মিউজিয়ামলৈ ৰূপান্তৰিত হ’ব শ্বেখ হাছিনাৰ বাসগৃহ। বাংলাদেশৰ প্ৰধানমন্ত্ৰী ৰূপে হাছিনা আছিল এই গণ ভৱনত। তদাৰকী চৰকাৰে গ্ৰহণ কৰে মিউজিয়াম স্থাপনৰ সিদ্ধান্ত। ‘জুলাই ৰিভলিউশ্যন মেমৰিয়েল মিউজিয়াম’ ৰূপে নামকৰণ হ’ব গণ ভৱন। হাছিনাৰ পিতৃ শ্বেখ মজিবুৰ ৰহমানে নিৰ্মাণ কৰিছিল এই বাসগৃহ। ১৫ বছৰ ধৰি গণ ভৱনত বাস কৰিছিল শ্বেখ হাছিনাই। ইতিমধ্যে হাছিনা বিৰোধী সংগঠনে লণ্ডভণ্ড কৰিছে গণ ভৱন। তদাৰকী চৰকাৰে মেৰামতি কৰি স্থাপন কৰিব মিউজিয়াম।
