নিৰ্বাচনৰ পূৰ্বে বিহাৰত ছেনিটেৰী পেড বিতৰণ কৰিব কংগ্ৰেছে! ‘পেডমেন’ অৱতাৰত ৰাহুল গান্ধী

চলিত বছৰৰ শেষৰ ফালে বিহাৰত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। নিৰ্বাচন আয়োগে এতিয়ালৈকে দিন-তাৰিখ ঘোষণা কৰা নাই, কিন্তু নিৰ্বাচনী ৰণডংকা ইতিমধ্যে বাজি উঠিছে। প্ৰস্তুতিও তুংগত। সকলোৱে নিজৰ নিজৰ ধৰণে ভোটাৰক আকৰ্ষিত কৰাৰ কৌশল প্ৰস্তুত কৰিছে। এই পৰিপ্ৰেক্ষিতত কংগ্ৰেছে বিহাৰত কেইবাটাও কাৰ্যসূচীৰ কথা ঘোষণা কৰিছে। তাৰে এটা হ’ল— বিহাৰত পাঁচ লাখ মহিলাক ছেনিটেৰী পেড বিতৰণ কৰাৰ প্ৰতিশ্ৰুতি। কিন্তু কংগ্ৰেছৰ এই কাৰ্যসূচীক লৈ বিহাৰৰ ৰাজনীতিত বিতৰ্কৰ সৃষ্টি হৈছে।

বিতৰ্কৰ কাৰণ হ’ল, কংগ্ৰেছে যি ছেনিটেৰী পেড মহিলাৰ হাতত তুলি দিব বুলি প্ৰতিশ্ৰুতি দিছে, সেই পেকেটত থাকিব ৰাহুল গান্ধীৰ ছবি! পেকেটৰ ওপৰত লিখা থাকিব ‘মা-ভনীৰ সম্মান যোজনা’। ইয়াৰ উপৰিও, অভাৱী মহিলাৰ সহায়ৰ বাবে প্ৰতি মাহে আঢ়ৈ হাজাৰ টকাকৈ দিয়াৰো প্ৰতিশ্ৰুতি দিছে কংগ্ৰেছে।

শুকুৰবাৰে কংগ্ৰেছৰ ৰাজ্যিক সভাপতি ৰাজেশ কুমাৰে বিহাৰৰ নিৰ্বাচনক আগত ৰাখি কেইবাটাও প্ৰকল্পৰ কথা ঘোষণা কৰে। তেওঁ কয়, “বিহাৰত আমি মহিলাৰ বাবে বিশেষ প্ৰস্তুতি লৈছো। মহিলাসকলক ছেনিটেৰী পেড দিয়া হ’ব। এই ছেনিটেৰী পেডসমূহ আমাৰ দলে প্ৰতিগৰাকী মহিলাৰ হাতত দিব।”

কিন্তু ছেনিটেৰী পেডৰ পেকেটত ৰাহুল গান্ধীৰ ছবি থকাৰ কথা লৈ বিজেপিয়ে আপত্তি তুলিছে। বিজেপিৰ মুখপাত্ৰ প্ৰদীপ ভাণ্ডাৰীৰ দাবী, ছেনিটেৰী পেডত ৰাহুল গান্ধীৰ ছবি দি কংগ্ৰেছে মহিলাসকলৰ অপমান কৰিছে। তেওঁলোক নাৰীবিৰোধী দল। বিহাৰৰ মহিলাসকলে কংগ্ৰেছ আৰু আৰজেডিক শিক্ষা দিব।

এই বিতৰ্কই বিহাৰৰ নিৰ্বাচনী পৰিৱেশক আৰু উত্তপ্ত কৰিছে। কংগ্ৰেছৰ এই কাৰ্যসূচীয়ে ভোটাৰৰ মন জয় কৰিব নে, বিপৰীতে সমালোচনাৰ মুখত পৰিব, সেয়া সময়েহে ক’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ…

ক’কৰোচ জনতা পাৰ্টীৰ প্ৰতিবাদলৈ সমৰ্থন বলীউডৰ তাৰকাৰ। ৰিচা চাড্ডা...

ডায়েট ডিব্ৰুগড়ত সম্পন্ন শিশু বৈজ্ঞানিক প্ৰদৰ্শনী

বিকশিত আৰু স্বাৱলম্বী ভাৰতৰ বাবে ষ্টেম শীৰ্ষক বিষয়বস্তুক আধাৰ...

পুনৰ গুৱাহাটীত যুৱতীৰ ৰহস্যজনক মৃত্যু

পুনৰ চাঞ্চল্যকৰ ঘটনাই জোকাৰিছে গুৱাহাটী মহানগৰী। ৰহস্যজনক অৱস্থাত উদ্ধাৰ...

কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা, আতংকিত ৰাইজ

পুনৰ কলিয়াবৰত চাঞ্চল্যকৰ ঘটনা। নিশা নহয় এইবাৰ দিন-দুপৰতেই চাঞ্চল্যকৰ...