ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত

ইৰাণ–ইজৰাইলৰ যুদ্ধক লৈ উদ্বিগ্ন ভাৰত। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই বিমান আক্ৰমণ চলোৱাৰ পিছতে পৰিস্থিতিৰ অধিক অৱনতি ঘটাত উদ্বেগ প্ৰকাশ কৰে। দেওবাৰে ইৰাণৰ ৰাষ্ট্ৰপতি মাছুদ পেজেস্কিয়ানৰ সৈতে দীঘলীয়া বাৰ্তালাপত মিলিত হৈ প্ৰধানমন্ত্ৰী মোদীয়ে মধ্যপ্ৰাচ্যৰ পৰিস্থিতি স্বাভাৱিক কৰি তোলাৰ ওপৰত গুৰুত্ব আৰোপ কৰে। মধ্যপ্ৰাচ্যৰ পৰিস্থিতিক লৈ উদ্বিগ্ন প্ৰধানমন্ত্ৰী মোদীয়ে ইৰাণৰ ৰাষ্ট্ৰপতি পেজেস্কিয়ানৰ সৈতে প্ৰায় ৪৫ মিনিট সময় ধৰি বাৰ্তালাপ কৰে। ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাৰ আক্ৰমণৰ পিছতে প্ৰধানমন্ত্ৰী মোদীৰ সৈতে টেলিফোনেৰে যোগাযোগ কৰে ৰাষ্ট্ৰপতি পেজেস্কিয়ানে। দীৰ্ঘসময় ধৰি দুয়োগৰাকী ৰাষ্ট্ৰনেতাই সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত আলোচনা কৰে। মধ্যপ্ৰাচ্যৰ সাম্প্ৰতিক পৰিস্থিতি সম্পৰ্কত মোদীক অৱগত কৰে ইৰাণৰ ৰাষ্ট্ৰপতিয়ে। ভাৰতক ইৰাণৰ বন্ধু ৰাষ্ট্ৰ আখ্যা দি ৰাষ্ট্ৰপতি পেজেস্কিয়ানে অঞ্চলটোলৈ শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা ঘূৰাই অনাৰ ক্ষেত্ৰত সহযোগ কৰিবলৈ মোদীক আহ্বান জনায়। শেহতীয়া পৰিস্থিতিক লৈ ভাৰতে গ্ৰহণ কৰা স্থিতিৰ বাবে প্ৰধানমন্ত্ৰী মোদীক ধন্যবাদ জ্ঞাপন কৰে। আলোচনা প্ৰসংগত প্ৰধানমন্ত্ৰী মোদীয়ে ইৰাণ-ইজৰাইলৰ যুদ্ধই সৃষ্টি কৰা উত্তেজনা প্ৰশমিত কৰাৰ লগতে আলোচনা আৰু কুটনীতিৰ জৰিয়তে অঞ্চলটোলৈ শান্তি, নিৰাপত্তা আৰু সুস্থিৰতা ঘূৰাই অনাৰ ব্যৱস্থা কৰিবলৈ ৰাষ্ট্ৰপতি পেজেস্কিয়ানক আহ্বান জনায়। শান্তি আৰু সুস্থিৰতাৰ বাবে তাৎক্ষণিকভাৱে উত্তেজনা প্ৰশমিত কৰাটোৱে একমাত্ৰ বিকল্প বুলি প্ৰকাশ কৰে প্ৰধানমন্ত্ৰী মোদীয়ে। ইপিনে, ইৰাণৰ পাৰমাণৱিক কেন্দ্ৰত আমেৰিকাই চলোৱা আক্ৰমণৰ ঘটনাক গৰিহণা দিয়ে পাকিস্তানেও। মাৰ্কিন আক্ৰমণে মধ্য প্ৰাচ্যত পুনৰ উত্তেজনা বৃদ্ধি কৰিব বুলি দাবী কৰে পাকিস্তানে।

NKTV Digital
Author: NKTV Digital

Popular

More like this
Related

ছাত্ৰ-ছাত্ৰী আৰু ৰোগীসকলৰ বাবে ভাল খবৰ! শিক্ষা আৰু চিকিৎসাৰ বাবে বহিঃদেশলৈ ধন প্ৰেৰণৰ ব্যয় হ্ৰাস পালে…

কেন্দ্ৰীয় বাজেট ২০২৬-২৭ত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে *লিবাৰেলাইজড ৰেমিটেন্স স্কিম...

কোন হ’ব NCPৰ ৰাজ্যিক সভাপতি? উপ-মুখ্যমন্ত্ৰীৰ পিছত এতিয়া সভাপতি পদটোক লৈ চলিছে জল্পনা-কল্পনা

নেচনেলিষ্ট কংগ্ৰেছ পাৰ্টি (NCP)-ৰ কাৰ্যকৰী সভাপতি প্ৰফুল্ল পেটেলে দেওবাৰে...

ভাৰতৰ বাবে বায়’লজিক ঔষধ কেনেকৈ গেম চেঞ্জাৰ হ’ব?

নতুন কেন্দ্ৰীয় বাজেটত বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে বায়'লজিকেল ঔষধ (Biologic...

বিচিচিআই ছিনিয়ৰ মহিলাৰ এদিনীয়া প্ৰতিযোগিতালৈ অসমৰ দল ঘোষণা

৬ ফেব্ৰুৱাৰীৰ পৰা ৰাজকোটত হ’বলগীয়া বি চি চি আই...