গুৱাহাটীত অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ

সদৌ অসম টেনিছ সন্থাৰ উদ্যোগত শনিবাৰৰ পৰা গুৱাহাটীত অনুষ্ঠিত হ’ব অইল-আইটা ছুপাৰ ছিৰিজ ৰাষ্ট্ৰীয় টেনিছ প্ৰতিযোগিতা৷ ১২ আৰু ১৪ বছৰ অনূধ্বৰ্ৰ ল’ৰা-ছোৱালীৰ প্ৰতিযোগিতাখনত অসমসহ দেশৰ ১৫ খন ৰাজ্যৰ প্ৰায় ১৮০ গৰাকী খেলুৱৈয়ে ইতিমধ্যে নাম পঞ্জিয়ন কৰি অংশগ্ৰহণ নিশ্চিত কৰিছে৷ যোৱা বছৰতকৈ এইবাৰ ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি পাইছে৷

উল্লেখ্য ২০২৪ ত ১৩ খন ৰাজ্যৰ প্ৰায় ১৫০ খেলুৱৈয়ে প্ৰতিযোগিতাত অংশ লৈছিল৷ সদৌ অসম টেনিছ সন্থাৰ সম্পাদক অংকুশ দত্তই জনোৱা অনুসৰি অংশগ্ৰহণকাৰী ৰাজ্য তথা খেলুৱৈৰ সংখ্যা বৃদ্ধি হোৱাৰ পূৰ্ণ সম্ভাৱনা আছে৷ কাৰণ প্ৰতিযোগিতাৰ মূল ৰাউণ্ডৰ খেল অহা ১৪ জুলাইৰ পৰাহে আৰম্ভ হ’ব৷ শনি আৰু দেওবাৰে দূয়োটা বয়স শাখাৰ ল’ৰা-ছোৱালীৰ মূল ৰাউণ্ডলৈ যোগ্যতা নিৰ্ণয়কাৰী খেলহে অনুষ্ঠিত হ’ব৷

গুৱাহাটীৰ চচলত থকা অসম টেনিছ সন্থাৰ প্ৰকল্পত অনুষ্ঠিত হ’বলগা ৰাষ্ট্ৰীয় ৰেংকিং প্ৰতিযোগিতাখনত ল’ৰা-ছোৱালীৰ উভয় বয়স শাখাৰে একক তথা ডাবলছৰ মেচ অনুষ্ঠিত হ’ব৷ স্মৰ্তব্য যে অইল ইণ্ডিয়া লিমিটেডে ২০০৮ চনৰ পৰাই প্ৰতি বছৰে এই প্ৰতিযোগিতাখন আয়োজন কৰাত সহযোগিতা আগবঢ়াই আহিছে৷

অসমৰ প্ৰায় ৫০ গৰাকী খেলুৱৈয়ে অংশ ল’ব লগা প্ৰতিযোগিতাখনত যোগদান কৰা অন্য ৰাজ্য কেইখন হ’ল ঃ দিল্লী, উত্তৰ প্ৰদেশ, বংগ, মহাৰাষ্ট্ৰ, চত্তীশগড়, ওড়িশা, হাৰিয়ানা, তেলেংগানা, কৰ্ণাটক, ঝাৰখণ্ড, উত্তৰাখণ্ড, তামিলনাডু, বিহাৰ আৰু মণিপুৰ৷

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

কটন বিশ্ববিদ্যালয়ত বেডমিণ্টনৰ সুবিধা ব্যৱহাৰৰ বাবে অসম ক্ৰীড়া প্ৰাধিকৰণৰ সৈতে বুজাবুজি চুক্তি স্বাক্ষৰ

কটন বিশ্ববিদ্যালয়ত অৱস্থিত বেডমিণ্টন খেলৰ সুবিধাৰ ব্যৱহাৰৰ উদ্দেশ্যে কটন...

LPGৰ ঠাই ল’ব নেকি ইথানলে? ইয়াক পানীৰ সৈতে মিহলি কৰাৰ আঁৰৰ যুক্তি কি?

শেহতীয়াকৈ কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইথানল ভিত্তিক ষ্ট’ভ প্ৰযুক্তিৰ...

এটা আমৰ বাবে ১৫ৰ পৰা ১৮ হাজাৰ টকাৰ নিবিদা…

আমক লৈ চৰ্চিত হৈ পৰিছে এখন বিশেষ ঠাই। জাপানৰ...

এজন অধিবক্তা কেতিয়া উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ হয়?

ভাৰতৰ উচ্চতম ন্যায়ালয়ত ন্যায়াধীশ হিচাপে নিযুক্তিৰ বাবে উচ্চতম ন্যায়ালয়ৰ...