিছিল।

বৈঠকত ডোনাল্ড ট্ৰাম্প আৰু শুল্কৰ প্ৰসঙ্গও উত্থাপিত হৈছিল। আমেৰিকাই ৰাছিয়াৰ পৰা তেল আমদানিৰ বাবে ভাৰতীয় সামগ্ৰীৰ ওপৰত ইতিমধ্যে ২৫ শতাংশ অতিৰিক্ত শুল্ক আৰোপ কৰিছে। চীনেও ৰাছিয়াৰ পৰা তেল আমদানি কৰে, আৰু ৰাছিয়াৰ সৈতে বাণিজ্যিক সম্পৰ্ক বজাই ৰাখিলে ট্ৰাম্পৰ পৰা চীনৰ ওপৰতো শুল্ক আৰোপৰ সম্ভাৱনা আছে বুলি আন্তঃৰাষ্ট্ৰীয় মহলত আলোচনা চলিছে। এই পৰিস্থিতি ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ ওপৰত ট্ৰাম্পৰ প্ৰস্তাৱিত ত্ৰিপাক্ষিক বৈঠকৰ প্ৰকৃতিৰ ওপৰত নিৰ্ভৰ কৰিব। তথাপিও চীনে এই বিষয়ত সতৰ্ক হৈ আছে আৰু ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্কৰ জটিলতা দূৰ কৰি সম্পৰ্ক উন্নত কৰাৰ চেষ্টা কৰিছে।

মঙ্গলবাৰে চীনৰ বিদেশ মন্ত্ৰীয়ে ভাৰতৰ নিৰাপত্তা উপদেষ্টা অজিত ডোভালৰ সৈতে বৈঠকত বহিছে, য’ত মূলতঃ ভাৰত-চীন সীমান্তৰ বিষয়ত আলোচনা হোৱাৰ কথা। তাৰ পূৰ্বে সোমবাৰৰ সন্ধিয়া হোৱা বৈঠকত জয়শংকৰে ৱাং ইক কৈছিল, “সীমান্তৰ বিষয় অত্যন্ত গুৰুত্বপূৰ্ণ। আমাৰ সম্পৰ্কৰ যিকোনো ইতিবাচক অগ্ৰগতিৰ ভিত্তি হ’ল সীমান্তত শান্তি আৰু স্থিতিশীলতা। গতিকে সীমান্তৰ উত্তেজনা হ্ৰাস কৰাৰ প্ৰক্ৰিয়াক আগুৱাই নিব লাগিব।” মঙ্গলবাৰে সন্ধিয়া চীনৰ বিদেশ মন্ত্ৰীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে সাক্ষাৎ কৰাৰ কথা আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...