ইমাৰ্জেন্সিক লৈ নাম নোলোৱাকৈয়ে কংগ্ৰেছক সমালোচনা প্ৰধানমন্ত্ৰী মোদীৰ

‘মন কী বাত’ অনুষ্ঠানত পুনৰ এবাৰ জৰুৰী অৱস্থাৰ প্ৰসঙ্গ উত্থাপন কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। নাম উল্লেখ নকৰাকৈ কংগ্ৰেছৰ ওপৰত আক্ৰমণ কৰে তেওঁ। দেওবাৰে মোদীৰ এই অনুষ্ঠানত গুৰুত্ব আৰোপ কৰা হৈছিল ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ দ্বাৰা জাৰি কৰা জৰুৰী অৱস্থাৰ ওপৰত। মোদীৰ দাবী, এই জৰুৰী অৱস্থা ইতিহাসৰ ক’লা অধ্যায়ৰ ভিতৰত এটা! তেওঁ কয়, “যিসকলে জৰুৰী অৱস্থা জাৰি কৰিছিল, তেওঁলোকে কেৱল সংবিধানৰ চেতনাৰ হত্যাই কৰা নাছিল, বৰঞ্চ দেশৰ ন্যায়ব্যৱস্থাকো পুতলাত পৰিণত কৰিছিল।”

১৯৭৫ চনত দেশত জৰুৰী অৱস্থা জাৰি হৈছিল। এই বছৰত জৰুৰী অৱস্থাৰ ৫০ বছৰ অতিক্ৰম কৰিছে। বিজেপিয়ে দেশজুৰি এই দিনটোক ‘সংবিধান হত্যা দিৱস’ হিচাপে পালন কৰিছে। সেই প্ৰসঙ্গ উল্লেখ কৰি মোদীয়ে দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানত কয়, “আমি তেওঁলোকক স্মৰণ কৰিব লাগিব, যিসকলে জৰুৰী অৱস্থাৰ বিৰুদ্ধে সাহসেৰে যুঁজিছিল। এই সংগ্ৰামে আমাক সংবিধান ৰক্ষাৰ ক্ষেত্ৰত অধিক সতৰ্ক হ’বলৈ প্ৰেৰণা দিয়ে।”

দেওবাৰে ‘মন কী বাত’ অনুষ্ঠানৰ সময়ত দুজন প্ৰাক্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশাই আৰু অটলবিহাৰী বাজপেয়ীৰ জৰুৰী অৱস্থাৰ সময়ৰ অডিঅ’ বাৰ্তা শুনোৱা হৈছিল। সেই অডিঅ’ বাৰ্তাত বাজপেয়ীয়ে জৰুৰী অৱস্থাৰ সময়ত মানুহৰ ওপৰত হোৱা অত্যাচাৰৰ কথা বৰ্ণনা কৰিছিল।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

শিক্ষকৰ আৰ্জিত ছুটি সম্পৰ্কত ৰাজ্য চৰকাৰৰ কেবিনেটে লোৱা সিদ্ধান্তক আদৰণি সদৌ অসম কৰ্মচাৰী পৰিষদৰ

শিক্ষক সমাজৰ দীৰ্ঘদিনীয়া দাবী সম্পৰ্কত আজি ৰাজ্য চৰকাৰৰ কেবিনেটে...

চেক বাউন্স গোচৰত অন্তৱৰ্তীকালীন জামিন লাভ ৰাজপাল যাদৱৰ

হিন্দী চিনেমাৰ প্ৰবীণ অভিনেতা তথা কমেডিয়ান ৰাজপাল যাদৱে কিছুদিনৰ...

হোজাইত সক্ৰিয় ৰূপত খাদ্য সুৰক্ষা বিভাগ; ছীল কৰিলে ২খনকৈ হোটেল

হোজাইত খাদ্য সুৰক্ষা বিভাগৰ অভিযান। হোজাইৰ দেৱস্থান অঞ্চলত খাদ্য...