ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে ভাৰতে! লণ্ডনৰ পৰা এই ঘোষণা মোদী আৰু ষ্টাৰমাৰৰ

মুক্ত বাণিজ্য চুক্তিৰ ঘোষণা হ’ব পাৰে বুলি আগতীয়াকৈ আভাস পোৱা গৈছিল। সেইটোৱেই সঁচা হ’ল। ভাৰতে ব্ৰিটেইনৰ সৈতে মুক্ত বাণিজ্য চুক্তি স্বাক্ষৰ কৰিলে। বৃহস্পতিবাৰে লণ্ডনৰ পৰা এখন যৌথ সাংবাদিক বৈঠকত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু ব্ৰিটেইনৰ প্ৰধানমন্ত্ৰী কিয়াৰ ষ্টাৰমাৰে এই ঘোষণা কৰে।

বৃহস্পতিবাৰে লণ্ডনত মোদী আৰু ষ্টাৰমাৰৰ মাজত বৈঠকৰ পিছতেই এই ঘোষণা কৰা হয়। দীৰ্ঘ আলোচনাৰ পিছত ৬ মে’ত ভাৰত আৰু ব্ৰিটেইনৰ মাজত মুক্ত বাণিজ্য চুক্তিৰ চূড়ান্ত আলোচনা সম্পন্ন হয়। এইবাৰ মোদীৰ ব্ৰিটেইন ভ্ৰমণৰ সময়ত ইয়াক আনুষ্ঠানিকভাৱে ঘোষণা কৰা হ’ল।

ভাৰতৰ বাণিজ্যমন্ত্ৰী পীযূষ গোয়েল আৰু ব্ৰিটেইনৰ বাণিজ্যমন্ত্ৰী জোনাথন ৰেইনল্ডৰ মাজত এই চুক্তি স্বাক্ষৰিত হয়। যৌথ সাংবাদিক বৈঠকত ষ্টাৰমাৰৰ কাষত থিয় হৈ মোদীয়ে এই চুক্তিক ভাৰত আৰু ব্ৰিটেইনৰ যৌথ বিকাশৰ ব্লুপ্ৰিণ্ট বুলি ব্যাখ্যা কৰে। এই চুক্তিৰ ফলত দ্বিপাক্ষিক বাণিজ্য ৩,৪০০ কোটি ডলাৰ বৃদ্ধি পাব বুলি আশাবাদী প্ৰধানমন্ত্ৰী মোদী। তেওঁ কয়, “আজি আমাৰ (ভাৰত আৰু ব্ৰিটেইনৰ) সম্পৰ্কৰ এটা ঐতিহাসিক দিন। বহু বছৰৰ কঠোৰ পৰিশ্ৰমৰ পিছত, আজি দুয়োখন দেশে এখন অৰ্থনৈতিক আৰু বাণিজ্য চুক্তি স্বাক্ষৰ কৰিছে।”

মোদীয়ে জনায়, ভাৰত-ব্ৰিটেইন মুক্ত বাণিজ্য চুক্তিৰ ফলত ব্ৰিটেইনৰ বজাৰত ভাৰতীয় বস্ত্ৰ, জোতা, মূল্যৱান ৰত্ন, গহনা, সামুদ্ৰিক খাদ্য আৰু প্ৰযুক্তিগত পণ্য অধিক পৰিমাণে উপলব্ধ হ’ব। লগতে ভাৰতৰ কৃষিজাত পণ্য আৰু খাদ্য প্ৰক্ৰিয়াকৰণ শিল্পৰ বাবে ব্ৰিটেইনৰ বজাৰ অধিক প্ৰশস্ত হ’ব বুলি তেওঁ ধাৰণা কৰে। এই চুক্তিৰ ফলত ভাৰতৰ তৰুণ প্ৰজন্ম, কৃষক, মৎস্যজীৱী আৰু ক্ষুদ্ৰ-কুটীৰ তথা মধ্যম শিল্পৰ সৈতে জড়িতসকলে সৰ্বাধিক সুবিধা লাভ কৰিব বুলিও মোদীৰ মত।

