আন এক বিমান দুৰ্ঘটনা! এইবাৰ কেলিফৰ্ণিয়াত দুৰ্ঘটনাগ্ৰস্ত হয় আমেৰিকাৰ নৌসেনাৰ এফ-৩৫ যুদ্ধ বিমান

কেলিফৰ্ণিয়াত মাৰ্কিন নৌসেনাৰ এফ-৩৫ যুদ্ধবিমান জ্বলি উঠিছে। ভাৰতীয় সময় অনুসৰি বৃহস্পতিবাৰে পুৱতি নিশা এই ঘটনা সংঘটিত হৈছে। এই ঘটনাত এতিয়ালৈকে কোনো হতাহতৰ খবৰ পোৱা নাই।

স্থানীয় সময় অনুসৰি বুধবাৰে বিয়লি প্ৰায় ৪-৩০ বজাত কেলিফৰ্ণিয়াৰ লেমুৰ নৌসেনাৰ বিমানঘাটিৰ ওচৰত এই যুদ্ধবিমান ভাঙি পৰে। ইতিমধ্যে এই দুৰ্ঘটনাৰ কেইবাটাও ভিডিঅ’ ছ’চিয়েল মিডিয়াত বিয়পি পৰিছে। ভিডিঅ’বোৰত দেখা গৈছে, এখন পথাৰৰ মাজত বিমানৰ ধ্বংসাৱশেষ পৰি আছে। তাৰ পৰা জুইৰ শিখা আৰু ক’লা ধোঁৱা নিৰ্গত হৈ চাৰিওফালে বিয়পি পৰিছে।

মাৰ্কিন নৌসেনাৰ সূত্ৰৰ উদ্ধৃতি দি সংবাদমাধ্যম চিএনএনে নিশ্চিত কৰিছে যে, ভাঙি পৰা বিমানখন মাৰ্কিন নৌসেনাৰ এফ-৩৫ যুদ্ধবিমান। এই বিমানখন ষ্ট্ৰাইক ফাইটাৰ স্কোৱাড্ৰন ভিএফ-১২৫, যাক ‘ৰাফ ৰেইডাৰ্ছ’ বুলিও কোৱা হয়, তাৰ অধীনত আছিল। চিএনএনৰ প্ৰতিবেদন অনুসৰি, শেষ মুহূৰ্তত পাইলটে কোনোমতে বিমানৰ পৰা ওলাই আহিবলৈ সক্ষম হৈছিল আৰু তেওঁ অক্ষত অৱস্থাত আছে। এতিয়ালৈকে এই ঘটনাত কোনো হতাহতৰ খবৰ পোৱা নাই। আনহাতে, দুৰ্ঘটনাৰ খবৰ পোৱাৰ লগে লগে জৰুৰী বিভাগৰ কৰ্মীসকল ঘটনাস্থলীত উপস্থিত হৈছিল। তথাপি বিমানখন কিয় জ্বলি উঠিল, তাৰ কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। দুৰ্ঘটনাৰ কাৰণৰ তদন্ত চলি আছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...