শনিবাৰে গভীৰ নিশা আমেৰিকাই ইৰাণৰ তিনিটা পৰমাণু কেন্দ্ৰত আক্ৰমণ চলায়। মাৰ্কিন ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পে দাবী কৰে যে, তিনিওটা কেন্দ্ৰই ‘মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত’ হৈছে। ইৰাণৰ ফালৰ পৰা ক্ষয়ক্ষতি বিশেষ নহয় বুলি দাবী কৰা হৈছে যদিও ট্ৰাম্পে তেওঁৰ এটাৰ পিছত আন এটা পোষ্টৰ জৰিয়তে সেই দাবী খণ্ডন কৰিছে। উপগ্ৰহৰ ছবিতো তেনে ইংগিত পোৱা গৈছে। এনে পৰিস্থিতিত মাৰ্কিন উপ-ৰাষ্ট্ৰপতি জেডি ভান্সৰ এটা মন্তব্যই নতুনকৈ চৰ্চাৰ সৃষ্টি কৰিছে।
ইৰাণৰ সংগ্ৰহীত বিশুদ্ধ ইউৰেনিয়াম এতিয়াও অক্ষত আছে নে নাই, এই প্ৰশ্নৰ প্ৰত্যক্ষ উত্তৰ মাৰ্কিন উপ-ৰাষ্ট্ৰপতিয়ে দিয়া নাই। আমেৰিকা বা ইৰাণৰ কোনো ফালৰ পৰাই এই বিষয়ে এতিয়ালৈকে বিশ্বাসযোগ্য তথ্য পোৱা নাই। কিন্তু ভান্সৰ মন্তব্যত ইংগিত পোৱা গৈছে যে ইৰাণৰ সংগ্ৰহীত ইউৰেনিয়াম অক্ষত হৈয়ে আছে। দেওবাৰে এবিচি নিউজৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ভান্সে কয়, “মোৰ ধাৰণা, ইৰাণৰ পৰমাণু কেন্দ্ৰবোৰ মাৰাত্মকভাৱে ক্ষতিগ্ৰস্ত বা ধ্বংস হৈ গৈছে। তেওঁলোকৰ পৰমাণু কাৰ্যসূচীও যথেষ্ট পিছ পৰিছে।” ইয়াৰ পিছতেই ভান্সক প্ৰশ্ন কৰা হয়, ইৰাণৰ প্ৰায় ৯০০ পাউণ্ড বিশুদ্ধ ইউৰেনিয়ামৰ বৰ্তমানৰ অৱস্থা কি? উত্তৰত ভান্সে কয়, “অহা দিনবোৰত ট্ৰাম্প প্ৰশাসনে এইখিনিৰ কিবা এটা কৰাৰ কথা ভাবিব। এই বিষয়ে আমেৰিকাই ইৰাণৰ সৈতে আলোচনাতো বহিব।” বিশেষজ্ঞৰ এটা অংশৰ মতে, এই মন্তব্যৰ পিছত স্পষ্ট হৈছে যে, আমেৰিকাৰ আক্ৰমণত পৰমাণু কেন্দ্ৰবোৰ ক্ষতিগ্ৰস্ত হৈছে যদিও ইৰাণৰ সংৰক্ষিত বিশুদ্ধ ইউৰেনিয়ামৰ ওপৰত তেনে প্ৰভাৱ পৰা নাই।
ইজৰাইল-ইৰাণ সংঘাতত আমেৰিকাই ইৰাণৰ বিৰুদ্ধে প্ৰত্যক্ষভাৱে অস্ত্ৰ ধৰিব নে নাই, সেই বিষয়ে দুসপ্তাহৰ ভিতৰত চূড়ান্ত সিদ্ধান্ত ল’ব বুলি বিগত বৃহস্পতিবাৰে ট্ৰাম্পে জনাইছিল। কিন্তু তেওঁৰ সেই মন্তব্যৰ মাত্ৰ ৭২ ঘণ্টাৰ ভিতৰতে শনিবাৰে গভীৰ নিশা আমেৰিকাৰ সামৰিক বাহিনীয়ে ইৰাণৰ ফোৰড’, নাটান্জ আৰু ইস্ফাহান পৰমাণু কেন্দ্ৰত আক্ৰমণ চলায়। উল্লেখযোগ্য যে, ইৰাণে পৰমাণু গৱেষণাৰ সকলো কাম আৰম্ভণিৰে পৰা গোপনে ৰাখিছে। তেওঁলোকৰ সৰ্বাধিক সুৰক্ষিত পৰমাণু কেন্দ্ৰ এখন পাহাৰৰ তলত অৱস্থিত, মাটিৰ পৰা ৩০০ ফুট গভীৰতাত অৱস্থিত। বহুদিনলৈ এই কেন্দ্ৰৰ অস্তিত্ব কাৰোৰে জ্ঞাত নাছিল। ফলত ইৰাণে এই গৱেষণাত কিমান আগবাঢ়িছে, তাৰ বিষয়ে এতিয়াও সন্দেহ আছে। কিন্তু আন্তৰ্জাতিক পৰমাণু শক্তি সংস্থা (আইএইএ)-ৰ প্ৰতিবেদনত কোৱা হৈছে যে, ইৰাণৰ পৰমাণু কেন্দ্ৰত ৬০ শতাংশ পৰ্যন্ত বিশুদ্ধ ইউৰেনিয়াম আছে, যিটো উদ্বেগৰ বিষয়। এনেদৰে চলি থাকিলে ইৰাণে অচিৰেই পৰমাণু অস্ত্ৰৰ অধিকাৰী হ’ব পাৰে। ইয়াৰ মাজতে দেওবাৰে ‘নিউয়ৰ্ক টাইমছ’ৰ প্ৰতিবেদনত দুজন ইজৰাইলী শীৰ্ষ বিষয়াৰ উদ্ধৃতি দি জনোৱা হৈছে যে ফোৰড’ কেন্দ্ৰ ধ্বংস হোৱা নাই, ক্ষতিগ্ৰস্ত হৈছে। সূত্ৰৰ খবৰ অনুসৰি, ইৰাণে বেছিভাগ ইউৰেনিয়াম আগতীয়াকৈ স্থানান্তৰ কৰিছিল। তেওঁলোকৰ দাবী, ইৰাণৰ হাতত ৮৮০ পাউণ্ডৰ ৬০ শতাংশ বিশুদ্ধ ইউৰেনিয়াম মজুত আছিল, যিখিনি আক্ৰমণৰ আগতেই স্থানান্তৰ কৰা হৈছিল। আনফালে, ইৰাণৰ ফালৰ পৰাও জনোৱা হৈছে যে, পৰমাণু কেন্দ্ৰত আক্ৰমণ হৈছে যদিও এতিয়ালৈকে কোনো তেজষ্ক্ৰিয় বিকিৰণৰ খবৰ পোৱা নাই। গতিকে চিন্তাৰ কোনো কাৰণ নাই!