ইৰাণৰ পৰা পেট্ৰলিয়ামজাত সামগ্ৰী ক্ৰয় কৰাৰ বাবে ট্ৰাম্প প্ৰশাসনে ৬টা ভাৰতীয় কোম্পানীৰ ওপৰত আৰোপ কৰিলে নিষেধাজ্ঞা

ইৰানৰ পৰা পেট্ৰ’লিয়াম পণ্য আমদানি কৰাৰ বাবে ভাৰতৰ ছটা সংস্থাৰ ওপৰত আমেৰিকাই নিষেধাজ্ঞা আৰোপ কৰিছে। বুধবাৰে আমেৰিকাৰ বিদেশ মন্ত্ৰণালয়ৰ তৰফৰ পৰা মুঠ ২০টা সংস্থাৰ ওপৰত নিষেধাজ্ঞা আৰোপৰ কথা ঘোষণা কৰা হৈছে, য’ত ভাৰতৰ ছটা সংস্থাও অন্তৰ্ভুক্ত।

ইৰানৰ ওপৰত হোৱাইট হাউছে ইতিমধ্যে কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰি ৰাখিছে। এনে পৰিস্থিতিত আমেৰিকাৰ বিদেশ সচিব মাৰ্কো ৰুবিঅ’ৰ কাৰ্যালয়ে জনোৱা মতে, খনিজ তেলকে ধৰি পেট্ৰ’লিয়াম পণ্য বিক্ৰীৰ পৰা ইৰানে বিপুল পৰিমাণৰ লাভৰ ধন সংগ্ৰহ কৰিছে, আৰু এই ধনেৰে সন্ত্ৰাসবাদক সমৰ্থন কৰা হৈছে। লগতে এই ধনেৰে ইৰানে প্ৰতিষ্ঠানবিৰোধী কণ্ঠ দমন কৰিছে বুলিও আমেৰিকাই অভিযোগ কৰিছে। সেয়েহে আমেৰিকাৰ সতৰ্কবাণী অগ্ৰাহ্য কৰি ইৰানৰ পৰা পেট্ৰ’লিয়াম পণ্য ক্ৰয় অব্যাহত ৰখা সংস্থাসমূহৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰা হৈছে।

এই নিষেধাজ্ঞাৰ ফলত আমেৰিকাত থকা এই সংস্থাসমূহৰ সম্পত্তি বাজেয়াপ্ত কৰা হ’ব। সংশ্লিষ্ট সংস্থাত ৫০ শতাংশ বা ততোধিক মালিকানাৰ অধিকাৰী ব্যক্তি বা প্ৰতিষ্ঠানসমূহেও আমেৰিকাত নিষেধাজ্ঞাৰ সন্মুখীন হ’ব।

২০২৪ চনৰ জানুৱাৰীৰ পৰা ২০৫৫ চনৰ জানুৱাৰীলৈ ইৰানৰ পৰা পেট্ৰ’কেমিকেল পণ্য আমদানি কৰাৰ বাবে মাৰ্কিন নিষেধাজ্ঞাৰ সন্মুখীন হোৱা ভাৰতীয় সংস্থাসমূহ হ’ল: ‘জুপিটাৰ ডাই কেম প্ৰাইভেট লিমিটেড’, ‘ৰামনিকলাল গোছালিয়া এণ্ড কোম্পানী’, ‘পাৰ্চিষ্টেণ্ট পেট্ৰ’কেম প্ৰাইভেট লিমিটেড’, ‘কাঞ্চন পলিমাৰ্ছ’, ‘এলকেমিকেল ছলিউচনছ প্ৰাইভেট লিমিটেড’, আৰু ‘গ্ল’বেল ইণ্ডাষ্ট্ৰিয়েল কেমিকেলছ লিমিটেড’। এতিয়ালৈ এই সংস্থাসমূহৰ তৰফৰ পৰা এই বিষয়ত কোনো মন্তব্য প্ৰকাশ কৰা নাই।

