গুৱাহাটী, ২৩ জুন, NKTV: ফ্লাইবিগ এয়াৰলাইনছে কেন্দ্ৰৰ আঞ্চলিক সংযোগ আঁচনিৰ অংশ হিচাপে ২৫ জুনৰ পৰা অসমৰ গুৱাহাটী আৰু ডিব্ৰুগড়ৰ পৰা ত্ৰিপুৰাৰ আগৰতলালৈ পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিবলৈ সাজু হৈছে। আগৰতলাৰ মহাৰাজা বীৰ বিক্ৰম বিমানবন্দৰত ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ (এএআই) এজন বিষয়াই জনোৱা অনুসৰি, “ফ্লাইবিগ এয়াৰলাইনছে ২০২১ চনৰ ২৫ জুনত গুৱাহাটী-আগৰতলা, আগৰতলা-ডিব্ৰুগড় (আৰচিএছ পথ), ডিব্ৰুগড়-আগৰতলা (আৰচিএছ পথ) আৰু আগৰতলা-গুৱাহাটীৰ মাজত বিমান পৰিচালনা আৰম্ভ কৰিব। ফ্লাইবিগ এয়াৰলাইনছে ২৫ জুনৰ পৰা অসম, ত্ৰিপুৰাৰ মাজত পোনপটীয়া বিমান সেৱা আৰম্ভ কৰিব। বিমানসমূহ এই খণ্ডবোৰত (সোমবাৰে, বুধবাৰে আৰু শুক্ৰবাৰে) সপ্তাহত তিনিদিন পৰিচালনা কৰা হ’ব,” বিষয়াজনে কয়। এই ঘোষণা এনে এক সময়ত আহিছে যি সময়ত ক’ভিড-১৯ৰ দ্বিতীয় ঢৌৱে বিমান উদ্যোগটোক বেয়াকৈ প্ৰভাৱিত কৰিছে।