ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী ভূপেশ বাঘেলৰ পুত্ৰক গ্ৰেপ্তাৰ

ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা কংগ্ৰেছ নেতা ভূপেশ বাঘেলৰ পুত্ৰ চৈতন্য বাঘেলক EDয়ে গ্ৰেপ্তাৰ কৰিছে। আৰ্থিক দুৰ্নীতিৰ অভিযোগত কেন্দ্ৰীয় সংস্থাটোৱে তেওঁলোকৰ বাসগৃহত তালাচী চলাইছিল। শুকুৰবাৰে পুৱাও তালাচী অব্যাহত আছিল। তাৰ পিছত চৈতন্যক গ্ৰেপ্তাৰ কৰা হয়। ভূপেশৰ অভিযোগ, ৰাজনৈতিক কাৰণত কেন্দ্ৰীয় সংস্থাটোক এইদৰে ব্যৱহাৰ কৰা হৈছে। তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ বিৰুদ্ধে ষড়যন্ত্ৰৰ অভিযোগ উত্থাপন কৰিছে।

চৈতন্যৰ বিৰুদ্ধে আবকাৰী দুৰ্নীতিৰ সৈতে জড়িত থকা আৰু বৃহৎ পৰিমাণৰ ধন আত্মসাতৰ অভিযোগ উত্থাপিত হৈছে। ছত্তীশগড়ৰ দুৰ্গ জিলাৰ ভিলাই চহৰত আছে তেওঁলোকৰ বাসগৃহ। Prevention of Money-Laundering Act, 2002ৰ অধীনত কেন্দ্ৰীয় সংস্থাটোৱে তালাচী চলায়। সংবাদ সংস্থা PTIৰ উৎসৰ উল্লেখ কৰি জানিব পৰা গৈছে যে, Prevention of Money-Laundering Act, 2002ৰ ১৯ নম্বৰ ধাৰাৰ অধীনত চৈতন্যক EDয়ে গ্ৰেপ্তাৰ কৰিছে। অভিযোগ অনুসৰি, ঘৰত তালাচীৰ সময়ত তেওঁ EDৰ বিষয়াসকলৰ সৈতে সহযোগিতা কৰা নাছিল। তেওঁৰ বিৰুদ্ধে নতুন কিছু তথ্য পোৱাৰ পিছত শুকুৰবাৰে EDয়ে ভিলাইৰ ঘৰত তালাচী চলাবলৈ গৈছিল।

চৈতন্যৰ গ্ৰেপ্তাৰৰ পিছত ভূপেশৰ ঘৰৰ সন্মুখত কংগ্ৰেছৰ কৰ্মী-সমৰ্থকসকল গোট খাবলৈ আৰম্ভ কৰিছে। এলেকাটোত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে। ভূপেশে জনাইছে যে, শুকুৰবাৰে তেওঁৰ পুত্ৰৰ জন্মদিন আছিল। সেইদিনাই EDয়ে তেওঁক গ্ৰেপ্তাৰ কৰিছে।

শুকুৰবাৰে পুৱা ভূপেশে কয়, “মোদী আৰু শ্বাহে EDক মোৰ ঘৰলৈ পঠিয়াইছে। আমি এইটোত ভয় কৰা নাই। আমি শিৰ নত নকৰো। ভূপেশ বাঘেলে ভয় নকৰে। আমি সত্যৰ এই যুঁজ অব্যাহত ৰাখিম।” বিহাৰত ভোটাৰ তালিকা সংশোধনৰ প্ৰসংগও তুলি তেওঁ কয়, “এফালে নিৰ্বাচন আয়োগক ব্যৱহাৰ কৰি বিহাৰৰ ভোটাৰসকলক আঁতৰাই পেলোৱা হৈছে। আনফালে বিৰোধীসকলক দমন কৰিবলৈ ED, আইটি, চিবিআইৰ দৰে সংস্থাক ব্যৱহাৰ কৰা হৈছে। দেশৰ জনতাই এইটো বুজি পাইছে।” পুত্ৰৰ গ্ৰেপ্তাৰৰ পিছত ভূপেশে সামাজিক মাধ্যমত লিখিছে, “আজি ৰাজ্যৰ বিধানসভা অধিৱেশনৰ শেষ দিন। আদানিহঁতৰ প্ৰকল্পৰ বাবে গছ কটাৰ বিষয়টো অধিৱেশনত উত্থাপন হ’ব লাগিছিল। কিন্তু ভিলাই নিবাসত EDক পঠিয়াই দিলে।” উল্লেখ্য যে, আদানিয়ে কয়লা প্ৰকল্পৰ বাবে গছ কটাৰ বিৰোধিতা ভূপেশে আগতেও কৰিছিল। স্থানীয় বাসিন্দাসকলেও তাৰ প্ৰতিবাদত ৰাজপথত নামিছিল। পুত্ৰৰ গ্ৰেপ্তাৰৰ পিছত সেই ঘটনা উল্লেখ কৰি ছত্তীশগড়ৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে বিজেপিক লক্ষ্য কৰি বাক্যবাণ বৰষিছে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...