বিদ্যুৎ নাই, জেনেৰেটৰো বেয়া! টৰ্চৰ পোহৰত ৰোগীক কৰিলে চিকিৎসা

সমগ্ৰ হাস্পতালখন অন্ধকাৰত ডুব গৈছিল। বিদ্যুৎ নাই, আনকি হাস্পতালৰ জেনেৰেটৰো বিকল! চিকিৎসকসকলে চিকিৎসাৰ বাবে মমবাতিৰ পোহৰ বা টৰ্চৰ ওপৰত নিৰ্ভৰ কৰিবলগীয়া হয়! উত্তৰ প্ৰদেশৰ বালিয়াৰ চৰকাৰী হাস্পতালত প্ৰায় ৪৫ মিনিট ধৰি এইদৰে চিকিৎসা চলিছিল।

ঘটনাটো সংঘটিত হৈছিল শুকুৰবাৰে। কিন্তু এই ঘটনাৰ ভিডিঅ’ ভাইৰেল হোৱাৰ পিছতহে বিষয়টো পোহৰলৈ আহে। হাস্পতালৰ অধীক্ষক এছ কে যাদৱে পিটিআইক জনোৱা মতে, জেনেৰেটৰত যান্ত্ৰিক ত্ৰুটিৰ সৃষ্টি হৈছিল। মেৰামতিৰ চেষ্টা কৰা হৈছিল, কিন্তু সফল হোৱা নাছিল। অধীক্ষকৰ মতে, “সেই পৰিস্থিতিত বাধ্য হৈ চিকিৎসকসকলে টৰ্চৰ পোহৰত চিকিৎসা কৰিছিল। সম্ভৱতঃ সেই সময়ত কোনোবাই ভিডিঅ’ ৰেকৰ্ড কৰিছিল।”

ভিডিঅ’ ভাইৰেল হোৱাৰ পিছত সমালোচনাৰ ধুমুহাৰ সৃষ্টি হয়। হাস্পতালৰ জৰুৰী বিভাগত বিকল্প ব্যৱস্থা কিয় নাই, তাক লৈ প্ৰশ্ন উত্থাপিত হয়। এই ঘটনাৰ পিছত হাস্পতাল কৰ্তৃপক্ষই জৰুৰী বিভাগৰ বাবে ‘ইনভাৰ্টাৰ’ৰ ব্যৱস্থা কৰে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...