অপৰাধীৰ ৰম্যভূমিলৈ পৰিণত হৈছে নেকি গুৱাহাটী?

ৰাজ্যৰ একাধিক স্থানত সংঘটিত হৈছে অপৰধাজনিত ঘটনা। নগ্নতা আৰু অসভ্যালিৰ সীমা চেৰাই যোৱা নৈশ গুৱাহাটী। সভ্য সমাজক লজ্জানত কৰা নিশাৰ গুৱাহাটী। একাংশ নৱ প্ৰজন্মৰ উশৃঙ্খলতাই আবৰি ৰখা গুৱাহাটী। আকৌ ৰক্তাক্ত। আন্ধাৰ নামি অহা মানেই অসভ্য, উশৃঙ্খল হৈ পৰে গুৱাহাটীৰ একাংশ যুৱক-যুৱতী। নিশা গভীৰ হ’লে গুৱাহাটীৰ ৰাজপথত দেখা যায় নিচাসক্ত যুৱক-যুৱতীৰ তাণ্ডৱ। বহু সময়ত এই উশৃঙ্খল যুৱক-যুৱতীয়ে ৰাজধানী গুৱাহাটীত সৃষ্টি কৰি আহিছে বহু অপ্ৰীতিকৰ পৰিস্থিতিৰ। নিয়ন্ত্ৰণহীন এইখন গুৱাহাটীতে শনিবাৰে পুৱতি নিশা সংঘটিত হ’ল আন এক নৃশংস ঘটনা। প্ৰেমৰ বাবেই চুৰি আৰু সুৰাৰ বটলেৰে উপৰ্যুপৰি আক্ৰমণ কৰা হ’ল এগৰাকী ২০ বছৰীয়া যুৱতীক। পুৱতি নিশা ৪-৩০ মান বজাত গুৱাহাটীৰ গণেশগুৰি গণেশ মন্দিৰৰ সমীপৰ পাঞ্জাবী গলীৰ সন্মুখতে এগৰাকী যুৱতী সন্মুখীন হয় নৃশংস আক্ৰমণৰ। যুৱতী গৰাকীৰ পেটত আৰু মূৰত স্পষ্ট আঘাতৰ চিন। ৰাজপথত বগৰাই উপৰ্যুপৰি প্ৰহাৰ কৰা হৈছিল যুৱতী গৰাকীক। কিন্তু কিয়? কোনে আক্ৰমণ কৰিলে ২০ বছৰীয়া যুৱতীগৰাকীক। ঘটনাৰ লগত জড়িত থকাৰ অভিযোগত দিছপুৰ আৰক্ষীয়ে আটক কৰিছে ৰাজু বৰ্মন নামৰ এজন ৰেপিড’ চালকক।

আঘাতপ্ৰাপ্ত যুৱতীগৰাকী শনিবাৰে দিনৰ ভাগত উপস্থিত হয় দিছপুৰ আৰক্ষী থানাত। ঘটনা সন্দৰ্ভত যুৱতীগৰাকীক সাংবাদিকে কৰা প্ৰশ্নত বিপৰীত ভাষ্য প্ৰদান কৰে। নিকি বড়ো নামৰ এগৰাকী যুৱতীয়ে হেনো আক্ৰমণ কৰিছিল যুৱতীগৰাকীক।

কিন্তু কিয় আক্ৰমণৰ বলি হ’ল যুৱতীগৰাকী? NKTVৰ হাতত পৰা তথ্য মতে ৰেপিডি’ চালক ৰাজু বৰ্মনেৰে প্ৰেমৰ সম্পৰ্ক আছিল নিকি বড়ো নামৰ এগৰাকী যুৱতীৰ। দুয়োৰে প্ৰেমৰ মাজত হেঙাৰ হিচাপে থিয় দিছিল আনগৰাকী যুৱতী। আৰু দুয়োৰে সম্পৰ্কত মাজত থিয় দিয়াৰ বাবেই এই ভয়ংকৰ পৰিণতি। ত্ৰিকোণীয়া প্ৰেমৰ এইয়া নৃশংস ঘটনা। সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত।ৰাজুৰ লগতে মৰ্জিনা আৰু নিকিকো সোধা-পোচা অব্যাহত ৰাখিছে আৰক্ষীয়ে। আৰক্ষীৰ সঠিক তদন্তত পোহৰলৈ আহিব ঘটনাৰ প্ৰকৃত সত্য। কিন্তু নিশাৰ গুৱাহাটীত একাংশ যুৱক-যুৱতীৰ এই উশৃঙ্খলতাই যে ভৱিষ্যত দিনত সামগ্ৰীক ভাবে গুৱাহাটীখনকে বিৰূপ প্ৰভাব পেলাব সেয়া নিশ্চিত।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...