ব্লেক মেজিক নিষিদ্ধ কৰিবলৈ আইন আনিব পৰা নাই কিয়? অসন্তুষ্ট উচ্চ ন্যায়ালয়

ক’লা যাদু আৰু যাদুবিদ্যা নিষিদ্ধ কৰিবলৈ কিয় আইন প্ৰণয়ন কৰা হোৱা নাই? কেৰালা চৰকাৰৰ অৱস্থানত অসন্তুষ্ট হৈছে কেৰালা হাইকোৰ্ট। চৰকাৰক আদালতে তীব্ৰ সমালোচনা কৰিছে। তথাপিও কেৰালা চৰকাৰে নিজৰ অৱস্থানৰ সমৰ্থনত যুক্তি দাঙি ধৰিছে। তেওঁলোকে জনাইছে যে, এনে কোনো আইন প্ৰণয়ন কৰা নহ’ব বুলি ৰাজ্যৰ মন্ত্ৰীসভাত সিদ্ধান্ত লোৱা হৈছে।

‘Kerala Yukthi Vadhi Sangham’ নামৰ এটা সংগঠনে ক’লা যাদু, যাদুবিদ্যা আৰু তেনে ধৰণৰ ‘অমানৱীয়’ প্ৰথাৰ বিৰুদ্ধে হাইকোৰ্টত জনস্বাৰ্থ জড়িত গোচৰ দাখিল কৰিছিল। সেই গোচৰটো শুনানিৰ বাবে আছিল কেৰালা হাইকোৰ্টৰ মুখ্য ন্যায়াধীশ নীতিন জমদাৰ আৰু ন্যায়াধীশ বসন্ত বালাজিৰ ডিভিচন বেঞ্চ। ২০১৯ চনত ছুপ্ৰিম কোৰ্টৰ প্ৰাক্তন ন্যায়াধীশ কেটি থমাছৰ নেতৃত্বত এখন বিলৰ অনুমোদন দিয়া হৈছিল। সেই ‘কেৰালা অমানৱিক অভ্যাস, যাদুবিদ্যা, ক’লা যাদু প্ৰতিৰোধ বিল’ক আইনলৈ ৰূপান্তৰিত কৰাৰ বাবে গোচৰকাৰী সংগঠনে আদালতত আৱেদন জনাইছিল। কেৰালা চৰকাৰে জনাইছে যে, এই বিল আইনলৈ ৰূপান্তৰিত কৰা হোৱা নাই। ৰাজ্যৰ মন্ত্ৰীসভাই এই সিদ্ধান্ত গ্ৰহণ কৰিছে। শাৰীৰিক ক্ষতি হ’ব পৰা যিকোনো প্ৰথা নিষিদ্ধ কৰিবলৈ এই বিলত কোৱা হৈছিল। কিন্তু কেৰালা চৰকাৰে এই বিষয়ত সম্পূৰ্ণৰূপে একমত হ’ব পৰা নাই।

গোচৰটোৰ শুনানিৰ সময়ত চৰকাৰৰ পক্ষৰ অধিবক্তাই জনাইছে যে, আদালতে এনে কোনো আইন প্ৰণয়নৰ বাবে বাধ্য কৰিব নোৱাৰে। এনে কোনো বাধ্যতামূলক নিৰ্দেশ জাৰি কৰিব নোৱাৰি। কাৰণ, এইটো নিৰ্বাহী নীতিৰ (এগজিকিউটিভ পলিচি) অধীনত পৰে। চৰকাৰৰ এই অৱস্থানত অসন্তোষ প্ৰকাশ কৰিছে কেৰালা হাইকোৰ্ট। মুখ্য ন্যায়াধীশৰ ডিভিচন বেঞ্চে কেৰালা চৰকাৰক ক’লা যাদু আৰু যাদুবিদ্যাৰ প্ৰসাৰ ৰোধৰ বাবে বিকল্প ব্যৱস্থাৰ প্ৰস্তাৱ দিবলৈ নিৰ্দেশ দিছে।

ক’লা যাদু আৰু যাদুবিদ্যা সম্পৰ্কে কেৰালা চৰকাৰৰ অৱস্থান স্পষ্টভাৱে জানিবলৈ আদালতে দাবী কৰিছে। পৰ্যবেক্ষণত ন্যায়াধীশসকলে কৈছে যে, চৰকাৰে ক’লা যাদুক সমৰ্থন কৰে বা এই প্ৰথা নিৰ্মূল কৰিব নিবিচাৰে, তেনে কোনো কথা চৰকাৰৰ উত্তৰত স্পষ্ট হোৱা নাই। কিন্তু এই বিষয়ত আইন প্ৰণয়ন নকৰাৰ যি অৱস্থান চৰকাৰে লৈছে, তাৰ দ্বাৰা ক’লা যাদুক সমৰ্থন কৰাৰ কথাই প্ৰতিফলিত হয়। যিকোনো আইন প্ৰণয়ন বিধানসভাৰ ওপৰত নিৰ্ভৰ কৰে। সেয়েহে আদালতে ৰাজ্য চৰকাৰক আইন প্ৰণয়নৰ বাবে বাধ্য কৰিব নোৱাৰে। ন্যায়াধীশসকলে এই কথা মানি লৈছে। তথাপিও তিনি সপ্তাহৰ ভিতৰত এই বিষয়ত কেৰালা চৰকাৰৰ পৰা বিস্তাৰিত প্ৰতিবেদন দাখিল কৰিবলৈ কোৱা হৈছে। আগন্তুক ১৫ জুলাইত কেৰালা হাইকোৰ্টত এই গোচৰৰ পুনৰ শুনানি হ’ব।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

AC নোহোৱাকৈয়ে কমাব পাৰিব কোঠাৰ ভিতৰৰ আৰ্দ্ৰতা: ঘৰখনক আৰামদায়ক কৰি ৰাখিবলৈ কিছু সহজ টিপছ

বৰ্ষাকাল বা বাৰিষাৰ আগমন নিশ্চয়কৈ এক সকাহজনক খবৰ। কিন্তু...

প্ৰধানমন্ত্ৰী মোদী বিশ্বৰ অন্যতম শক্তিশালী নেতা: ২০১৯ৰ MAN vs WILDৰ স্মৃতি ৰোমন্থন বিয়েৰ গ্ৰিলছৰ

ব্ৰিটেইনৰ প্ৰখ্যাত দুঃসাহসী অভিযাত্রী তথা জনপ্ৰিয় দূৰদৰ্শন ব্যক্তিত্ব বিয়েৰ...