ইৰাণে যদি পুনৰ ইউৰেনিয়াম সমৃদ্ধকৰণ কাৰ্যসূচী আৰম্ভ কৰে, তেন্তে আমেৰিকাই আকৌ এবাৰ আক্ৰমণ চলাব! এই দাবী কৰিছে আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে। বৰ্তমান তেওঁ সামৰিক জোট ‘নেটো’ৰ সন্মিলনত যোগ দিবলৈ নেদাৰলেণ্ডৰ দ্য হেগ চহৰত আছে। তাতেই সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই মন্তব্য কৰে ট্ৰাম্পে। যদিও তেওঁ এনে সম্ভাৱনা নাই বুলিও ভাবে। ট্ৰাম্পৰ দাবী, আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ পৰমাণু কেন্দ্ৰবোৰৰ এনে অৱস্থা হৈছে যে, সেইবোৰ পুনৰ নিৰ্মাণ কৰাটো অতি কঠিন।
শেহতীয়াকৈ আমেৰিকাৰ গোপনীয় সংস্থাৰ এখন প্ৰাৰম্ভিক প্ৰতিবেদনত কোৱা হৈছে যে, আমেৰিকাৰ আক্ৰমণৰ পিছত ইৰাণৰ পৰমাণু কাৰ্যসূচী মাত্ৰ কেইমাহমান পিছুৱাই গৈছে। কিন্তু ট্ৰাম্প এই দাবীৰ সৈতে একমত নহয়। তেওঁৰ মতে, সেইখন এখন অসম্পূৰ্ণ প্ৰতিবেদন। আমেৰিকাৰ আক্ৰমণৰ ফলত ইৰাণৰ পৰমাণু কাৰ্যসূচী কেইবা দশক পিছুৱাই গৈছে বুলি তেওঁ ভাবে। বুধবাৰৰ ৰাতিপুৱা দ্য হেগত সাংবাদিকৰ আগত এই কথা জনায় ট্ৰাম্পে। মাৰ্কিন গোপনীয় সংস্থাৰ প্ৰতিবেদনৰ প্ৰসংগত তেওঁ কয়, “তেওঁলোকে সঁচাকৈ নাজানে।” ইৰাণৰ পৰমাণু কেন্দ্ৰত আমেৰিকাই ‘বিধ্বংসী’ আক্ৰমণ চলাইছে বুলিও ট্ৰাম্পৰ মত। তেওঁ কয়, “গোপনীয় সংস্থাই জনাইছে, তেওঁলোকে নাজানে। এই আক্ৰমণৰ ফলত ক্ষয়-ক্ষতি গুৰুতৰ হ’ব পাৰে। এয়াও তেওঁলোকে কৈছে।”
ইৰাণে যদি পুনৰ পৰমাণৱিক কামৰ বাবে ইউৰেনিয়াম সমৃদ্ধকৰণ আৰম্ভ কৰে, তেন্তে আমেৰিকাই আকৌ আক্ৰমণ চলাবনে? বুধবাৰৰ পুৱা ট্ৰাম্পক এই প্ৰশ্ন সোধা হৈছিল। তাৰ উত্তৰত তেওঁ কয়, “নিশ্চয়।” যদিও ইৰাণৰ এতিয়া তেনে কোনো পৰিকল্পনা নাই বুলি তেওঁৰ ধাৰণা। তেওঁৰ মতে, ইৰাণে এতিয়া হয়তো ইউৰেনিয়াম সমৃদ্ধকৰণৰ কথা নাভাবে। এতিয়া তেওঁলোকে এই দুৰ্যোগৰ পৰা ওলাবলৈ চেষ্টা কৰিছে। ট্ৰাম্পে কয়, “আপুনি ভাবেনে, এনে পৰিস্থিতিৰ পিছতো তেওঁলোকে ক’ব, ব’লা এটা বোমা বনাওঁ?”
ইৰাণে কোনো ধৰণেৰে পৰমাণু বোমা তৈয়াৰ কৰিব নোৱাৰে বুলি ট্ৰাম্পে আগতেও কেইবাৰ স্পষ্ট কৰিছে। বুধবাৰ তেওঁ পুনৰ তেওঁৰ অৱস্থান স্পষ্ট কৰে। তেওঁ কয়, “তেওঁলোকে বোমা বনাব নোৱাৰে। ইউৰেনিয়াম সমৃদ্ধও কৰিব নোৱাৰে।” ইৰাণ-ইজৰাইলৰ মাজৰ সংঘৰ্ষবিৰতি ‘ভালকৈ চলি আছে’ বুলিও আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে ভাবে।
