ফেব্ৰুৱাৰী মাহত ৰমজান আৰম্ভ হোৱাৰ পূৰ্বে অনুষ্ঠিত হ’ব নিৰ্বাচন! ঘোষণা মুহাম্মদ ইউনুছৰ

মঙলবাৰে নিশা দেশবাসীক উদ্দেশ্যি ভাষণত বাংলাদেশৰ অন্তৰ্বৰ্তী চৰকাৰৰ উপদেষ্টা মুহাম্মদ ইউনুছে জনাইছে যে, তেওঁ অহা বছৰৰ ফেব্ৰুৱাৰী মাহত, অৰ্থাৎ ২০২৬ চনৰ পবিত্ৰ ৰমজান মাহৰ আৰম্ভণিৰ পূৰ্বে জাতীয় সংসদৰ নিৰ্বাচন আয়োজন কৰিব বিচাৰে। তেওঁ কৈছে, “২০২৬ চনৰ পবিত্ৰ ৰমজানৰ পূৰ্বে জাতীয় নিৰ্বাচনৰ আয়োজনৰ বাবে মুখ্য নিৰ্বাচন কমিছনাৰৰ ওচৰত পত্ৰ প্ৰেৰণ কৰিম।”

যোৱা বছৰৰ জুলাই মাহৰ আৰম্ভণিতে কোটা সংস্কাৰ আন্দোলনৰ পৰা আৰম্ভ হৈ, তাৰ পিছত বৈষম্যবিৰোধী ছাত্ৰ আন্দোলন আৰু ৰক্তাক্ত গণ-অভ্যুত্থানৰ ফলত বিগত ৫ আগষ্টত বাংলাদেশত আৱামী লীগৰ চৰকাৰৰ পতন ঘটিছিল। তৎকালীন প্ৰধানমন্ত্ৰী শ্বেখ হাছিনাই বাংলাদেশ বিমান সেনাৰ বিমানেৰে ঢাকা ত্যাগ কৰি ভাৰতত আশ্ৰয় লৈছিল। ক্ষমতাৰ পৰিৱৰ্তনৰ সেই বৰ্ষপূৰ্তিত জাতিৰ উদ্দেশ্যে ভাষণত ইউনুছে কৈছে, “এতিয়া আমাৰ শেষ দায়িত্ব পালনৰ পাল—নিৰ্বাচনৰ আয়োজন কৰা।”

ছমাহ ধৰি নিৰ্বাচনৰ সময়সূচীৰ বিষয়ে প্ৰাক্তন প্ৰধানমন্ত্ৰী খালেদা জিয়াৰ দল বিএনপিৰ সৈতে ইউনুছৰ নেতৃত্বাধীন অন্তৰ্বৰ্তী চৰকাৰৰ মাজত দুঃচিন্তা চলিছিল। কিন্তু মঙলবাৰে নিশা ইউনুছৰ ভোটৰ সময়সূচী ঘোষণাক বিএনপিৰ তৰফৰ পৰা আদৰণি জনোৱা হৈছে। দেশৰ উদ্দেশ্যে ভাষণৰ পূৰ্বে মঙলবাৰে বিয়লি ৰাজধানী ঢাকাৰ মানিক মিয়া এভিনিউত ‘৩৬ জুলাই উদযাপন’ শীৰ্ষক কাৰ্যসূচীত ইউনুছে জুলাই ঘোষণাপত্ৰ পাঠ কৰে। তাত তেওঁ জনাইছে যে, ২০২৪ চনৰ জুলাই-অগষ্ট মাহৰ ‘ছাত্ৰ-গণ অভ্যুত্থান’য়ে উপযুক্ত ৰাষ্ট্ৰীয় আৰু সাংবিধানিক স্বীকৃতি লাভ কৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...