বৃহস্পতিবাৰে স্বাক্ষৰিত এই দ্বিপাক্ষিক বাণিজ্যিক চুক্তিক ঐতিহাসিক চুক্তি বুলি সামাজিক মাধ্যমত পোষ্ট কৰিছে ষ্টাৰমাৰে। তেওঁ লিখিছে, “ভাৰতৰ সৈতে এখন যুগান্তকাৰী চুক্তি হৈছে। ইয়াৰ ফলত ব্ৰিটেইনত চাকৰি, বিনিয়োগ আৰু উন্নয়ন হ’ব। এই চুক্তিৰ ফলত হাজাৰ হাজাৰ ব্ৰিটিছ চাকৰিৰ সৃষ্টি হ’ব, ব্যৱসায়ৰ বাবে নতুন সুযোগ সৃষ্টি হ’ব আৰু খাঁটি খোৱা মানুহৰ পকেটত ধন যোগ হ’ব।”

এই দ্বিপাক্ষিক মুক্ত বাণিজ্য চুক্তিৰ ফলত ব্ৰিটেইনৰ বজাৰত ভাৰতৰ কেইবাটাও কৃষিজাত আৰু প্ৰক্ৰিয়াজাত খাদ্য পণ্য আমদানিৰ বাবে কোনো শুল্কৰ প্ৰয়োজন নহয়। নতুন চুক্তি অনুসৰি, হালধি, গোলমৰিচ, কৃষি পণ্য আৰু আচাৰ, দাইলৰ দৰে প্ৰক্ৰিয়াজাত খাদ্যপণ্য ব্ৰিটিছ বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ কৰিব পাৰিব। লগতে ভাৰতীয় মৎস্যজীৱীসকলো উপকৃত হ’ব। ভাৰতৰ চিংৰি, টুনা মাছকে ধৰি বিভিন্ন সামুদ্ৰিক খাদ্যপণ্য শুল্কমুক্তভাৱে ব্ৰিটেইনৰ বজাৰত আমদানি কৰিব পৰা যাব। চুক্তি অনুসৰি, এই সুবিধাৰ পৰিৱৰ্তে ব্ৰিটেইনৰ বিভিন্ন পণ্যও ভাৰতীয় বজাৰত শুল্কমুক্তভাৱে প্ৰৱেশ কৰিব পাৰিব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

মুখ্যমন্ত্ৰীৰ পৰা প্ৰধানমন্ত্ৰী হোৱালৈ…মোদী-পুটিনৰ ২৫ বছৰীয়া সম্পৰ্ক…

মোদী-পুটিনৰ ২৫ বছৰীয়া বন্ধুত্ব : ভাৰত-ৰাছিয়া সম্পৰ্কৰ এক অটুট...

মাত্ৰ ২ ঘণ্টা শোৱা এগৰাকী প্ৰধানমন্ত্ৰীৰ কাহিনী ক’ম আজি…

আপুনি দৈনিক কিমান ঘণ্টা শোৱে? নিশ্চয়কৈ ৬ৰ পৰা ৮...

ভাৰতলৈ আহিছে পুটিন… সিফালে চীন পালেগৈ ফ্ৰান্সৰ ৰাষ্ট্ৰপতি ইমানুৱেল মেক্ৰন

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে দুদিনীয়া ভ্ৰমণসূচীৰে ভাৰত ভ্ৰমণ কৰাৰ...

পুটিনৰ ভাৰত ভ্ৰমণঃ বাণিজ্যৰ পৰা মহাকাশলৈ এই ৮টা ক্ষেত্ৰত স্বাক্ষৰিত হ’ব বৃহৎ চুক্তি

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ ভাৰত ভ্ৰমণ। এই ভ্ৰমণৰ সময়ত...