এই ছটা সংস্থা ভাৰত বা বিশ্বৰ বাণিজ্য মানচিত্ৰত বিশেষ পৰিচিত নহয়। তথাপি ভাৰতকে ধৰি দক্ষিণ-পূব এছিয়াৰ বহু দেশত ঔষধ, প্লাষ্টিক, আৰু বস্ত্ৰ উৎপাদন খণ্ডত এই নিষেধাজ্ঞাৰ প্ৰভাৱ পৰিব পাৰে বুলি আশংকা কৰা হৈছে। কাৰণ এই সংস্থাসমূহৰ পৰা প্ৰধানকৈ দক্ষিণ আৰু দক্ষিণ-পূব এছিয়াৰ দেশসমূহে পেট্ৰ’কেমিকেল পণ্য ক্ৰয় কৰে।

উল্লেখযোগ্য যে, প্ৰথমবাৰ আমেৰিকাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ২০১৬ চনত ট্ৰাম্পে এখন নিৰ্দেশিকাত স্বাক্ষৰ কৰিছিল, য’ত ইৰানৰ শক্তি, জাহাজ, আৰু জাহাজ নিৰ্মাণ খণ্ডত প্ৰযুক্তিগত বা অন্যান্য সহায় প্ৰদানকাৰীৰ বিৰুদ্ধে নিষেধাজ্ঞা আৰোপৰ কথা উল্লেখ আছিল। ট্ৰাম্পে দ্বিতীয়বাৰ ৰাষ্ট্ৰপতি হোৱাৰ পিছত ৱাশ্বিংটন আৰু তেহৰানৰ সম্পৰ্কৰ উন্নতি নোহোৱাৰ উপৰিও আমেৰিকাই ইৰানৰ পৰমাণু কেন্দ্ৰত আকাশ পথেৰে আক্ৰমণ চলাইছে।

নতুন দিল্লীত অৱস্থিত ইৰানৰ দূতাবাসে আমেৰিকাৰ এই সিদ্ধান্তৰ নিন্দা কৰি এখন বিবৃতি প্ৰকাশ কৰিছে। বিবৃতিত কোৱা হৈছে, “অৰ্থনীতিক অস্ত্ৰ হিচাপে ব্যৱহাৰৰ ধাৰাবাহিকতা বজাই ৰাখিছে আমেৰিকাই। ইৰান বা ভাৰতৰ দৰে স্বাধীন দেশৰ ওপৰত নিজৰ মতামত জাপি দিব বিচাৰিছে। এই বৈষম্যমূলক আচৰণ আন্তৰ্জাতিক আইন আৰু জাতীয় সাৰ্বভৌমত্বৰ বিৰোধী। প্ৰকৃততে এয়া অৰ্থনৈতিক সাম্ৰাজ্যবাদৰ আধুনিক ৰূপ।”

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কলিয়াবৰৰ বিধ্বস্ত অংগনবাড়ী কেন্দ্ৰ; অসুৰক্ষিত অৱস্থাত চলিছে শিশুৰ পাঠদান

কলিয়াবৰৰ শালবাৰী অংগনবাড়ী কেন্দ্ৰৰ শোচনীয় অৱস্থাই এতিয়া প্ৰশ্নৰ অৱতাৰণা...

BRICSৰ নতুন দিল্লী ঘোষণাত কি কি গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ?

BRICS-এ বৃদ্ধি পোৱা একপক্ষীয় শুল্ক আৰু অ-শুল্ক ব্যৱস্থাক লৈ...

২২ বছৰীয়া যুৱকে খেদি খেদি কৰিলে ভ/য়ং/কৰ কাণ্ড; কেলিফৰ্ণিয়াত ভাৰতীয় মূলৰ মহিলাৰ মৃ/ত/দে/হ উদ্ধাৰৰ পাছতে চাঞ্চল্য

কেলিফৰ্ণিয়াৰ ছেক্ৰামেণ্ট’ত মঙলবাৰে এখন ৰেষ্টুৰেণ্টৰ বাহিৰত ৩৮ বছৰীয়া ভাৰতীয়...

পেহেলগামৰ সন্ত্ৰাসবাদী আক্ৰমণক কঠোৰ ভাষাৰে নিন্দা BRICSৰ সদস্য ৰাষ্ট্ৰসমূহৰ

ভাৰতৰ অধ্যক্ষতাত অনুষ্ঠিত BRICS ২০২৬ সন্মিলনত সদস্য ৰাষ্ট্ৰসমূহে জম্মু-কাশ্মীৰৰ...