আমেৰিকাই কেইবাখনো দেশৰ সৈতে বাণিজ্য চুক্তিৰ কথা-বতৰা চূড়ান্ত কৰি পেলাইছে। কিন্তু কিছু দেশৰ সৈতে চুক্তিৰ পথত হোৱাইট হাউছ আগবাঢ়িব পৰা নাই বা সেই দেশসমূহৰ পৰা এই বিষয়ে সেউজ সংকেত পোৱা নাই। এনে পৰিস্থিতিত সোমবাৰে ভাৰতীয় সময় অনুসৰি নিশা ৯:৩০ বজাৰ পৰা আমেৰিকাই বিভিন্ন দেশলৈ চিঠি প্ৰেৰণ কৰিবলৈ আৰম্ভ কৰিব। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে সামাজিক মাধ্যমত এটা পোষ্টত লিখিছে, “আমি আনন্দৰ সৈতে ঘোষণা কৰিছো যে, আমেৰিকা যুক্তৰাষ্ট্ৰই সোমবাৰে দুপৰীয়া ১২ বজাৰ পৰা (আমেৰিকাৰ ইষ্টাৰ্ণ টাইম জ’ন অনুসৰি) বিশ্বৰ বিভিন্ন দেশলৈ শুল্ক বা চুক্তিৰ চিঠি প্ৰেৰণ কৰিব।”
কিন্তু এই তালিকাত ভাৰতৰ নাম থাকিব নে নাই, আৰু থাকিলেও কোন তালিকাত থাকিব, সেয়া এতিয়াও স্পষ্ট নহয়। আমেৰিকাৰ নতুন শুল্ক নীতিক মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ৯০ দিনৰ বাবে স্থগিত ৰাখিছে। আগন্তুক বুধবাৰে (৯ জুলাই) এই স্থগিতৰ ম্যাদ শেষ হ’ব। সংবাদ মাধ্যম ‘চিএনএন’ক ৰাজহ সচিব স্কট বেছান্টে জনাইছে যে, সময়সীমা শেষ হোৱাৰ আগতেই আমেৰিকাই কেইবাটাও বাণিজ্যিক চুক্তি প্ৰায় চূড়ান্ত কৰিছে।
চীন, ব্ৰিটেইন আৰু ভিয়েটনামৰ সৈতে আমেৰিকাই ইতিমধ্যে বাণিজ্য চুক্তি সম্পন্ন কৰিছে। ভাৰতৰ সৈতে বাণিজ্যিক আলোচনা এতিয়াও চলি আছে। দক্ষিণ কোৰিয়াৰ প্ৰতিনিধিসকলো আমেৰিকাত উপস্থিত হৈছে। ভাৰত-সহ কেইবাখনো দেশৰ সৈতে ট্ৰাম্প প্ৰশাসনে বাণিজ্যিক বুজাবুজিৰ চেষ্টা চলাই আছে। এই পৰিপ্ৰেক্ষিতত ৰবিবাৰে ৰাজহ সচিবে এই মন্তব্য কৰিছিল। বেছান্টে আৰু জনাইছে যে, শুল্ক হ্ৰাসৰ কথা উল্লেখ কৰি ট্ৰাম্পে ১০০খন দেশলৈ চিঠি প্ৰেৰণ কৰিব। সময়সীমাৰ ভিতৰত এই দেশসমূহে মাৰ্কিন পণ্যৰ ওপৰত শুল্ক হ্ৰাস নকৰিলে আগন্তুক ১ আগষ্টৰ পৰা এই দেশসমূহৰ ওপৰত উচ্চ হাৰৰ শুল্ক (২ এপ্ৰিলৰ ঘোষণা অনুসৰি) কাৰ্যকৰী হ’ব।
২ এপ্ৰিলত ট্ৰাম্পে ভাৰত-সহ বিভিন্ন দেশৰ পণ্যৰ ওপৰত পাৰস্পৰিক শুল্ক আৰোপৰ ঘোষণা কৰিছিল। ভাৰতৰ পণ্যৰ ওপৰত শুল্কৰ পৰিমাণ আছিল ২৬ শতাংশ। পিছত এই শুল্ক নীতি স্থগিত ৰখা হয় আৰু ন্যূনতম ১০ শতাংশ শুল্ক ধাৰ্য কৰা হয়। কিন্তু ট্ৰাম্পে ঘোষিত সময়সীমাৰ ভিতৰত বাণিজ্য চুক্তি চূড়ান্ত নহ’লে আমেৰিকাই পুনৰ পূৰ্বৰ শুল্ক আৰোপ কৰিব পাৰে। শুল্ক স্থগিতৰ সময়সীমা আমেৰিকাই আৰু বৃদ্ধি কৰাৰ ইচ্ছা নাই বুলি ট্ৰাম্প প্ৰশাসনে ইতিমধ্যে স্পষ্ট কৰি দিছে।
ভাৰত আৰু আমেৰিকাৰ মাজত বাণিজ্যিক চুক্তিৰ বিষয়ে আলোচনা বহু দূৰ আগবাঢ়িছে। কিন্তু সূত্ৰৰ খবৰ অনুসৰি, আলোচনা শেষ পৰ্যায়ত উপনীত হ’লেও নতুন দিল্লী আৰু ৱাশ্বিংটন কিছু বিষয়ত একমত হ’ব পৰা নাই। এই পৰিপ্ৰেক্ষিতত শুক্ৰবাৰে কেন্দ্ৰীয় বাণিজ্য মন্ত্ৰী পীয়ুষ গয়ালে জনাইছে যে, ভাৰতে কোনো নিৰ্দিষ্ট সময়সীমা মানি আমেৰিকাৰ সৈতে নতুন দ্বিপাক্ষিক বাণিজ্যিক চুক্তি স্বাক্ষৰ নকৰে।
