ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা ভৱনৰ ওপৰত বাংলাদেশৰ বায়ুসেনাৰ এখন বিমান বিধ্বস্ত হোৱাৰ ঘটনাত এতিয়ালৈকে ২৭ জনৰ মৃত্যুৰ খবৰ পোৱা গৈছে। বাংলাদেশৰ সেনাবাহিনীৰ আন্তঃবিভাগ জনসংযোগ শাখা (আইএছপিআৰ)ৰ মতে, বিমানখন উৰাৰ পিছত অতি কম সময়ৰ ভিতৰতে পাইলটে ইয়াত যান্ত্ৰিক ত্ৰুটি লক্ষ্য কৰিছিল। তেওঁ বিমানখনক কোনো খালী ঠাইত অৱতৰণ কৰাবলৈ চেষ্টা কৰিছিল, কিন্তু শেষত সফল হ’ব নোৱাৰিলে। বিমানখন স্কুলৰ এটা ভৱনৰ ওপৰত ভাঙি পৰিল। তথাপি এই দুৰ্ঘটনাৰ সঠিক কাৰণ এতিয়াও সম্পূৰ্ণৰূপে জানিব পৰা হোৱা নাই। জনা গৈছে যে, দুৰ্ঘটনাগ্ৰস্ত এফটি-৭ বিজিআই বিমানখন চীনৰ এটা সংস্থাৰ দ্বাৰা নিৰ্মিত। সংস্থাটোৰ নাম চেংদু এয়াৰক্ৰাফ্ট কৰ্প’ৰেশ্যন।
বাংলাদেশৰ সেনাৰ তথ্য উদ্ধৃত কৰি দেশখনৰ ‘ঢাকা ট্ৰিবিউন’ নামৰ বাতৰি কাকতখনে জনাইছে যে, যোৱা দুই দশকত (২০ বছৰত) বাংলাদেশত বায়ুসেনাৰ ১১খন বিমান বিধ্বস্ত হৈছে। উল্লেখযোগ্যভাৱে, তাৰে মাজত সাতখন বিমান চীনৰ কোনোবা নহয় কোনোবা সংস্থাৰ দ্বাৰা নিৰ্মিত। বাকী তিনিখন ৰাছিয়াৰ আৰু এখন চেক প্ৰজাতন্ত্ৰৰ দ্বাৰা নিৰ্মিত। বাংলাদেশৰ বায়ুসেনাৰ এজন প্ৰাক্তন বিষয়াই ‘ঢাকা ট্ৰিবিউন’ক কৈছে, “বাৰে বাৰে বিমান বিধ্বস্ত হোৱাৰ পিছফালে চীনৰ নিৰ্মিত বিমানৰ ভূমিকা আছে। তথাপিও নানা বাধ্যবাধকতাৰ বাবে বাংলাদেশৰ বায়ুসেনাই এই বিমানসমূহ ব্যৱহাৰ কৰি আছে।” উল্লেখ্য যে, বাংলাদেশত মূলতঃ চীনৰ নিৰ্মিত এফটি-৭, পিটি-৬ আৰু এফ-৭এমবি বিমান ব্যৱহাৰ কৰা হয়।
বাংলাদেশৰ সামৰিক বিশেষজ্ঞসকলৰ উদ্ধৃতি দি ‘ঢাকা ট্ৰিবিউন’ৰ এখন প্ৰতিবেদনত জনোৱা হৈছে যে, ঢাকাৰ অপৰিকল্পিত নগৰাঞ্চলৰ বাবেও এনে ধৰণৰ বিমান দুৰ্ঘটনাৰ সম্ভাৱনা বৃদ্ধি পাইছে। সোমবাৰে ঢাকাৰ ঘন জনবসতিপূৰ্ণ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ এটা ভৱনৰ ওপৰত বায়ুসেনাৰ বিমানখন বিধ্বস্ত হৈছিল। এই প্ৰসংগত বাংলাদেশৰ এজন প্ৰাক্তন বায়ুসেনা বিষয়াই কৈছে, “পাইলটে বিমানখনৰ সৈতে অৱতৰণৰ চেষ্টা কৰি আছিল। বিমানখন য’ত ভাঙি পৰিছিল, সেই ঠাইৰ পৰা পাইলটৰ লক্ষ্মণৰেখা বা মাৰ্কাৰ লাইনৰ ওচৰতেই আছিল। সেই এলেকাটো খালী হৈ থকা উচিত আছিল। কিন্তু তাত এটা খালৰ ওপৰত নগৰ গঢ় লৈ উঠিছে।” তেওঁ লগতে কৈছে, “দুৰ্ঘটনা য’তেই নহওক কিয়, নিৰ্বিঘ্নে বিমান অৱতৰণৰ বাবে অন্ততঃ ৮ নটিকেল মাইলৰ বাধাবিহীন ‘ফ্ৰি ফ্লাই জ’ন’ৰ প্ৰয়োজন।”
সোমবাৰে দুপৰীয়া (স্থানীয় সময়) ঢাকাৰ উত্তৰাৰ মাইলষ্টোন স্কুল এণ্ড কলেজৰ ওপৰত বায়ুসেনাৰ এখন বিমান হঠাৎ ভাঙি পৰে। উৰণৰ ১২ মিনিটৰ ভিতৰতেই এই দুৰ্ঘটনা সংঘটিত হয়। নিশাও স্কুলখনত উদ্ধাৰ কাৰ্য চলি থাকে। ধ্বংসাৱশেষৰ তলত আৰু কোনোবা আৱদ্ধ হৈ আছে নেকি, তাৰেই সন্ধান চলি আছে। সামৰিক সঁজুলি সম্পৰ্কীয় আমেৰিকাৰ ৱেবছাইট ‘গ্লোবেল ছিকিউৰিটি ডট কম’ৰ তথ্য অনুসৰি, এফটি-৭ বিজিআই বিমানখন চীনৰ এটা সংস্থাই নিৰ্মাণ কৰিছে। এই বিমানখন দুই আসনৰ আৰু একক ইঞ্জিনযুক্ত। সাধাৰণতে সেনাবাহিনীয়ে এই বিমানখন প্ৰশিক্ষণৰ কামত ব্যৱহাৰ কৰে। সোমবাৰে অনুশীলনৰ সময়ত বিমানখন বিধ্বস্ত হৈছিল।
মঙলবাৰে পুৱা বাৰ্ন এণ্ড প্লাষ্টিক চাৰ্জাৰী ইনষ্টিটিউটত বাংলাদেশৰ প্ৰধান উপদেষ্টা মুহাম্মদ ইউনুছৰ বিশেষ সহকাৰী চিকিৎসক মহম্মদ ছায়েদুৰ ৰহমানে এখন সাংবাদিক বৈঠকত জনাইছে যে, বিমান দুৰ্ঘটনাত এতিয়ালৈকে ২৭ গৰাকীৰ মৃত্যু হৈছে। এই ২৭ গৰাকীৰ ভিতৰত ২৫ গৰাকী শিশু। অধিকাংশৰ বয়স ১২ বছৰৰ তলৰ। মৃত্যু হোৱা বাকী দুজনৰ ভিতৰত এজন বিমানৰ পাইলট আৰু আন গৰাকী স্কুলৰ শিক্ষয়িত্ৰী।
