বহি:ৰাজ্যত চলন্ত ৰে’লৰ পৰা পৰি মৃত্যু অসমৰ ব্যৱসায়ীৰ

পশ্চিমবংগত ৰে’লৰ পৰা পৰি মৃত্যু যোৰহাটৰ ব্যৱসায়ীৰ। পশ্চিমবংগৰ বৰ্ধমান ষ্টেচনত ৰে’লৰ পৰা পিছলি মৃত্যু আনন্দ বৈদ্য নামৰ লোকজনৰ। পত্নী–কন্যাৰ সৈতে ঝাৰখণ্ডলৈ গৈছিল আনন্দ বৈদ্য নামৰ ব্যৱসায়ীজন। শনিবাৰে নিশা সংঘটিত হয় এই শোকাৱহ ঘটনা। ৰে’লত শুই যোৱা পত্নী–কন্যাই পলমকৈহে গম পাই বৈদ্যৰ মৃত্যুৰ কথা।। শুই থকা পত্নী–কন্যাৰ বাবে খাদ্য আনিবলৈ নামিছিল ষ্টেচনত। ৰে’ল এৰাৰ সময়ত উঠিবলৈ লওঁতেই পিছলি পৰে লোকজন। নিশা বৰ্ধমান ৰে’লৱে ষ্টেচনৰ পৰা ৰে’ল আৰক্ষীয়ে ফোন কৰে আনন্দ বৈদ্যৰ পত্নীলৈ। গভীৰ টোপনিত থকা বাবে আৰক্ষীৰ ফোন উঠাব নোৱাৰিলে পত্নীয়ে। পুৱা ঝাৰখণ্ডৰ কৰ্দমা ৰে’ল ষ্টেচনত বৈদ্যক নেদেখি হুৱাদুৱা লগাই পত্নীা–কন্যাই। পৰৱৰ্তী সময়ত পত্নী–কন্যাই ঘটনা অৱগত কৰে ৰে’ল আৰক্ষীক। নিশা মোবাইলত বৰ্ধমান ৰে’ল আৰক্ষীৰ ফোনকলৰ আঁত ধৰি অৱগত হয় ঘটনা সম্পৰ্কে। বৰ্তমান বৰ্ধমানতে আছ লোকজনৰ মৃতদেহ। যোৰহাটৰ পুৰণা বালিবাটৰ কুবেৰ কমপ্লেক্সত আছে লোকজনৰ ব্যৱসায়িক প্ৰতিষ্ঠান। পশ্চিমবংগলৈ ৰাওনা হৈছে লোকজনৰ যোৰহাটৰ আত্মীয়।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

NASAৰ বাবে বেয়া খবৰ! ১২ বছৰ ধৰি মংগল গ্ৰহত থকা MAVENৰ সৈতে হেৰাইছে যোগাযোগ

মাৰ্কিন মহাকাশ সংস্থা নাছাৰ বাবে মংগল গ্ৰহৰ পৰা আহিছে...

১৪ ডিচেম্বৰত গুৱাহাটীত ছনু নিগমৰ ‘দিৱানা তেৰা ট্যুৰ’ৰ শুভাৰম্ভ

ভাৰতৰ প্ৰখ্যাত সংগীত শিল্পী ছনু নিগমে অহা ১৪ ডিচেম্বৰ,...

পৰ্টেবল পাৰমাণৱিক শক্তি কি? যাৰ বাবে ৰাছিয়াৰ সৈতে চুক্তি হৈছে ভাৰতৰ

ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনৰ সৈতে যৌথ সংবাদমেলত প্ৰধানমন্ত্ৰী মোদীয়ে...